--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউনিচেফৰ ১২ বছৰীয়া এক সমীক্ষাত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য৷ ইউনিচেফৰ ১২ বছৰীয়া এক সমীক্ষাত ১৮ বছৰ বয়সৰ পূৰ্বে ৮ গৰাকী ছোৱালীৰ ভিতৰত ১ গৰাকী আৰু ১১ জন ল’ৰাৰ ভিতৰত ১ জন ধৰ্ষণ বা যৌন নিৰ্যাতনৰ বলি হয় বুলি প্ৰকাশ পাইছে৷ এই আধ্যয়নত শিশুৰ বিৰুদ্ধে বিশ্বব্যাপী হোৱা যৌন অপৰাধৰ তথ্য প্ৰকাশ কৰা হৈছে।  

১১ অক্টোবৰত প্ৰকাশ পোৱা এই প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত ভৌগোলিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকবাধাসমূহ অতিক্ৰম কৰি যৌন হিংসাৰ ঘটনা সমগ্ৰ বিশ্বতে ব্যাপকভাৱে বিয়পি পৰিছে। ইউনিচেফে ২০১০ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰায় ১২০ খন দেশৰ জৰীপ চলোৱাৰ পাছত যৌন হিংসাৰ বলি হোৱা ৩৭ কোটিতকৈ অধিক আক্ৰান্ত নাবালিকা আৰু মহিলা, ২৪ কোটিৰ পৰা ৩১ কোটি নাবালক আৰু পুৰুষক চিনাক্ত কৰা হৈছে।

প্ৰতিবেদন অনুসৰি উপ-চাহাৰাৰ আফ্ৰিকাত সৰ্বাধিক ৭.৯ কোটি ছোৱালী আৰু মহিলা যৌন হিংসাৰ বলি হৈছে। আন অঞ্চলসমূহৰ ভিতৰত পূব আৰু দক্ষিণ-পূব এছিয়াত ৭৫ মিলিয়ন; মধ্য আৰু দক্ষিণ এছিয়াত ৭৩ মিলিয়ন; ইউৰোপ আৰু উত্তৰ আমেৰিকাত ৬.৮ কোটি; লেটিন আমেৰিকা আৰু কেৰিবিয়ানত ৪৫ মিলিয়ন; উত্তৰ আফ্ৰিকা আৰু পশ্চিম এছিয়াত ২.৯ কোটি আৰু ওচেনিয়াত ৬০ লাখ। প্ৰতিবেদন অনুসৰি,   ১৪ৰ পৰা ১৭ বছৰৰ ভিতৰত বেছিভাগ লৰা-ছোৱালী যৌন হিংসাৰ বলি হৈছে।বিশেষকৈ ছোৱালীয়ে অধিক যৌন হিংসাৰ বলি হোৱা পৰিলক্ষিত হৈছে। 

এই ধৰণৰ হিংসাৰ সন্মুখীন হোৱা শিশুৱে বাৰে বাৰে নিৰ্যাতন সহ্য কৰাৰ সম্ভাৱনা দেখা গৈছে অধ্যয়নত। এই জটিল সময়ছোৱাত ভুক্তভোগীৰ  মনৰ পৰা এই ভীতিৰ পৰা মুক্ত কৰাটো অতি প্ৰয়োজন৷

ইউনিচেফৰ কাৰ্যবাহী সঞ্চালিকা কেথেৰিন ৰাছেলে কয় যে শিশুৰ বিৰুদ্ধে যৌন হিংসা আমাৰ বিবেকৰ ওপৰত এক দাগ। প্ৰায়ে শিশুৱে চিনি পোৱা বা বিশ্বাস কৰা কোনোবাই এনে ঘটনা সংঘটিত কৰে যাৰ ওচৰত তেওঁলোকে নিৰাপদ অনুভৱ কৰিব লাগে তেওঁলোকৰ হাততে সুৰক্ষিত নহয় সেয়ে শিশুৰ ওপৰত গভীৰ প্ৰভাৱ পেলাই৷ তেওঁ লগতে স্পৰ্শকাতৰ পৰিৱেশত শিশুসকল যৌন হিংসাৰ প্ৰতি সংবেদনশীল আৰু সংঘাতপূৰ্ণ অঞ্চলত ভয়ংকৰ যৌন হিংসা পৰিলক্ষিত হোৱা দেখা যায়, য’ত ধৰ্ষণ আৰু লিংগভিত্তিক হিংসাক প্ৰায়ে যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা কৰে বুলি উদ্বেগ প্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু