--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আঘাতৰ বাবে দীর্ঘ সময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা অসম সন্তান ৰিয়ান পৰাগে আসন্ন ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ৰ জৰিয়তে পুনৰ চমকপ্রদ প্রত্যাৱর্তন কৰিবলৈ সাজু হৈছে। 

ইতিমধ্যে গুৱাহাটী আৰু জয়পুৰত হোৱা ৰাজস্থান বয়েলছৰ অনুশীলনত অংশ লোৱা ৰিয়ানে কালি সৱাই মানসিং ষ্টেডিয়ামত খেলা এখন অনুশীলন মেচত এক বিস্ফোৰক ইনিংছ খেলি দলৰ শিবিৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। মেচখনত ৰিয়ানে মাত্র ৬৪টা বলৰ সন্মুখীন হৈ অপৰাজিত ১৪৪ ৰান কৰে। 

ৰিয়ানৰ বিস্ফোৰক শতকীয় ইনিংছত আছিল ১০টা ছিক্সাৰ আৰু ১৬টা বাউণ্ডেৰী। স্বাভাৱিকতে অসম সন্তানৰ এই ইনিংছে ৰাজস্থান ৰয়েলছৰ দলীয় মেনেজমেন্টক ৰিয়ানক লৈ নতুন ৰণনীতি প্রস্তুত কৰাৰ বাট মুকলি কৰে। উল্লেখযোগ্য যে 'এক দল, এক ভাষা। জন্ম ৰাজস্থানত, উদযাপন অসমত।' শ্ল'গানেৰে আসন্ন আই পি এলৰ প্ৰথম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব ৰাজস্থান ৰয়েলছে। আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মার্চত গুৱাহাটীত প্রথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মার্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব। গুৱাহাটীৰ দুয়োখন মেচ নৈশালোকত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছ দলে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মার্চত প্রথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব। ৰিয়ানৰ বেটিঙৰ ওপৰতে ৰাজস্থান ৰয়েলছৰ চমকপ্রদ আৰম্ভণিও নিৰ্ভৰ কৰিব। কাৰণ গুৱাহাটী ৰিয়ানৰ গৃহভূমি। সেয়ে, দুই চেম্পিয়ন দল কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছক গুৱাহাটীত নিজৰ অনুৰাগীৰ সন্মুখত বিধ্বস্ত কৰিবলৈ দৃঢ়তাৰে সাজু হৈছে ৰিয়ান।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু