--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে দাখিল কৰা আৱেদনখনৰ জৰুৰী শুনানি লৈ উচ্চ ন্যায়ালয়খনে আদেশ দিয়ে যে চৰকাৰী হাস্পতালতে চিকিৎসাধীন হৈ থাকিব সোনম ৱাংচুক।

ডিজিটেল ডেস্ক: পৰিৱেশ কৰ্মী সোনম ৱাংচুকক দিল্লীৰ ছফদৰজং হাস্পতালখনৰ পৰা এখন ব্যক্তিগত হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ বিচাৰি কৰা আৱেদনখন অগ্রাহ্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।


ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে দাখিল কৰা আৱেদনখনৰ জৰুৰী শুনানি লৈ উচ্চ ন্যায়ালয়খনে আদেশ দিয়ে যে চৰকাৰী হাস্পতালতে চিকিৎসাধীন হৈ থাকিব সোনম ৱাংচুক। আদালতে পৰৱৰ্তী ৩ দিনৰ ৱাংচুকৰ স্বাস্থ্যৰ বিষয়ত এখন প্রতিবেদনো বিচাৰিছে। 

অহা ২৪ জুলাইত আৱেদনখনৰ পৰৱৰ্তী শুনানি ল'ব দিল্লী উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে শনিবাৰে যন্তৰ মন্তৰৰ অনশনস্থলীৰ পৰা দিল্লী আৰক্ষীয়ে ৱাংচুকক বলপূর্বক আনি ছফদৰজং হাস্পতালত ভর্তি কৰোৱাইছিল। ইয়াক লৈ ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) কর্মী-নেতাই প্রতিবাদ কৰাৰ লগতে বিৰোধী দলৰ নেতাসকলেও প্ৰতিক্রিয়া প্রকাশ কৰিছিল। 


আনহাতে, পৰীক্ষাত অনিয়মৰ অভিযোগত শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সোমবাৰে চি জে পিয়ে 'সংসদ চলো' প্রতিবাদী কার্যসূচী ল'ব। এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সতৰ্ক কৰি দিয়ে যে সংসদ ভৱনলৈ সমদল কৰাৰ অনুমতি চি জে পিক দিয়া নহ'ব। ইফালে, বিভিন্ন ৰাজনৈতিক দল আৰু সমাজকৰ্মীয়ে কাইলৈ চি জে পিয়ে আয়োজন কৰা 'সংসদ চলো' কাৰ্যসূচীৰ প্ৰতি সমর্থন জনাইছে।

উৎস : দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু