--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আঘাতৰ বাবে দীর্ঘ সময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা অসম সন্তান ৰিয়ান পৰাগে আসন্ন ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ৰ জৰিয়তে পুনৰ চমকপ্রদ প্রত্যাৱর্তন কৰিবলৈ সাজু হৈছে। 

ইতিমধ্যে গুৱাহাটী আৰু জয়পুৰত হোৱা ৰাজস্থান বয়েলছৰ অনুশীলনত অংশ লোৱা ৰিয়ানে কালি সৱাই মানসিং ষ্টেডিয়ামত খেলা এখন অনুশীলন মেচত এক বিস্ফোৰক ইনিংছ খেলি দলৰ শিবিৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। মেচখনত ৰিয়ানে মাত্র ৬৪টা বলৰ সন্মুখীন হৈ অপৰাজিত ১৪৪ ৰান কৰে। 

ৰিয়ানৰ বিস্ফোৰক শতকীয় ইনিংছত আছিল ১০টা ছিক্সাৰ আৰু ১৬টা বাউণ্ডেৰী। স্বাভাৱিকতে অসম সন্তানৰ এই ইনিংছে ৰাজস্থান ৰয়েলছৰ দলীয় মেনেজমেন্টক ৰিয়ানক লৈ নতুন ৰণনীতি প্রস্তুত কৰাৰ বাট মুকলি কৰে। উল্লেখযোগ্য যে 'এক দল, এক ভাষা। জন্ম ৰাজস্থানত, উদযাপন অসমত।' শ্ল'গানেৰে আসন্ন আই পি এলৰ প্ৰথম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব ৰাজস্থান ৰয়েলছে। আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মার্চত গুৱাহাটীত প্রথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মার্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব। গুৱাহাটীৰ দুয়োখন মেচ নৈশালোকত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছ দলে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মার্চত প্রথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব। ৰিয়ানৰ বেটিঙৰ ওপৰতে ৰাজস্থান ৰয়েলছৰ চমকপ্রদ আৰম্ভণিও নিৰ্ভৰ কৰিব। কাৰণ গুৱাহাটী ৰিয়ানৰ গৃহভূমি। সেয়ে, দুই চেম্পিয়ন দল কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছক গুৱাহাটীত নিজৰ অনুৰাগীৰ সন্মুখত বিধ্বস্ত কৰিবলৈ দৃঢ়তাৰে সাজু হৈছে ৰিয়ান।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ