--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইডেন গার্ডেনত অহা ৬ এপ্রিলত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ (এল এছ জি) মাজত হ'ব লগীয়া আই পি এলৰ খেলখনৰ সূচী সলনি হোৱাৰ সম্ভাৱনাই দেখা দিছে। উক্ত দিনা ৰাম নৱমী উদযাপন উপলক্ষে আৰক্ষী প্রশাসনে সু-নিশ্চিত নিৰাপত্তাৰ সেউজ সংকেত নিদিয়াৰ বাবেই দুয়ো দলৰ মাজৰ খেল পিছুৱাই দিয়া হ'ব পাৰে। 

বিজেপিৰ নেতা শুভেন্দু অধিকাৰীয়ে কিছু দিন পূর্বে ঘোষণা কৰিছিল যে ৰাম নৱমীৰ দিনা সমগ্র পশ্চিম বংগজুৰি ২০,০০০ৰ অধিক শোভাযাত্ৰা উলিওৱা হ'ব। ইয়াৰ ফলত ৰাজ্যজুৰি নিৰাপত্তা বৃদ্ধি কৰাৰ প্রয়োজন হ'ব। ইফালে, বংগ ক্রিকেট সন্থাৰ সভাপতি স্নেহাশিস গাংগুলীয়ে নিশ্চিত কৰিছে যে সংশ্লিষ্ট আৰক্ষী কর্তৃপক্ষই নিশ্চিত কৰিছে যে খেলখন আয়োজনৰ ক্ষেত্ৰত অনুমতি দিয়া নাই। 

আৰক্ষী প্রশাসনে স্পষ্টকৈ জনাই দিছে যে তেওঁলোকে পর্যাপ্ত নিৰাপত্তা দিবলৈ অপাৰগ। যদি আৰক্ষীৰ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা নাথাকে তেন্তে ৬৫,০০০ গৰাকী দৰ্শকৰ নিৰাপত্তাৰ দায়িত্ব কোনে ল'ব বুলি প্রশ্ন উত্থাপন কৰিছে বংগ ক্ৰিকেটৰ সভাপতিগৰাকীয়ে। গাংগুলীয়ে কয়, 'আমি বি চি চি আইক এই বিষয়ে অৱগত কৰিছোঁ। অৱশ্যে, চূড়ান্ত সিদ্ধান্ত লোৱাৰ বাবে এতিয়াও সময় আছে। যোৱা বছৰতো আনকি ৰাম নৱমীৰ দিনা পূর্বে নির্ধাৰিত আই পি এলৰ সময়-সূচী পৰিৱৰ্তন কৰা হৈছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা