--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউনিচেফৰ ১২ বছৰীয়া এক সমীক্ষাত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য৷ ইউনিচেফৰ ১২ বছৰীয়া এক সমীক্ষাত ১৮ বছৰ বয়সৰ পূৰ্বে ৮ গৰাকী ছোৱালীৰ ভিতৰত ১ গৰাকী আৰু ১১ জন ল’ৰাৰ ভিতৰত ১ জন ধৰ্ষণ বা যৌন নিৰ্যাতনৰ বলি হয় বুলি প্ৰকাশ পাইছে৷ এই আধ্যয়নত শিশুৰ বিৰুদ্ধে বিশ্বব্যাপী হোৱা যৌন অপৰাধৰ তথ্য প্ৰকাশ কৰা হৈছে।  

১১ অক্টোবৰত প্ৰকাশ পোৱা এই প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত ভৌগোলিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকবাধাসমূহ অতিক্ৰম কৰি যৌন হিংসাৰ ঘটনা সমগ্ৰ বিশ্বতে ব্যাপকভাৱে বিয়পি পৰিছে। ইউনিচেফে ২০১০ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰায় ১২০ খন দেশৰ জৰীপ চলোৱাৰ পাছত যৌন হিংসাৰ বলি হোৱা ৩৭ কোটিতকৈ অধিক আক্ৰান্ত নাবালিকা আৰু মহিলা, ২৪ কোটিৰ পৰা ৩১ কোটি নাবালক আৰু পুৰুষক চিনাক্ত কৰা হৈছে।

প্ৰতিবেদন অনুসৰি উপ-চাহাৰাৰ আফ্ৰিকাত সৰ্বাধিক ৭.৯ কোটি ছোৱালী আৰু মহিলা যৌন হিংসাৰ বলি হৈছে। আন অঞ্চলসমূহৰ ভিতৰত পূব আৰু দক্ষিণ-পূব এছিয়াত ৭৫ মিলিয়ন; মধ্য আৰু দক্ষিণ এছিয়াত ৭৩ মিলিয়ন; ইউৰোপ আৰু উত্তৰ আমেৰিকাত ৬.৮ কোটি; লেটিন আমেৰিকা আৰু কেৰিবিয়ানত ৪৫ মিলিয়ন; উত্তৰ আফ্ৰিকা আৰু পশ্চিম এছিয়াত ২.৯ কোটি আৰু ওচেনিয়াত ৬০ লাখ। প্ৰতিবেদন অনুসৰি,   ১৪ৰ পৰা ১৭ বছৰৰ ভিতৰত বেছিভাগ লৰা-ছোৱালী যৌন হিংসাৰ বলি হৈছে।বিশেষকৈ ছোৱালীয়ে অধিক যৌন হিংসাৰ বলি হোৱা পৰিলক্ষিত হৈছে। 

এই ধৰণৰ হিংসাৰ সন্মুখীন হোৱা শিশুৱে বাৰে বাৰে নিৰ্যাতন সহ্য কৰাৰ সম্ভাৱনা দেখা গৈছে অধ্যয়নত। এই জটিল সময়ছোৱাত ভুক্তভোগীৰ  মনৰ পৰা এই ভীতিৰ পৰা মুক্ত কৰাটো অতি প্ৰয়োজন৷

ইউনিচেফৰ কাৰ্যবাহী সঞ্চালিকা কেথেৰিন ৰাছেলে কয় যে শিশুৰ বিৰুদ্ধে যৌন হিংসা আমাৰ বিবেকৰ ওপৰত এক দাগ। প্ৰায়ে শিশুৱে চিনি পোৱা বা বিশ্বাস কৰা কোনোবাই এনে ঘটনা সংঘটিত কৰে যাৰ ওচৰত তেওঁলোকে নিৰাপদ অনুভৱ কৰিব লাগে তেওঁলোকৰ হাততে সুৰক্ষিত নহয় সেয়ে শিশুৰ ওপৰত গভীৰ প্ৰভাৱ পেলাই৷ তেওঁ লগতে স্পৰ্শকাতৰ পৰিৱেশত শিশুসকল যৌন হিংসাৰ প্ৰতি সংবেদনশীল আৰু সংঘাতপূৰ্ণ অঞ্চলত ভয়ংকৰ যৌন হিংসা পৰিলক্ষিত হোৱা দেখা যায়, য’ত ধৰ্ষণ আৰু লিংগভিত্তিক হিংসাক প্ৰায়ে যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা কৰে বুলি উদ্বেগ প্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক