--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে চোৰে কেৱল ৰাতিৰ সময়তহে সক্ৰিয় হৈ থাকে আৰু অপৰাধ কৰিবলৈ সুযোগ পায়। অন্ধ্ৰ প্ৰদেশত ধৰা পৰিছে এনে এজন গভাইত চোৰ, যিয়ে ৰাতিৰ ঘোপমৰা আন্ধাৰত নহয় কেৱল দিনৰ পোহৰতহে অপৰাধ সংঘটিত কৰে। 

ৰাজ্যৰ শ্ৰী সত্য সাই জিলাৰ পেনুকোণ্ডা থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই অনন্য চোৰক। জেৰাৰ সময়ত এই চোৰে প্ৰকাশ কৰে দিনৰ পোহৰত চুৰি কৰাৰ কাৰণ ৷ এই কাৰণ জানি আপুনিও হ’ব আচৰিত। জেৰাত চোৰে কয় যে তেওঁৰ চকুৰ সমস্যা আছে, গতিকে ৰাতি দেখা নাপায়।

পেনুকোণ্ডা আৰক্ষীৰ মতে এই চোৰটো কেৱল অন্ধ্ৰ প্ৰদেশৰ বাবেই নহয় তেলেংগানা আৰু কৰ্ণাটক আৰক্ষীৰ বাবেও প্ৰত্যাহ্বান হৈ পৰিছিল। প্ৰায় তিনি ডজনৰো অধিক অপৰাধ এই তিনিখন ৰাজ্যত এতিয়ালৈকে সংঘটিত কৰিছে এই গভাইত চোৰে ৷ আৰক্ষীৰ জেৰাৰ সময়ত এই চোৰে সূৰ্যাস্তৰ পিছত দেখা নাপায় বুলি কয়। এনে অৱস্থাত তেওঁ দিনত ওলাই যায় আৰু সঠিক সময় বুজি চুৰি কাৰ্য সংঘটিত কৰে। আৰু লগতে দিনত চুৰি কৰিবলৈ বাধ্য হোৱা বুলিও তেওঁ কয়।

অভিযুক্তই কয় যে অপৰাধৰ বাবে তেওঁ সাধাৰণতে এনেবোৰ ঘৰ বাছি লয় যিবোৰ ঘৰত তলা লগোৱা থাকে আৰু পৰিয়ালৰ লোকসকল নাথাকে।কৰ্ণাটকৰ টুমকুৰুৰ বাসিন্দা এই চোৰ ছোহেইল খানক পেনুকোণ্ডাত এজন শিক্ষকৰ ঘৰত চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত অভিযুক্তই ৪৭ তোলা সোণৰ গহনা আৰু প্ৰায় এক লাখ টকাৰ নগদ ধন চুৰি কৰে। অৱশ্যে এই ঘটনাত তেওঁ চিচিটিভি কেমেৰাত বন্দী হয়। এই ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰি তেওঁৰ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে।

যেতিয়া আৰক্ষীয়ে অভিযুক্তৰ ঘৰত তালাচী চলায় তেতিয়া এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। জানিব পৰা মতে, অভিযুক্তই  চুৰি হোৱা গহনা গলাই তাৰ পৰা সোণৰ বিস্কুট তৈয়াৰ কৰে। ইয়াৰ পিছত তেওঁ হায়দৰাবাদত বিক্ৰী কৰে। জেৰাৰ সময়ত অভিযুক্তই আৰক্ষীক জনোৱা মতে, তেওঁ ইউটিউবত সোণ গলাবলৈ শিকিছিল আৰু তাৰ পিছত ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী অনলাইনযোগে কিনিছিল। আৰক্ষীয়ে অভিযুক্তৰ পৰা ৩৫০ গ্ৰাম সোণৰ বিস্কুট, ঘৰৰ তলা ভাঙিবলৈ ব্যৱহাৰ কৰা সঁজুলি আৰু এটা সোণ গলোৱা মেচিন জব্দ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ