--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২১ চনত গুজৰাট বন বিভাগে এক বিশেষ আঁচনিৰ অধীনত এই চৰাইবিধক গিৰ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

ডিজিটেল ডেস্ক : সুদীর্ঘ ৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ইণ্ডিয়ান গ্রে' হনর্ণবিল (Indian Grey Hornbill) চৰাইৰ সফল প্রত্যাৱৰ্তন ঘটিছে, যিটো বন্যপ্রাণী সংৰক্ষণৰ ইতিহাসত এক ডাঙৰ সফলতা হিচাপে পৰিগণিত হৈছে।


শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্রিকা Birds'ত প্রকাশিত এক অধ্যয়নত এই কথা নিশ্চিত কৰা হৈছে যে এই প্ৰজাতিৰ চৰাইবোৰে গিৰ ৰাষ্ট্ৰীয় উদ্যানত নিজৰ বাসস্থান গঢ়ি তোলাৰ লগতে ধাৰাবাহিকভাৱে বংশ বৃদ্ধি কৰিবলৈও সক্ষম হৈছে। 


উল্লেখযোগ্য যে ১৯৫০ আৰু ১৯৬০ৰ দশকত অত্যধিক চিকাৰৰ ফলত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ইণ্ডিয়ান গ্রে' হর্নবিল (স্থানীয়ভাবে 'চিলোট্রো' নামেৰে জনাজাত) সম্পূর্ণৰূপে বিলুপ্ত হৈ পৰিছিল। ইয়াৰ পাছত প্রায় ৬০ বছৰ ধৰি এই অঞ্চলত চৰাইবিধৰ কোনো সন্ধান পোৱা হোৱা নাছিল। ২০২১ চনত গুজৰাট বন বিভাগে এক বিশেষ আঁচনিৰ অধীনত এই চৰাইবিধক গিৰ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সাদৃশ্য থকা গুজৰাটৰ আৰাৱলী অৰণ্যৰ পৰা এই হর্নবিলসমূহ অনা হৈছিল। দুটা পর্যায়ত মুঠ ৪০টা হর্নবিল (২১টা মতা আৰু ১৯টা মাইকী) গিৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। চৰাইবোৰৰ গতিবিধি আৰু অভিযোজন নিৰীক্ষণ কৰিবলৈ ১১টা মতা হর্নবিলৰ দেহত ছেটেলাইট ট্রান্সমিটাৰ সংযোগ কৰা হৈছিল। 


গৱেষণাৰ পৰা দেখা গৈছে যে চৰাইবোৰে গিৰৰ পৰিৱেশৰ সৈতে অতি সুন্দৰভাৱে খাপ খাই পৰিছে। প্ৰথম অৱস্থাত অচিনাকি পৰিৱেশৰ বাবে চৰাইবোৰে ৬১ বর্গ কিল'মিটাৰ অঞ্চলজুৰি বিচৰণ কৰিছিল যদিও বর্তমান সুস্থিৰ হোৱাৰ পাছত নিজৰ এলেকা মাত্র ৫.৭ বর্গ কিল মিটাৰলৈ সীমিত কৰি লৈছে। কেৱল জীয়াই থকাই নহয়, এই হর্নবিলসমূহে ৰাষ্ট্ৰীয় উদ্যানখনত ধাৰাবাহিকভাৱে চাৰিটা প্রজনন বৰ্ষত সফলভাৱে পোৱালি জগাবলৈ সক্ষম হৈছে, যিয়ে এটা স্বাভাবিক বংশ বৃদ্ধিৰ ধাৰা সূচাইছে। 


বন বিষয়া আৰু বন্যপ্রাণী বিশেষজ্ঞসকলৰ মতে, ১৯৬৫ আৰু ১৯৭৫ চনত গিৰক অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পাছত বর্ধিত সুৰক্ষাই এই চৰাইবিধৰ ঘূৰি অহাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিলে। ভাৰতৰ বন্যপ্রাণী সংৰক্ষণৰ ইতিহাসত ইয়াক এক বিৰল আৰু অনুকৰণীয় মাইলৰ খুঁটি বুলি অভিহিত কৰা হৈছে।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু