--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বিষাক্ত সুৰাৰ প্ৰভাৱ ইমানেই ভয়াবহ আছিল যে কেইবাজনো লোকে নিজৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে।

ডিজিটেল ডেস্কঃ বিহাৰৰ পূব চম্পাৰণ জিলাত পুনৰ সংঘটিত হৈছে এক শোকাৱহ বিষাক্ত সুৰা ট্ৰেজেডী। জিলাখনৰ বালগংগা গাঁৱত বিষাক্ত সুৰাপান কৰি অতি কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


খবৰ অনুসৰি, বুধবাৰে সন্ধিয়া গাঁওখনৰ কেইবাজনো লোকে স্থানীয়ভাৱে তৈয়াৰী সন্দেহজনক সুৰা সেৱন কৰিছিল। সুৰা সেৱনৰ কিছু সময় পিছৰে পৰা তেওঁলোকৰ শৰীৰত তীব্ৰ বিষ, মূৰ ঘূৰোৱা আৰু বমিৰ দৰে লক্ষণ দেখা দিয়ে। মৃত লোকসকলক ক্ৰমে প্ৰমোদ যাদৱ, চান্দু কুমাৰ, পৰিশান মাঝি বুলি চিনাক্ত কৰা হৈছে। আন এজন মৃত ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।


এই বিষাক্ত সুৰাৰ প্ৰভাৱ ইমানেই ভয়াবহ আছিল যে কেইবাজনো লোকে নিজৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে। লোহে ঠাকুৰ নামৰ এজন ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত কয়,"আমি ইয়াক সাধাৰণ সুৰা বুলিয়েই ভাবিছিলোঁ, কিন্তু ইয়াত স্পিৰিট মিহলি আছিল। মোৰ এজন বন্ধুৱে এতিয়া চকুৰে একো নেদেখা হৈছে আৰু মই নিজেও ভীষণ অসুস্থ অনুভৱ কৰিছোঁ।"


ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি নাগা ৰায় নামৰ এজন অভিযুক্তক জিম্মাত লৈছে। তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। অভিযোগ অনুসৰি, নগা ৰায়েই গাঁওবাসীক এই বিষাক্ত সুৰা যোগান ধৰিছিল। আৰক্ষীৰ ভয়ত বহু লোকে এতিয়াও চৰকাৰী চিকিৎসালয়লৈ নোযোৱাকৈ ঘৰতে গোপনে চিকিৎসা লৈ থকা বুলি জানিব পৰা গৈছে।



বিহাৰত সুৰা নিষিদ্ধ থকাৰ স্বত্বেও এনেদৰে বিষাক্ত সুৰাৰ ফলত মৃত্যু হোৱা ঘটনাই নীতিশ কুমাৰ চৰকাৰৰ সুৰা বিৰোধী আইনৰ সফলতাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে, দুই বছৰ পূৰ্বে মোতিহাৰীত সংঘটিত অনুৰূপ এক ঘটনাত ৪২ জন লোকৰ মৃত্যু হৈছিল।


চিকিৎসকৰ মতে, এই সুৰাত মিথানল বা ঔদ্যোগিক স্পিৰিট ব্যৱহাৰ কৰাৰ ফলতেই মানুহৰ মৃত্যু আৰু অন্ধতাৰ দৰে ঘটনা সংঘটিত হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ