--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাপানীজ সংস্কৃতি বিশ্বৰ অন্যতম আকৰ্ষণীয় বিষয়।তেওঁলোকৰ দীৰ্ঘজীৱন আৰু যৌৱন তেওঁলোকৰ সামগ্ৰিক সংস্কৃতি আৰু জীৱনশৈলীৰ সৈতে জড়িত। সকলোৱে জানে যে জাপানী লোকৰ আয়ুস সীমা আনৰ তুলনাত বেছি। মৃত্যুৰ হাৰো যথেষ্ট কম। আচলতে তেওঁলোকৰ প্ৰাচীন পৰম্পৰাগত প্ৰথাই তেওঁলোকৰ স্বাস্থ্য আৰু যৌৱনৰ মূল চাবিকাঠি ।ইচ্ছা কৰিলে জাপানী সংস্কৃতিৰ কিছুমান অভ্যাস সকলোৱে নিজ নিজ জীৱনত প্ৰয়োগ কৰি সুস্থ জীৱন যাপন অব্যাহত ৰাখিব পাৰে।

চাউল জাপানীসকলৰ প্ৰিয় খাদ্য। পুষ্টিবিদসকলে কয় যে জাপানীসকলৰ দৰে নিয়মিতভাৱে, কম পৰিমাণে ভাত খালে শৰীৰ সুস্থ হৈ থাকিব। গতিকে ডায়েটৰ কৱলত পৰি চাউল বা ভাত এৰি নিদিব 

ন'ৰী - ন'ৰী ( Nori) হৈছে জাপানীজ সকলৰ ৰ অতি জনপ্ৰিয় খাদ্য। ই আচলতে শুকান সাগৰীয় শাক-পাচলি। যুগ যুগ ধৰি ই জাপানী খাদ্যৰ অংশ হৈ আহিছে। সাগৰীয় শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন এ, চি, আৰু ই থাকে। ই এন্টিঅক্সিডেন্টৰে ভৰপূৰ। আনহাতে বৰ্তমান যুগত এই ন'ৰী অনলাইনত সহজেই উপলব্ধ। আপুনি সন্ধান কৰি Nori Sheets বিচাৰি পাব পাৰে আৰু নুডলছ, চাইনিজ বা জাপানীজ খাদ্যৰ সৈতে ইয়াৰ সোৱাদ ল'ব পাৰে।

শাৰীৰিক পৰিশ্ৰম - জাপানীসকলে ফিট, ক্ষীণ শৰীৰ ভাল পায়। গতিকে তেওঁলোকে নিয়মিতভাৱে দৌৰা, জগিং, খোজ কঢ়া, যোগাসন আদি কৰে।

ফাৰমেন্টেত বা কিম্বনযুক্ত খাদ্য -জাপানীসকলে কিম্বন কৰা খাদ্য বহুত খায়। সেই তালিকাত আছে মিছ’, চয়া চচ, টেম্পে, আৰু কিমচি। ইহঁতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু পাচন প্ৰক্ৰিয়া সহজ কৰি তোলে। উল্লেখযোগ্য যে আমাৰ পইটা ভাতটোও কিম্বন কৰা খাদ্য। গতিকে ৰাতিৰ অতিৰিক্ত ভাতখিনি কেতিয়াবা পানীৰে তিয়াই থ’ব লাগে। পাছদিনা নেমু আৰু পিয়াঁজৰ লগত খাব। আপুনিও খাই ভাল পাব আৰু উপকৃত হ’ব। 

গ্ৰীণ টি - জাপানীসকলে গ্ৰীণ টিৰ প্ৰতি অতি আকৰ্ষিত। ই কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়া এন্টিঅক্সিডেন্টেৰে ভৰপূৰ। হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে আৰু শক্তি বৃদ্ধি কৰে। গতিকে প্ৰতিদিনে পুৱা-গধূলি একাপ গ্ৰীণ টি খাব পাৰে। প্ৰথমতে বেয়া লাগিলেও ই এক অভ্যাসত পৰিণত হ’ব

জাপানীজ শাক-পাচলিতো থাকে বহু গুণাগুণ। কোৱা হয় যে ঋতু অনুসৰি, সতেজ শাক-পাচলি স্বাস্থ্যৰ বাবে উত্তম। গতিকে সেইটো মনত ৰাখি প্ৰয়োজন অনুসৰি সতেজ শাক-পাচলি খোৱাতো জৰুৰী ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ