--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সকলোৰে বুদ্ধি একে নহয়, কিছুমান মানুহক কোৱা হয় বুদ্ধিমান, কোৰোবাক কোৱা হয় স্বাভাৱিক আৰু কাৰোবাক অক্ষম বুলি কোৱা হয়। বুদ্ধিমান মানুহে প্ৰতিটো সমস্যাৰ সমাধান অতি সহজে বিচাৰি উলিয়াব পাৰে। মনোবিজ্ঞানীসকলৰ মতে কিছুমান মানুহৰ এনে কিছুমান বিশেষ অভ্যাস আছে যিবোৰ কেৱল বুদ্ধিমান মানুহৰ মাজতহে দেখা পোৱা যায়। বুদ্ধিমান মানুহৰ মাজত দেখা পোৱা এনে পাঁচটা অভ্যাসৰ বিষয়ে জানো আহক : 

১) বাওঁহতীয়া মানুহ: বাওঁহাতৰ মানুহ যে অতি প্ৰতিভাশালী আৰু বুদ্ধিমান সেই কথা আপুনি নিশ্চয় বহুবাৰ শুনিছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত পি এইচ ডি লাভ কৰা আমেৰিকান লেখিকা মাৰিয়া কনিকোডাই ২০০৩ চনত কৰা এক অধ্যয়নত দাবী কৰিছিল যে সোঁহাতৰ মানুহতকৈ বাওঁহাতৰ লোক অধিক কাৰ্যক্ষম। লগতে বিজ্ঞানীসকলে বাওঁহাতৰ আৰু বিচ্ছিন্ন চিন্তাৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছে।

২) চিন্তাশীল : ব্যক্তিত্ব আৰু ব্যক্তিগত পাৰ্থক্যৰ ওপৰত ২০১৫ চনত কৰা এক অধ্যয়ন অনুসৰি বহুত চিন্তা কৰা মানুহ বেছি বুদ্ধিমান। বিজ্ঞানীসকলৰ মতে যিসকল লোক অধিক উদ্বিগ্ন হৈ থাকে তেওঁলোকে নিজৰ কামৰ মানদণ্ডক অধিক গুৰুত্বসহকাৰে লয়।

৩) হাস্যৰসাত্মক : ২০১০ চনত নিউ মেক্সিকো বিশ্ববিদ্যালয়ে এক অধ্যয়ন চলাইছিল। এই অধ্যয়নৰ জৰিয়তে গৱেষকসকলে জানিব পাৰিছে যে হাস্যৰসে বুদ্ধিমত্তাক প্ৰভাৱিত কৰে আৰু আপোনাৰ মগজুৰ ব্যায়াম কৰে।

৪) আনৰ কাম-কাজ জানিবলৈ আগ্ৰহী: যদি আপুনি আনৰ কাম-কাজৰ লগতে নিজৰ কাম-কাজ জানিবলৈ আগ্ৰহী, তেন্তে আপোনাক বুদ্ধিমান বুলি কোৱা হয়। মনোবিজ্ঞানী থমাছ কেমোৰো-প্ৰমুজিকৰ মতে আনৰ বিষয়ে জানিবলৈ আগ্ৰহী লোকসকল বুদ্ধিমান শ্ৰেণীত পৰে।

৫) ৰাতি কৰ্মব্যস্ত লোকসকল: বিজ্ঞানীসকলৰ মতে ৰাতি অধিক উৎপাদনশীল বা ৰাতি অধিক কাম কৰা মানুহক অতি বুদ্ধিমান বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু