--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উপসাগৰীয় যুদ্ধক লৈ পোপ লিঅ'ক আক্ৰমণ কৰিছিল ট্রাম্পে। ইয়াৰ পাছতেই দুয়োৰে মাজৰ সম্পৰ্কৰ অৱনতি ঘটে। পৰস্পৰৰ স্বাৰ্থতে ইটালিক বিশ্ব কাপৰ বাবে সুযোগ দিয়া উচিত বুলি দাবী কৰিছে জাম্পেলিয়ে।

ডিজিটেল ডেস্ক: আচৰিত নহ’ব। ইৰানৰ সলনি ইটালিয়ে আগন্তুক বিশ্ব কাপত অংশ লোৱাৰ সুযোগ পাব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এনে এক পৰামৰ্শ লাভ কৰিছে। এই অনুৰোধ আমেৰিকাৰ এগৰাকী প্রখ্যাত কূটনীতিবিদৰ পৰা আহিছে। এই অনুৰোধ ট্রাম্পৰ লগতে ফিফাৰ সভাপতি জিয়ানি ইনফাণ্টিনোকো কৰা হৈছে। 


আমেৰিকাৰ সৈতে ইৰানৰ ৰাজনৈতিক অচলাৱস্থা চলি থকাৰ বাবে বিশ্বকাপত তেওঁলোকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছে। এক প্রতিবেদন অনুসৰি বিশেষ কূটনৈতিক মন্ত্রী পাওলো জাম্পেনিয়ে ট্রাম্পক এই পৰামৰ্শ দিছে। তেওঁ আশা কৰে যে যদি এই পদক্ষেপ গ্রহণ কৰা হয় তেন্তে ট্রাম্প আৰু ইটালিৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেল'নিৰ মাজৰ সম্পৰ্ক কিছু উন্নত হ'ব। 


উপসাগৰীয় যুদ্ধক লৈ পোপ লিঅ'ক আক্ৰমণ কৰিছিল ট্রাম্পে। ইয়াৰ পাছতেই দুয়োৰে মাজৰ সম্পৰ্কৰ অৱনতি ঘটে। পৰস্পৰৰ স্বাৰ্থতে ইটালিক বিশ্ব কাপৰ বাবে সুযোগ দিয়া উচিত বুলি দাবী কৰিছে জাম্পেলিয়ে। চাৰিবাৰৰ চেম্পিয়ন ইটালিয়ে অৱেশ্য একেৰাহে তিনিবাৰলৈ বিশ্ব কাপৰ বাবে পাৰপত্ৰ লাভ কৰাত ব্যর্থ হয়। প্লে' অফত বছনিয়াৰ হাতত পৰাস্ত হৈ বিশ্ব কাপৰ পৰা বাহিৰ হয় ইটালি। 


জাম্পেলিয়ে কয়, 'মই ট্রাম্প আৰু ইনফান্টিনোক ইৰানৰ সলনি ইটালিক বিশ্ব কাপত সুযোগ দিবলৈ পৰামৰ্শ দিছিল। মই নিজেই ইটালিৰ। ৪বাৰৰ বিশ্ব কাপ বিজয়ী দলটোৰ এটা পৰম্পৰা আছে। তেওঁলোকক সুযোগ দিবলৈ সেয়াই যথেষ্ট।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ