--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • আগন্তুক ৪-৬ ঘণ্টাৰ ভিতৰত জম্মু-কাশ্মীৰৰ বহু ঠাইত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত/বিজুলী/ বতাহৰ সৈতে লঘু বৰষুণৰ সম্ভাৱনা

ডিজিটেল ডেস্কঃ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে কঁপাই গ’ল জম্মু–কাশ্মীৰ। জম্মু–কাশ্মীৰৰ কিষ্টাৱাৰত ডাৱৰ বিস্ফোৰণৰ ফলত অভাৱনীয় পৰিস্থিতি।


ধ্বংসস্তূপত পৰিণত কিষ্টাৱাৰৰ চশোতী গাঁও। মছাইল মাতা তীৰ্থ যাত্ৰাৰ সময়তে ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ অহা বানত উটি যায় বহু তীৰ্থ যাত্ৰী। ডাৱৰ বিস্ফোৰণৰ ঘটনাত এইপৰ্যন্ত মৃত্যু হৈছে ১৭জনকৈ লোকৰ।



এতিয়াও সন্ধানহীন হৈ আছে শতাধিক তীৰ্থযাত্ৰী। ভয়ংকৰ দুৰ্যোগটোত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন প্ৰায় অৰ্ধশতাধিক লোক। এইপৰ্যন্ত ৬৫জনকৈ লোকক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। সেনা, SDRF, NDRF বাহিনীয়ে তৎপৰতাৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। আজি দুপৰীয়া প্ৰায় ১২.৩০ বজাত সংঘটিত হয় ডাৱৰ বিস্ফোৰণৰ ঘটনা।


কিষ্টাৱাৰৰ চশৌতি গাঁৱৰ পৰাই আৰম্ভ হয় মছাইল মাতা তীৰ্থ যাত্ৰা। হিন্দু দেৱী মা চণ্ডীৰ উপাসনাস্থলীলৈ প্ৰতি বছৰে যাত্ৰা কৰে হাজাৰ হাজাৰ ভক্তই। যি স্থানৰ পৰা যাত্ৰা আৰম্ভ হয় আজি সেই স্থানতেই সংঘটিত হয় ডাৱৰ বিস্ফোৰণ। খহি পৰা পাহাৰৰ শিল, বোকা মাটিত পলকতে জাহ যায় বহু ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান। যাত্ৰাৰ পূৰ্বে উক্ত স্থানতে তীৰ্থ যাত্ৰীয়ে তম্বু তৰি কিছু সময় জিৰাইছিল। হঠাত অহা প্ৰবল বানত নিমিষতে উটি গ’ল বহুসংখ্যক তীৰ্থযাত্ৰী। নিহতৰ মাজত আছে এজন CISF জোৱানো।


শোকাৱহ ঘটনাৰ পাছতেই গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। সমগ্ৰ ঘটনাৰ বুজ লয় গৃহমন্ত্ৰীগৰাকীয়ে। কিষ্টাৱাৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কিছু দিন পূৰ্বে হিমাচলতো সংঘটিত হৈছিল অনুৰূপ ঘটনা। ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানত ধ্বংসস্তূপত পৰিণত হৈছিল ধৰালী নামৰ অঞ্চলটো। আজি অনুৰূপ ঘটনাত ধ্বংসস্তূপত পৰিণত হ’ল জম্মু–কাশ্মীৰৰ কিষ্টাৱাৰৰ এটা অংশ।


বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণী


আনহাতে, শ্ৰীনগৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে আগন্তুক ৪-৬ ঘণ্টাৰ ভিতৰত জম্মু-কাশ্মীৰৰ বহু ঠাইত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত/বিজুলী/ বতাহৰ সৈতে লঘু বৰষুণৰ সম্ভাৱনা আছে।


কুপৱাৰা, বাৰামুল্লা, বান্দিপোৰা, শ্ৰীনগৰ, গণ্ডাৰবল, বুডগাম, পুঞ্চ, ৰাজৌৰী, ৰিয়াছি, উধামপুৰ, ডোডা, কিস্তৱাৰৰ পাহাৰীয়া অঞ্চল, কাজিগুণ্ড-বানিহাল-ৰামবন অক্ষৰ কিছুমান ঠাইত অলপ সময়ৰ বাবে প্ৰবল বৰষুণ হ’ব পাৰে।


ইয়াৰ বাহিৰেও কিছুমান স্পৰ্শকাতৰ স্থান আৰু পাহাৰীয়া অঞ্চলত ডাৱৰ বিস্ফোৰণ, ক্ষন্তেকীয়া বানপানী/ভূমিস্খলন/ভূমিস্খলন আৰু শিলপতনৰ সম্ভাৱনা আছে। মানুহক ঢিলা গঠন/বিদ্যুতৰ খুঁটা, তাঁৰ আৰু পুৰণি গছৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।


বতৰ বিজ্ঞান বিভাগে ৱুলাৰ হ্ৰদ, ডাল হ্ৰদ আৰু অন্যান্য জলাশয়ত নাওঁ চলোৱা/শিকাৰা যাত্ৰা আৰু অন্যান্য কাম-কাজ পিছুৱাই দিবলৈও অনুৰোধ জনাইছে।


ধৰালীতো ডাৱৰ বিস্ফোৰণৰ ভয়াবহ ঘটনা সংঘটিত হয়


উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৫ আগষ্টত উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ধাৰালীত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে বেয়া বতৰৰ মাজতে বৃহস্পতিবাৰেও দশম দিন ধৰি ধৰালীত নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযান অব্যাহত থাকে।


দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চলত স্নিফাৰ কুকুৰৰ দলে য’তেই সংকেত দি আছে তাতেই খান্দি নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিওৱাৰ প্ৰয়াস কৰা হৈছে। দুৰ্যোগৰ পিছৰে পৰা নেপাল, বিহাৰ আদি ঠাইৰ পৰা আত্মীয়ৰ সন্ধানত ধৰালী পালেগৈ। ক্ষতিগ্ৰস্ত অঞ্চলত আবদ্ধ হৈ থকা ১৩০০ৰো অধিক ভক্ত আৰু স্থানীয় লোকক উলিয়াই অনা হৈছে।


৫ আগষ্টত খিৰগাদ নদীৰ হঠাৎ বানপানীৰ ফলত ধৰালীৰ বহু হোটেল, ঘৰ আৰু ‘হোমষ্টে’ মাটিত ভাঙি পেলোৱা হৈছিল। এই দুৰ্যোগত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬৮ জন লোক নিৰুদ্দেশ হোৱা বুলি প্ৰশাসনে নিশ্চিত কৰিছে। সেনাবাহিনীৰ ৯ জন জোৱানৰ উপৰিও নিৰুদ্দেশ হোৱা লোকৰ ভিতৰত আছে ধৰালী গাঁৱৰ ৮ জন, আশে-পাশে থকা অঞ্চলৰ ৫ জন, তেহৰী জিলাৰ এজন, বিহাৰৰ ১৩ জন, উত্তৰ প্ৰদেশৰ ৬ জন, ৰাজস্থানৰ এজন আৰু নেপালৰ ২৫ জন নাগৰিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement