--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ছিপ্রিৰ অধ্যয়নত প্রকাশ পোৱা তথ্য অনুসৰি সামৰিক ক্ষেত্ৰত সৰ্বাধিক ব্যয় কৰা প্ৰথম তিনিখন ৰাষ্ট্ৰ হৈছে ক্রমে আমেৰিকা, চীন আৰু ৰাছিয়া।

ডিজিটেল ডেস্ক: যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ৰখাৰ সময়তে সামৰিক ব্যয় বৃদ্ধিৰ শেহতীয়া তথ্যই বিশেষ চর্চা লাভ কৰিছে। বিশ্বৰ দেশসমূহৰ মাজত দ্রুতগতিত বৃদ্ধি পাইছে সামৰিক ব্যয়। স্টকহ’ম আন্তঃৰাষ্ট্ৰীয় শান্তি গবেষণা প্রতিষ্ঠান (ছিপি)ৰ শেহতীয়া প্রতিবেদনত বিশ্বজুৰি সামৰিক ব্যয় বৃদ্ধিৰ তথ্য প্রকাশ পাইছে।


ছিপ্রিৰ প্রতিবেদন অনুসৰি ২০২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২,৮৮৭ বিলিয়ন মার্কিন ডলাৰ (২৭১ লাখ কোটি) হয়গৈ, যিটো ২০২৪ চনৰ তুলনাত ২.৯ শতাংশ বৃদ্ধি পায়। যোৱা বৰ্ষটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ব্যয় কিছু হ্রাস পোৱাৰ বিপৰীতে ইউৰোপৰ সামৰিক ব্যয় ১৪ শতাংশ আৰু এছিয়া আৰু ওছেনিয়া মহাদেশৰ সামৰিক ব্যয় ৮.১ শতাংশ বৃদ্ধি পায়। 


ছিপ্রিৰ অধ্যয়নত প্রকাশ পোৱা তথ্য অনুসৰি সামৰিক ক্ষেত্ৰত সৰ্বাধিক ব্যয় কৰা প্ৰথম তিনিখন ৰাষ্ট্ৰ হৈছে ক্রমে আমেৰিকা, চীন আৰু ৰাছিয়া। এই দেশ তিনিখনৰ মুঠ ব্যয়ৰ পৰিমাণ হৈছে ১,৪৮০ বিলিয়ন মার্কিন ডলাৰ। যিটো বিশ্বৰ মুঠ সামৰিক ব্যয়ৰ ৫১ শতাংশ। সামৰিক ব্যয় বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতো পিছ পৰি থকা নাই। সামৰিক ক্ষেত্রত সর্বাধিক ব্যয় কৰা ৰাষ্ট্ৰৰ তালিকাত পঞ্চম স্থানত আছে ভাৰত। দেশখনে ২০২৫ চনত ৮.৯ শতাংশ বৃদ্ধিৰে সামৰিক ক্ষেত্ৰত ব্যয় কৰে ৯২.১ বিলিয়ন ডলাৰ (৮.৬৬ লাখ কোটি টকা)।


উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন দেশৰ মাজত সম্প্রতি যুদ্ধ অব্যাহত আছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী পর্যন্ত বিশ্বত প্রায় ৫০খন যুদ্ধ চলি আছিল। ইয়াৰ ভিতৰত আছে ৰাছিয়া-ইউক্রেইন যুদ্ধ, আমেৰিকা আৰু ইজৰাইলৰ ইৰানৰ বিৰুদ্ধে যুদ্ধ, পাকিস্তান-আফগানিস্তান যুদ্ধ, হামাছ-ইজৰাইল যুদ্ধ, ম্যানমাৰৰ গৃহ যুদ্ধ, ছুদানৰ গৃহ যুদ্ধ, য়েমেনৰ গৃহ যুদ্ধ আদি। 


এই যুদ্ধসমূহতো বৃহৎ পৰিমাণৰ সামৰিক অস্ত্র-শস্ত্ৰৰ ক্রয়-বিক্র হৈছে। যাৰ বাবে সামৰিক ব্যয় দ্রুতগতিত বৃদ্ধি পাইছে। ইউৰোপৰ নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে যুদ্ধৰ পৰিৱেশত নাটোক শক্তিশালী কৰি ৰখাৰ বাবে সামৰিক ব্যয় বৃদ্ধি কৰিছে। যাৰ ফলত ২০২৪ চনৰ তুলনাত যোৱা বৰ্ষত ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ ১৪ শতাংশ বৃদ্ধিৰে সামৰিক ব্যয় ৮৬৪ বিলিয়ন হয়গৈ। ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখা ৰাছিয়াইও ৫.৯ শতাংশ বৃদ্ধিৰে সামৰিক ক্ষেত্ৰত ব্যয় কৰে ১৯০ বিলিয়ন মার্কিন ডলাৰ।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ