--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২১ চনত গুজৰাট বন বিভাগে এক বিশেষ আঁচনিৰ অধীনত এই চৰাইবিধক গিৰ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

ডিজিটেল ডেস্ক : সুদীর্ঘ ৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ইণ্ডিয়ান গ্রে' হনর্ণবিল (Indian Grey Hornbill) চৰাইৰ সফল প্রত্যাৱৰ্তন ঘটিছে, যিটো বন্যপ্রাণী সংৰক্ষণৰ ইতিহাসত এক ডাঙৰ সফলতা হিচাপে পৰিগণিত হৈছে।


শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্রিকা Birds'ত প্রকাশিত এক অধ্যয়নত এই কথা নিশ্চিত কৰা হৈছে যে এই প্ৰজাতিৰ চৰাইবোৰে গিৰ ৰাষ্ট্ৰীয় উদ্যানত নিজৰ বাসস্থান গঢ়ি তোলাৰ লগতে ধাৰাবাহিকভাৱে বংশ বৃদ্ধি কৰিবলৈও সক্ষম হৈছে। 


উল্লেখযোগ্য যে ১৯৫০ আৰু ১৯৬০ৰ দশকত অত্যধিক চিকাৰৰ ফলত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ইণ্ডিয়ান গ্রে' হর্নবিল (স্থানীয়ভাবে 'চিলোট্রো' নামেৰে জনাজাত) সম্পূর্ণৰূপে বিলুপ্ত হৈ পৰিছিল। ইয়াৰ পাছত প্রায় ৬০ বছৰ ধৰি এই অঞ্চলত চৰাইবিধৰ কোনো সন্ধান পোৱা হোৱা নাছিল। ২০২১ চনত গুজৰাট বন বিভাগে এক বিশেষ আঁচনিৰ অধীনত এই চৰাইবিধক গিৰ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সাদৃশ্য থকা গুজৰাটৰ আৰাৱলী অৰণ্যৰ পৰা এই হর্নবিলসমূহ অনা হৈছিল। দুটা পর্যায়ত মুঠ ৪০টা হর্নবিল (২১টা মতা আৰু ১৯টা মাইকী) গিৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। চৰাইবোৰৰ গতিবিধি আৰু অভিযোজন নিৰীক্ষণ কৰিবলৈ ১১টা মতা হর্নবিলৰ দেহত ছেটেলাইট ট্রান্সমিটাৰ সংযোগ কৰা হৈছিল। 


গৱেষণাৰ পৰা দেখা গৈছে যে চৰাইবোৰে গিৰৰ পৰিৱেশৰ সৈতে অতি সুন্দৰভাৱে খাপ খাই পৰিছে। প্ৰথম অৱস্থাত অচিনাকি পৰিৱেশৰ বাবে চৰাইবোৰে ৬১ বর্গ কিল'মিটাৰ অঞ্চলজুৰি বিচৰণ কৰিছিল যদিও বর্তমান সুস্থিৰ হোৱাৰ পাছত নিজৰ এলেকা মাত্র ৫.৭ বর্গ কিল মিটাৰলৈ সীমিত কৰি লৈছে। কেৱল জীয়াই থকাই নহয়, এই হর্নবিলসমূহে ৰাষ্ট্ৰীয় উদ্যানখনত ধাৰাবাহিকভাৱে চাৰিটা প্রজনন বৰ্ষত সফলভাৱে পোৱালি জগাবলৈ সক্ষম হৈছে, যিয়ে এটা স্বাভাবিক বংশ বৃদ্ধিৰ ধাৰা সূচাইছে। 


বন বিষয়া আৰু বন্যপ্রাণী বিশেষজ্ঞসকলৰ মতে, ১৯৬৫ আৰু ১৯৭৫ চনত গিৰক অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পাছত বর্ধিত সুৰক্ষাই এই চৰাইবিধৰ ঘূৰি অহাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিলে। ভাৰতৰ বন্যপ্রাণী সংৰক্ষণৰ ইতিহাসত ইয়াক এক বিৰল আৰু অনুকৰণীয় মাইলৰ খুঁটি বুলি অভিহিত কৰা হৈছে।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ