--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইডেন গার্ডেনত অহা ৬ এপ্রিলত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ (এল এছ জি) মাজত হ'ব লগীয়া আই পি এলৰ খেলখনৰ সূচী সলনি হোৱাৰ সম্ভাৱনাই দেখা দিছে। উক্ত দিনা ৰাম নৱমী উদযাপন উপলক্ষে আৰক্ষী প্রশাসনে সু-নিশ্চিত নিৰাপত্তাৰ সেউজ সংকেত নিদিয়াৰ বাবেই দুয়ো দলৰ মাজৰ খেল পিছুৱাই দিয়া হ'ব পাৰে। 

বিজেপিৰ নেতা শুভেন্দু অধিকাৰীয়ে কিছু দিন পূর্বে ঘোষণা কৰিছিল যে ৰাম নৱমীৰ দিনা সমগ্র পশ্চিম বংগজুৰি ২০,০০০ৰ অধিক শোভাযাত্ৰা উলিওৱা হ'ব। ইয়াৰ ফলত ৰাজ্যজুৰি নিৰাপত্তা বৃদ্ধি কৰাৰ প্রয়োজন হ'ব। ইফালে, বংগ ক্রিকেট সন্থাৰ সভাপতি স্নেহাশিস গাংগুলীয়ে নিশ্চিত কৰিছে যে সংশ্লিষ্ট আৰক্ষী কর্তৃপক্ষই নিশ্চিত কৰিছে যে খেলখন আয়োজনৰ ক্ষেত্ৰত অনুমতি দিয়া নাই। 

আৰক্ষী প্রশাসনে স্পষ্টকৈ জনাই দিছে যে তেওঁলোকে পর্যাপ্ত নিৰাপত্তা দিবলৈ অপাৰগ। যদি আৰক্ষীৰ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা নাথাকে তেন্তে ৬৫,০০০ গৰাকী দৰ্শকৰ নিৰাপত্তাৰ দায়িত্ব কোনে ল'ব বুলি প্রশ্ন উত্থাপন কৰিছে বংগ ক্ৰিকেটৰ সভাপতিগৰাকীয়ে। গাংগুলীয়ে কয়, 'আমি বি চি চি আইক এই বিষয়ে অৱগত কৰিছোঁ। অৱশ্যে, চূড়ান্ত সিদ্ধান্ত লোৱাৰ বাবে এতিয়াও সময় আছে। যোৱা বছৰতো আনকি ৰাম নৱমীৰ দিনা পূর্বে নির্ধাৰিত আই পি এলৰ সময়-সূচী পৰিৱৰ্তন কৰা হৈছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ