--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ বিশ্বনাগৰিকৰ সন্মুখত বাৰম্বাৰ উদাৰনীতিৰ কথা দোহাৰি থাকিলেও আপাত দৃষ্টিত সলনি হোৱা নাই তালিবানৰ নৈতিক চৰিত্ৰ। সেইবাবে আফগানভূমিত তালিবানী আগ্ৰাসনৰ সমান্তৰালকৈ বৃদ্ধি পাইছে নাৰকীয় ঘটনাৰ। তালিবানৰ দ্বাৰা সংঘটিত ঘটনাই উদ্বেগ বৃদ্ধি কৰাৰ লগতে ভীতি-সন্ত্ৰস্ত কৰি তুলিছে আফগান নাগৰিকক। মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত উদাৰনীতি গ্ৰহণ কৰিব বুলি আশ্বাস দিয়া তালিবানে পৰৱৰ্তী সময়ত আফগান মহিলাকসকলকে লক্ষ্য কৰি লোৱা দেখা গৈছে।

আফগান মহিলাৰ ওপৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে তালিবানে। বোৰ্খা পৰিধান নকৰা মহিলাৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰা হৈছে। যুদ্ধ-বিধ্বস্ত দেশখনৰ নিয়ন্ত্ৰণ লোৱাৰ পাছত চৰকাৰ গঠনৰ ক্ষেত্ৰত মহিলা প্ৰতিনিধিত্বৰ দাবীত সহস্ৰ আফগান মহিলাই হেৰাটত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ পাছতে ক্ৰমাত্‍ অধিক বিপথগামী হৈছে আফগানিস্তানৰ সমকালীন পৰিস্থিতি। প্ৰতিবাদী সমদলক ছত্ৰভংগ দিয়াবলৈ মহিলাসকলৰ ওপৰত নিৰ্বিচাৰে প্ৰহাৰ কৰিছে তালিবানে। শেহতীয়াকৈ পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা।

আফগানিস্তানৰ ঘোৰ প্ৰদেশত এগৰাকী আফগান মহিলা আৰক্ষীক হত্যা কৰিছে তালিবানে। তেওঁৰ পৰিয়ালৰ সন্মুখতে গুলীয়াই হত্যা কৰা বুলি এগৰাকী আফগান সাংবাদিকে টুইটাৰযোগে সদৰী কৰিছে। জানিবলৈ পোৱা মতে, মহিলা আৰক্ষীগৰাকী ৬মহীয়া গৰ্ভৱতী আছিল। ইয়াৰ পূৰ্বেও আফগান মহিলা কৰ্মী নাৰ্গিছ চাদ্দাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল তালিবানে। কট্টৰপন্থী মৌলবাদী সংগঠনটোৰ সাম্প্ৰতিক স্থিতিত আফগান মহিলাসকলে তালিবানৰ শাসনকালত এক অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই অধিক ঘণীভূত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক