--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে দাখিল কৰা আৱেদনখনৰ জৰুৰী শুনানি লৈ উচ্চ ন্যায়ালয়খনে আদেশ দিয়ে যে চৰকাৰী হাস্পতালতে চিকিৎসাধীন হৈ থাকিব সোনম ৱাংচুক।

ডিজিটেল ডেস্ক: পৰিৱেশ কৰ্মী সোনম ৱাংচুকক দিল্লীৰ ছফদৰজং হাস্পতালখনৰ পৰা এখন ব্যক্তিগত হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ বিচাৰি কৰা আৱেদনখন অগ্রাহ্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।


ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে দাখিল কৰা আৱেদনখনৰ জৰুৰী শুনানি লৈ উচ্চ ন্যায়ালয়খনে আদেশ দিয়ে যে চৰকাৰী হাস্পতালতে চিকিৎসাধীন হৈ থাকিব সোনম ৱাংচুক। আদালতে পৰৱৰ্তী ৩ দিনৰ ৱাংচুকৰ স্বাস্থ্যৰ বিষয়ত এখন প্রতিবেদনো বিচাৰিছে। 

অহা ২৪ জুলাইত আৱেদনখনৰ পৰৱৰ্তী শুনানি ল'ব দিল্লী উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে শনিবাৰে যন্তৰ মন্তৰৰ অনশনস্থলীৰ পৰা দিল্লী আৰক্ষীয়ে ৱাংচুকক বলপূর্বক আনি ছফদৰজং হাস্পতালত ভর্তি কৰোৱাইছিল। ইয়াক লৈ ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) কর্মী-নেতাই প্রতিবাদ কৰাৰ লগতে বিৰোধী দলৰ নেতাসকলেও প্ৰতিক্রিয়া প্রকাশ কৰিছিল। 


আনহাতে, পৰীক্ষাত অনিয়মৰ অভিযোগত শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সোমবাৰে চি জে পিয়ে 'সংসদ চলো' প্রতিবাদী কার্যসূচী ল'ব। এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সতৰ্ক কৰি দিয়ে যে সংসদ ভৱনলৈ সমদল কৰাৰ অনুমতি চি জে পিক দিয়া নহ'ব। ইফালে, বিভিন্ন ৰাজনৈতিক দল আৰু সমাজকৰ্মীয়ে কাইলৈ চি জে পিয়ে আয়োজন কৰা 'সংসদ চলো' কাৰ্যসূচীৰ প্ৰতি সমর্থন জনাইছে।

উৎস : দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ