--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰিলে ৰোহিত শৰ্মাই। তেওঁ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ছয়ৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ পিছত ভাৰতৰ অধিনায়কে কয় যে তেওঁৰ ছয়ৰ আঁৰৰ প্ৰেৰণা। লগতে তেওঁ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে যে তেওঁ কেনেকৈ ছয় মাৰে।

বুধবাৰে ৰোহিতে ৮১টা বলত ১৩১ ৰানৰ ইনিংছত ৫টা ছয় কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ ৫৫৬টা ছয় আছে, যিটো গেইলতকৈ এটা বেছি। ৰোহিতে ৪৫৩খন মেচত এই কৃতিত্ব অৰ্জন কৰিছে, যিটো গেইলতকৈ ৩০খন মেচ কম।

ব’ৰ্ডে প্ৰকাশ কৰা এটা ভিডিঅ’ত ৰোহিতে কয়, “ইউনিভাৰ্ছ বছ হৈছে ইউনিভাৰ্ছ বছ। তেওঁৰ পৰা ছিক্সাৰ মৰা শিকিলোঁ। আমি তেওঁক বছৰ বছৰ ধৰি দেখি আহিছো। খেলপথাৰত উঠিলেই তেওঁক ছয় মাৰিব পৰা মেচিন যেন লাগিল। আমাৰ জাৰ্চি নম্বৰটোও এটা (৪৫)। মই নিশ্চিত যে তেওঁ অতি সুখী কাৰণ মাত্ৰ এজন ব্যক্তিয়ে তেওঁৰ ৪৫ ৰ অভিলেখ ভংগ কৰিলে।” 

ৰোহিতে দীৰ্ঘদিন ধৰি কেনেকৈ ছয় মাৰিবলৈ সক্ষম হৈছিল সেই কথা বুজাইছে, “যেতিয়া মই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই এদিন ছয় মাৰিব পাৰিম। ইমান ছয় এৰি থৈ আহিলোঁ। সঁচা কথা ক’বলৈ গ’লে ইমান বছৰ ধৰি বহুত কষ্টৰ কাম হৈ আহিছে। মই নিজৰ ওপৰত সুখী। মই এনে এজন ব্যক্তি যি নিজৰ কামত কেতিয়াও সন্তুষ্ট নহয়। মই যি কৰি আছো সেয়া আগবঢ়াই নিব বিচাৰো। সেইটোৱেই মোৰ ফোকাচ। এই অভিলেখটো মাথোঁ এটা সুখৰ মুহূৰ্ত।”




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ