--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লুইস লিং নামৰ এজনে ফাঁচীৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰে, অন্য এজনৰ পোন্ধৰ বছৰৰ কাৰাদণ্ড হয়। ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগস্ট স্পীজে কৈছিল, "আজি আমাৰ এই নিঃশব্দতা, তোমালোকৰ কোলাহতকৈ অপেক্ষিক ভাবে অধিক শক্তিশালী হ’ব"।

ডিজিটেল ডেস্ক: আজি আন্তঃৰ্জাতিক শ্ৰমিক দিৱস। এই দিৱস মে' দিৱস নামেৰেও পৰিচিত। মে' মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালন কৰা হয়। এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন।


১৮৮৬ চনৰ ১ মে’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়। পিছে আমেৰিকা যুক্তৰাষ্ট্ৰ বা কানাডাত এইদিন পালন কৰা নহয়। ইয়াৰ উপৰিও এইদিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিকভাৱে হয়তো পালন কৰা হয়।


আগতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১০-ৰ পৰা ১২ ঘণ্টা আৰু সপ্তাহত ৬ দিন কাম কৰিছিল। বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল, শ্ৰমিকসকলে অতি কষ্টকৰ জীৱন যাপন কৰিছিল, ক্ষেত্ৰবিশেষে সেইটো দাসবৃত্তিৰ পৰ্যায়ত পৰিছিল।


১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেঁওলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১-মে। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে।


১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। তেঁওলোকে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্বুদ্ধ হৈ এনে কৰিছিল। আগস্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল। হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিষ্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়।


পুলিচবাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লয়, য’ত ১১ জন শ্ৰমিক ছহিদ হয়। পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়। এক প্ৰহসনমূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়।


লুইস লিং নামৰ এজনে ফাঁচীৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰে, অন্য এজনৰ পোন্ধৰ বছৰৰ কাৰাদণ্ড হয়। ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগস্ট স্পীজে কৈছিল, "আজি আমাৰ এই নিঃশব্দতা, তোমালোকৰ কোলাহতকৈ অপেক্ষিক ভাবে অধিক শক্তিশালী হ’ব"।


২৬ জুন, ১৮৯৩ তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত আঠজনকেই নিৰপৰাধী বুলি ঘোষণা কৰে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কামাণ্ডাৰ জনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে। আৰু আনপিনে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ’ল।


শেষ পৰ্যন্ত শ্ৰমিকসকলৰ দৈনিক আঠ ঘণ্টা কাম কৰাৰ দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায় আৰু মে' দিৱসে প্ৰতিষ্ঠা লাভ কৰে। শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে, পৃথিৱীব্যাপী আজিও সেই দিৱস পালিত হয়। প্ৰতিজন শ্ৰমিকলৈ আন্তঃৰ্জাতিক শ্ৰমিক দিৱসৰ আন্তৰিক শুভকামনা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ