--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আশংকা কৰামতেই অৱশেষত ইজৰাইলৰ ওপৰত আক্ৰমণ চলালে ইৰানে। পুনৰ সূত্ৰপাত ঘটিল আন এক যুদ্ধৰ। পুনৰ নিৰীহৰ তেজেৰে  ৰক্তাক্ত হোৱাৰ দিশে মধ্যপ্ৰাচ্য। শনিবাৰে ভাৰতীয় সময় অনুসৰি শেষনিশা ইজৰাইলৰ ওপৰত ৩০০ৰো অধিক মিছাইল আৰু ড্ৰোন আক্ৰমণ ইৰানৰ। 

ইজৰাইলৰ বিৰুদ্ধে অপাৰেচন ট্ৰু প্ৰ’মিছ আৰম্ভ কৰিলে ইৰানী সেনাই। ১ এপ্ৰিলত ছিৰিয়াৰ ইৰানী দূতাবাসত ইজৰাইলে চলোৱা আক্ৰমণৰ প্ৰতিশোধকল্পে আক্ৰমণ ইৰানৰ। শনিবাৰে নিশা ইৰানৰ আক্ৰমণৰ লগে লগে ইজৰাইলত থৰকাচুটি হেৰুৱালে সাধাৰণ জনতাই। য’ত প্ৰাণ ৰক্ষাৰ চেষ্টা চলাওতে আহত হয় ১২জন ইজৰাইলী নাগৰিক। 

অৱশ্যে ৩০০ৰো অধিক ড্ৰোন–মিছাইল আক্ৰমণৰ ৯৯ শতাংশই প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে ইজৰাইলী সেনাই। কালি সংঘটিত আক্ৰমণত বহু সংখ্যক ড্ৰোন আৰু মিছাইল ধ্বংস কৰিছিল আমেৰিকাই। আনহাতে, অধিকাংশ আক্ৰমণ প্ৰতিহত কৰিছিল ইজৰাইলৰ আইৰণ ডোম ছিষ্টেমে। দৰাচলতে ইৰান আৰু ইজৰাইলৰ সীমান্তৰ দূৰত্ব কমেও ১৮শ কিলোমিটাৰ। 

তেনেস্থলত প্ৰায় ডেৰ হাজাৰ কিলোমিটাৰ দূৰত্বৰ উৰণৰ অন্তত ইজৰাইলত আক্ৰমণ চলাইছিল ইৰানৰ ড্ৰোন আৰু মিছাইলে। যাৰ বাবে ইৰান নিক্ষেপিত বহুসংখ্যক ড্ৰোন আৰু মিছাইল মাজবাটতে ধ্বংস কৰিছিল জৰ্দানৰ সেনাই। 

অৱশ্যে এই মুহূৰ্তলৈ ইৰানৰ আক্ৰমণৰ কোনো জবাব দিয়া নাই ইজৰাইলে। কিয়নো, ইৰানৰ বিৰুদ্ধে আক্ৰমণ চলোৱাৰ ক্ষেত্ৰত ইজৰাইলক সমৰ্থন নকৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আমেৰিকাই। এই ক্ষেত্ৰত ইৰানক প্ৰত্যুত্তৰ নিদিয়াৰ বাবে আহ্বান জনাইছে আমেৰিকাই। কিন্তু ইজৰাইলয়ে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে ইতিমধ্যে সাজু কৰিছে নিজৰ সেনাবাহিনী। 

তাৰ বিপৰীতে ইজৰাইলে আক্ৰমণ চলালে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব বুলি হুংকাৰ দিছে ইৰানে। ইপিনে, ইজৰাইলৰ আক্ৰমণৰ পাছতে দেশখনৰ সংসদ মুখৰিত হৈ পৰিলে ইজৰাইল মুৰ্দাবাদ ধ্বনিৰে। একেদৰে ইৰানৰ ৰাজপথত আক্ৰমণৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনতা।

ইপিনে, ছিৰিয়া আৰু য়েমেনৰ পৰাও ইৰানে ইজৰাইলৰ বিৰুদ্ধে নিক্ষেপ কৰিছে মিছাইল। ইৰানৰ দাবী আক্ৰমণত ইজৰাইলৰ ক্ষতিৰ পৰিমাণ ৯০০ কোটিৰো অধিক। আনহাতে, ইজৰাইলক সমৰ্থন কৰিলে আমেৰিকাৰ ঘাটিত আক্ৰমণৰো হুংকাৰ দিছে ইৰানে। ইপিনে, ইৰানৰ আক্ৰমণৰ ৭ ঘণ্টাৰ পাছত নিজৰ এয়াৰ স্পেছ পুনৰ মুকলি কৰিছে ইজৰাইলে। কিয়নো ৰাষ্ট্রসংঘত এই আক্ৰমণ অধিক দীঘলীয়া নকৰাৰ কথা ঘোষণা কৰিছে ইৰানে। 

ইপিনে, চীন, ৰাছিয়াৰ লগতে ভাৰতে শীঘ্ৰেই দুই দেশৰ মাজত বাৰ্তালাপৰ জৰিয়তে বিবাদ মীমাংসাৰ আহ্বান জনাইছে। সংঘাতৰ পাছতে G-7 ৰাষ্ট্রৰে বৈঠকত মিলিত হ’ব মাৰ্কিন ৰাষ্ট্রপতি জ’ বাইডেন। তাৰ মাজতে নিজৰ নাগৰিকক লৈ ভাৰত চৰকাৰে অৱলম্বন কৰিছে সতৰ্কতা। হেল্পলাইন নম্বৰ জাৰি কৰাৰ লগতে ইৰান আৰু ইজৰাইললৈ যাত্ৰীবাহী বিমানৰ যাত্ৰা বাতিল কৰিব পাৰে ভাৰতে। কালি ভাৰত অভিমুখী এখন জাহাজ জব্দ কৰিছিল ইৰানৰ সেনাই। য’ত আছিল ১৭ গৰাকী ভাৰতীয় চালকদলৰ সদস্য। দুই ৰাষ্ট্রৰ যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পাৰে ভাৰতৰ খাৰুৱাতেল আমদানিৰ প্ৰক্ৰিয়া। বাধাগ্ৰস্ত হ’ব পাৰে দুই দেশৰে থকা ১.১ লাখ কোটিৰ বাণিজ্য। ইতিমধ্যে লোহিত সাগৰত তহল দিছে বিশাল মাৰ্কিন ৰণতৰী USS আইজেনহাৱাৰে। ইজৰাইলক আমেৰিকাৰ লগতে সমৰ্থন ফ্ৰান্স, ব্ৰিটেইন, জৰ্দানৰ দৰে ৰাষ্ট্রৰ। আনহাতে, ইৰাণৰ পক্ষত আছে য়েমেন, ছিৰিয়া, লেবাননৰ দৰে বহু ৰাষ্ট্র। ইজৰাইলৰ ৬ লাখ ৭০ হাজাৰ সৈন্যৰ বিপৰীতে ইৰানৰ হাতত আছে ১১ লাখ ৮০ হাজাৰ সৈন্য। তাৰ বিপৰীতে ইজৰাইলৰ হাতত আছে বিশ্বৰ অন্যতম শক্তিশালী বায়ুসেনা বাহিনী। তেনেস্থলত এতিয়া ইজৰাইলৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰতে নিৰ্ভৰ কৰিছে সমগ্ৰ ঘটনাক্ৰম। যদিহে ইজৰাইলে ইৰানৰ বিৰুদ্ধে আক্ৰমণ সূচনা কৰে তেন্তে আন এক ভংয়কৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটিব মধ্যপ্ৰাচ্যত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক