--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সকলোৰে বুদ্ধি একে নহয়, কিছুমান মানুহক কোৱা হয় বুদ্ধিমান, কোৰোবাক কোৱা হয় স্বাভাৱিক আৰু কাৰোবাক অক্ষম বুলি কোৱা হয়। বুদ্ধিমান মানুহে প্ৰতিটো সমস্যাৰ সমাধান অতি সহজে বিচাৰি উলিয়াব পাৰে। মনোবিজ্ঞানীসকলৰ মতে কিছুমান মানুহৰ এনে কিছুমান বিশেষ অভ্যাস আছে যিবোৰ কেৱল বুদ্ধিমান মানুহৰ মাজতহে দেখা পোৱা যায়। বুদ্ধিমান মানুহৰ মাজত দেখা পোৱা এনে পাঁচটা অভ্যাসৰ বিষয়ে জানো আহক : 

১) বাওঁহতীয়া মানুহ: বাওঁহাতৰ মানুহ যে অতি প্ৰতিভাশালী আৰু বুদ্ধিমান সেই কথা আপুনি নিশ্চয় বহুবাৰ শুনিছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত পি এইচ ডি লাভ কৰা আমেৰিকান লেখিকা মাৰিয়া কনিকোডাই ২০০৩ চনত কৰা এক অধ্যয়নত দাবী কৰিছিল যে সোঁহাতৰ মানুহতকৈ বাওঁহাতৰ লোক অধিক কাৰ্যক্ষম। লগতে বিজ্ঞানীসকলে বাওঁহাতৰ আৰু বিচ্ছিন্ন চিন্তাৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছে।

২) চিন্তাশীল : ব্যক্তিত্ব আৰু ব্যক্তিগত পাৰ্থক্যৰ ওপৰত ২০১৫ চনত কৰা এক অধ্যয়ন অনুসৰি বহুত চিন্তা কৰা মানুহ বেছি বুদ্ধিমান। বিজ্ঞানীসকলৰ মতে যিসকল লোক অধিক উদ্বিগ্ন হৈ থাকে তেওঁলোকে নিজৰ কামৰ মানদণ্ডক অধিক গুৰুত্বসহকাৰে লয়।

৩) হাস্যৰসাত্মক : ২০১০ চনত নিউ মেক্সিকো বিশ্ববিদ্যালয়ে এক অধ্যয়ন চলাইছিল। এই অধ্যয়নৰ জৰিয়তে গৱেষকসকলে জানিব পাৰিছে যে হাস্যৰসে বুদ্ধিমত্তাক প্ৰভাৱিত কৰে আৰু আপোনাৰ মগজুৰ ব্যায়াম কৰে।

৪) আনৰ কাম-কাজ জানিবলৈ আগ্ৰহী: যদি আপুনি আনৰ কাম-কাজৰ লগতে নিজৰ কাম-কাজ জানিবলৈ আগ্ৰহী, তেন্তে আপোনাক বুদ্ধিমান বুলি কোৱা হয়। মনোবিজ্ঞানী থমাছ কেমোৰো-প্ৰমুজিকৰ মতে আনৰ বিষয়ে জানিবলৈ আগ্ৰহী লোকসকল বুদ্ধিমান শ্ৰেণীত পৰে।

৫) ৰাতি কৰ্মব্যস্ত লোকসকল: বিজ্ঞানীসকলৰ মতে ৰাতি অধিক উৎপাদনশীল বা ৰাতি অধিক কাম কৰা মানুহক অতি বুদ্ধিমান বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ