--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বিষাক্ত সুৰাৰ প্ৰভাৱ ইমানেই ভয়াবহ আছিল যে কেইবাজনো লোকে নিজৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে।

ডিজিটেল ডেস্কঃ বিহাৰৰ পূব চম্পাৰণ জিলাত পুনৰ সংঘটিত হৈছে এক শোকাৱহ বিষাক্ত সুৰা ট্ৰেজেডী। জিলাখনৰ বালগংগা গাঁৱত বিষাক্ত সুৰাপান কৰি অতি কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


খবৰ অনুসৰি, বুধবাৰে সন্ধিয়া গাঁওখনৰ কেইবাজনো লোকে স্থানীয়ভাৱে তৈয়াৰী সন্দেহজনক সুৰা সেৱন কৰিছিল। সুৰা সেৱনৰ কিছু সময় পিছৰে পৰা তেওঁলোকৰ শৰীৰত তীব্ৰ বিষ, মূৰ ঘূৰোৱা আৰু বমিৰ দৰে লক্ষণ দেখা দিয়ে। মৃত লোকসকলক ক্ৰমে প্ৰমোদ যাদৱ, চান্দু কুমাৰ, পৰিশান মাঝি বুলি চিনাক্ত কৰা হৈছে। আন এজন মৃত ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।


এই বিষাক্ত সুৰাৰ প্ৰভাৱ ইমানেই ভয়াবহ আছিল যে কেইবাজনো লোকে নিজৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে। লোহে ঠাকুৰ নামৰ এজন ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত কয়,"আমি ইয়াক সাধাৰণ সুৰা বুলিয়েই ভাবিছিলোঁ, কিন্তু ইয়াত স্পিৰিট মিহলি আছিল। মোৰ এজন বন্ধুৱে এতিয়া চকুৰে একো নেদেখা হৈছে আৰু মই নিজেও ভীষণ অসুস্থ অনুভৱ কৰিছোঁ।"


ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি নাগা ৰায় নামৰ এজন অভিযুক্তক জিম্মাত লৈছে। তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। অভিযোগ অনুসৰি, নগা ৰায়েই গাঁওবাসীক এই বিষাক্ত সুৰা যোগান ধৰিছিল। আৰক্ষীৰ ভয়ত বহু লোকে এতিয়াও চৰকাৰী চিকিৎসালয়লৈ নোযোৱাকৈ ঘৰতে গোপনে চিকিৎসা লৈ থকা বুলি জানিব পৰা গৈছে।



বিহাৰত সুৰা নিষিদ্ধ থকাৰ স্বত্বেও এনেদৰে বিষাক্ত সুৰাৰ ফলত মৃত্যু হোৱা ঘটনাই নীতিশ কুমাৰ চৰকাৰৰ সুৰা বিৰোধী আইনৰ সফলতাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে, দুই বছৰ পূৰ্বে মোতিহাৰীত সংঘটিত অনুৰূপ এক ঘটনাত ৪২ জন লোকৰ মৃত্যু হৈছিল।


চিকিৎসকৰ মতে, এই সুৰাত মিথানল বা ঔদ্যোগিক স্পিৰিট ব্যৱহাৰ কৰাৰ ফলতেই মানুহৰ মৃত্যু আৰু অন্ধতাৰ দৰে ঘটনা সংঘটিত হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু