--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিম্ন উচ্চতাৰ পৰা উৰা যুঁজাৰু বিমান, ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নৰ অৱস্থিতি পৰ্বত এলেকাৰ পৰা ধৰা পেলাবলৈ সক্ষম হ’ব এই মাউণ্টেইন ৰাডাৰে।

ডিজিটেল ডেস্ক : শত্রুপক্ষৰ যুঁজাৰু বিমানক চিনাক্ত কৰিবলৈ ভাৰতীয় বায়ু সেনাই থলুৱাভাৱে নির্মিত দুখন শেহতীয়া প্ৰযুক্তি ‘মাউণ্টেইন ৰাডাৰ’ শীঘ্ৰেই লাভ কৰিব।


নিম্ন উচ্চতাৰ পৰা উৰা যুঁজাৰু বিমান, ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নৰ অৱস্থিতি পৰ্বত এলেকাৰ পৰা ধৰা পেলাবলৈ সক্ষম হ’ব এই মাউণ্টেইন ৰাডাৰে। 


প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, এই ‘মাউণ্টেইন ৰাডাৰ’ লাডাখ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ দৰে স্পৰ্শকাতৰ তথা কৌশলগত ঠাইত উপযোগী হ'ব। হেলিকপ্টাৰৰ জৰিয়তে এই ৰাডাৰ পদ্ধতি অধিক উচ্চতাৰ অঞ্চলবোৰত মোতায়েন কৰা হ'ব। 


এই বিষয়ত প্ৰতিৰক্ষা ম্যালয়ে ভাৰত ইলেক্ট্রনিকছ লিমিটেডৰ (বি ইএল) সৈতে ১৯৫০ কোটি টকাৰ এখন চুক্তিত স্বাক্ষৰ কৰিছে। 


প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ (ডি আৰ ডি অ') বেংগালুৰুস্থিত এটা গৱেষণাগাৰত এই ‘মাউণ্টেইন ৰাডাৰ’ৰ ডিজাইন আৰু বিকশিত কৰা হৈছে। 


বি ই এলে এই ‘মাউণ্টেইন ৰাডাৰ’ৰ নিৰ্মাণ আৰু যোগান ধৰিব।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement