--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জালুকীয়া হৈছে জালুক দি ৰন্ধা বিভিন্ন আঞ্জা। এই আঞ্জাসমূহ সাধাৰণতে আমিষ হয় আৰু ইয়াক বেছিকৈ শীতকালত ৰান্ধি খোৱা হয়। অসমত বিভিন্ন মাছ-মাংসৰ জালুকীয়া খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে আৰু ই অসমৰ জনপ্ৰিয় ব্যঞ্জন। প্ৰসূতি আৰু জ্বৰ-কাঁ‌হ হোৱা ব্যক্তিক ঔষধ হিচাপেও জালুকীয়া খুওৱা হয়।

অসমীয়া মানুহে খোৱা জনপ্ৰিয় জালুকীয়া আঞ্জাসমূহ হল- কুকুৰা মাংসৰ জালুকীয়া, পাৰ মাংসৰ জালুকীয়া, কচুৰ জালুকীয়া, কুচিয়াৰ জালুকীয়া, মাগুৰ, গৰৈ আজি কাঠ মাছৰ জালুকীয়া, নৰসিংহৰ জালুকীয়া আদি।

ৰান্ধনী ঘৰৰ বহুধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোঁতে জালুকৰ ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাছ, মাংস, কণীৰ জোল আদি ব্যঞ্জনত জালুকৰ ব্যৱহাৰে সুকীয়া সোৱাদ আনে। তদুপৰি জালুক দিয়া চাহ খালে ডিঙিৰ খছ–খছনি, পানীলগা, কাঁহ, চৰ্দি আদি সমস্যা নিৰাময় কৰে। জালুক দিয়া চাহ খাবলৈ বৰ ভাল। 

অসমীয়া মানুহে জ্বৰ উঠিলে বা চৰ্দি লাগিলে সাধাৰণতে জালুকীয়া মাংস খায়েই উপশম পায়। জালুকত থকা ভিটামিন A, ভিটামিন C, কেৰ‘টিন, এণ্টি অক্সিডেণ্ট আদি উপাদানসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। যাৰ বাবে কৰ্কটৰ দৰে ভয়ানক ৰোগৰ পৰাও আমি বাচি থাকিব পাৰো। জালুকৰ বহু ঔষধি গুণ আছে। জানো আহক কি কি।


জালুকৰ উপকাৰিতাসমূহঃ

১)শৰীৰৰ বিষ-বেদনা হ’লে জালুক দি খালে বিষ উপশম হয়।

২)জ্বৰ, কাহ, নিউমোনিয়া আদিৰ বাবে জালুক উপকাৰী।

৩)জালুকে শৰীৰৰ মেদ হ্ৰাস কৰা ক্ষেত্ৰত সহায় কৰে।

৪)বেলপাতৰ ৰসৰ সৈতে জালুকৰ গুড়ি ভালদৰে মিহলাই বিহ ফোঁহাৰ চাৰিওফালে প্ৰলেপ দিলে ফোঁহা শুকাই যায়।

৫)জালুকে মুখৰ দুৰ্গন্ধ দূৰ কৰে।

৬)তিনি-চাৰিটামান জালুকৰ গুড়িৰ লগত সামান্য নিমখ মিহলাই খালে সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ হয়।

৭)ফেৰেঞ্জাইটিছ অসুখত দীৰ্ঘদিন ধৰি ভুগি থকা ৰোগীয়ে জালুক খালে উপশম হয়।

৮)পিত্ত ৰোগত আক্ৰান্ত হৈ থকা ৰোগীয়ে জালুক খাব লাগে।

৯)টনছিলৰ অসুখত ভোগা মানুহে ক’লা কচুৰ আঞ্জাৰ লগত চাৰি-পাঁচটামান জালুকৰ গুড়ি মিহলাই খাব লাগে।

১০)হাঁপানী ৰোগৰ বাবে জালুক উপকাৰী।

১১)জালুক যকৃত ৰোগীৰ বাবে অতিকৈ উপকাৰী।

১২)জালুক খালে চকুৰ দৃষ্টি শক্তি বৃদ্ধি পায়।

১৩)ৰক্তচাপ ৰোগীৰ বাবে জালুক উপকাৰী।

১৪) মূৰ বিষৰ বাবে এটা জালুক বেজীৰে ফুটা কৰি সেইটো মʼমৰ শিখাত জ্বলিবলৈ দিয়ক। তাৰ পৰা যি ধোৱা ওলাব, সেই ধোৱাখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক এনে কৰিলে মূৰৰ বিষ দূৰ হয়।

১৫) জালুকে স্মৃতিশক্তি প্ৰখৰ কৰে।

১৬)জালুকে গেছট্ৰিকৰ সমস্যাও নাইকিয়া কৰে।

গতিকে আপোনাৰ খাদ্য তালিকাত জালুকক অন্তৰ্ভূক্ত কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু