--°C
Loading...
Listen to Article
2 min read
80%

জাপানঃ ইতিহাস ৰচনাৰ দিশে জাপান। প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ দিশে এগৰাকী মহিলা। এলডিপিৰ নেতা তথা প্ৰাক্তন কেবিনেট সদস্য ছানাই টাকাইছীয়ে জাপানৰ প্ৰধানমন্ত্ৰী পদৰ বাবে সংসদৰ সদস্যসকলৰ পৰা পৰ্যাপ্ত সমৰ্থন লাভ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মহিলা ৰাজনীতিবিদগৰাকীয়ে প্ৰধানমন্ত্ৰী য়োশিহিদেত ছেনীৰ স্থান ল'বলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে শাসনাধিষ্ঠিত দল এলডিপিৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত আইন প্ৰণেতাসকলৰ সমৰ্থন লাভৰ চেষ্টা কৰিছিল টাকাইছীয়ে।

ৰাষ্ট্ৰপতি পদৰ বাবে যুঁজ দি আকাংশিত ফল লাভত ব্যৰ্থ হৈছিল টাকাইছী। এইবাৰ প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মহিলা ৰাজনীতিবিদ গৰাকীয়ে। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ পৰাও বিপুল সমৰ্থন লাভ কৰিছে তেওঁ। উল্লেখ্য যে, জাপানত জাতীয় প্ৰতিৰোধ বাহিনী প্ৰতিষ্ঠাৰ হকে সাংবিধানিক সংশোধনৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে টাকাইছীয়ে। ১৯৯৩ চনত পোন প্ৰথমবাৰৰ বাবে ছানাই টাকাইছী সংসদৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল। এই নিৰ্বাচনত টাকাইছী জয়ী হ’লে জাপানৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হ’ব ছানাই টাকাইছী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক