--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰথমবাৰৰ বাবে মহিলাক পূজাৰীৰ ভূমিকা লোৱাৰ ক্ষেত্রত প্রশিক্ষণ দিয়া হৈছে জম্মু-কাশ্মীৰৰ এই ইতিহাসপ্রসিদ্ধ মন্দিৰটোত। শতিকাজুৰি থকা প্রতিবন্ধকতাৰ অৱসান ঘটাই এই যুৱতীসকলে মন্ত্ৰ উচ্চাৰণেৰে আৰতি কৰাৰ অভ্যাস কৰিছে।

ডিজিটেল ডেস্ক : গেৰুৱা বস্ত্ৰ পৰিধান কৰি হাতত চাকি-বন্তি লৈ এদল মহিলাই মন্ত্ৰ উচ্চাৰণেৰে আৰতি কৰিছে। জম্মুৰ ৰঘুনাথ মন্দিৰত এতিয়া দেখা পোৱা গৈছে এই আধ্যাত্মিক দৃশ্য। প্ৰথমবাৰৰ বাবে মহিলাক পূজাৰীৰ ভূমিকা লোৱাৰ ক্ষেত্রত প্রশিক্ষণ দিয়া হৈছে জম্মু-কাশ্মীৰৰ এই ইতিহাসপ্রসিদ্ধ মন্দিৰটোত। শতিকাজুৰি থকা প্রতিবন্ধকতাৰ অৱসান ঘটাই এই যুৱতীসকলে মন্ত্ৰ উচ্চাৰণেৰে আৰতি কৰাৰ অভ্যাস কৰিছে। ১৮৩৫ চনত নিৰ্মাণ কৰা মন্দিৰটোৱে ৰজাৰ সাম্রাজ্য, যুদ্ধ আৰু অগণিত শ্রদ্ধাৱান ভক্তৰ প্ৰাৰ্থনাৰ ইতিহাস বহন কৰি আহিছে। কিন্তু আজিৰ তাৰিখত প্রসিদ্ধ মন্দিৰটোৰ পৰিৱেশ সলনি হৈছে। 


সাধাৰণতে পুৰুষসকলে পূজাৰীৰ ভূমিকা পালন কৰি অহা দেখা যায়। কিন্তু শতিকাজুৰি থকা পৰম্পৰা ভংগ কৰি মহাৰাজা হৰি সিঙৰ আজো-নাতিবোৱাৰী কুঁৱৰৰাণী ৰিতু সিঙে এটা সাহসী পদক্ষেপ লৈ জনসাধাৰণক সন্মত কৰাইছে যে ৰঘুনাথ মন্দিৰত মহিলা পূজাৰীও হ'ব। ৰিতু সিঙে ব্যাখ্যা কৰা মতে, এই ধাৰণা পুৰুষক একাষৰীয়া কৰাৰ লক্ষ্য নহয়, শিৱ আৰু শক্তিৰ ধাৰণাক উদগনি দিয়াৰ বাবে এই ব্যতিক্রমী পদক্ষেপ লোৱা হৈছে। মন্দিৰত পূজা-অর্চনা আগবঢ়োৱাৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাই সম-অধিকাৰ পোৱাটো বাঞ্ছনীয় বুলি ৰিতু সিঙে মন্তব্য কৰে। 


সিঙে কয়, 'আমি যদি কুমাৰী পূজা, দেৱী পূজন কৰিব পাৰোঁ, তেনেহ'লে মহিলাক পূজা সম্পাদন কৰাৰ পৰা কিয় বিৰত ৰাখিব লাগে।' এবছৰ পূৰ্বে কুঁৱৰৰাণী ৰিতু সিঙে এই সাহসী পদক্ষেপ লৈছিল আৰু শতিকাজুৰি পুৰুষে পালন কৰি অহা এই মাংগলিক দায়িত্বৰ ভূমিকা মহিলাই ল'বলৈ প্রশিক্ষণ দিয়া আৰম্ভ কৰিছে। বৰ্তমান ১৫০গৰাকী যুৱতীয়ে ৰঘুনাথ মন্দিৰত পূজা-অর্চনা আগবঢ়োৱাৰ ক্ষেত্ৰত পূজাৰীৰ ভূমিকা লৈ আছে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ