--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰঃ শিৱসাগৰত তুংগত বীৰ লাচিত সেনাৰ সাংগঠনিক যুঁজ! সংবাদমেলত বিস্ফোৰণ ঘটাইছে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাসহ সংগঠনটোৰ শতাধিক সদস্যই। বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাই জাতীয়তাবাদৰ নামত দালালি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰছে। বীৰ লাচিত সেনাক ৰণ্টু-শৃংখলে বিজেপি-আৰ এছ এছৰ বি-টীমলৈ পৰ্যবসিত কৰিছে।

অসমীয়াৰ প্ৰভূত্ববাদৰ কথা কৈ অসমীয়া যুৱককে ৰামঠগন ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাৰ। চাৰিলেনযুক্ত পথনিৰ্মাণত ব্যৱহৃত কোটিটকীয়া ডাম্পাৰ কেলেংকাৰীৰ সৈতে ৰণ্টু পানীফুকন আৰু শৃংখল চলিহা জড়িত বুলি অভিযোগ উত্থাপন হৈছে। বিহাৰৰ তৌফিক আলমৰ সৈতে মিলি ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাই অসমৰ খিলঞ্জীয়া লোকৰ পৰা কোটি কোটি টকা ডাম্পাৰৰ নামত সংগ্ৰহ কৰি আত্মসাৎ কৰিছে বুলি সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়াইছে।

শিৱসাগৰৰ হোটেল ডিঅ’ভলেণ্টত অনুষ্ঠিত সংবাদমেলত এই বিস্ফোৰণ ঘটাইছে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই। সংবাদমেলত বীৰ লাচিত সেনাৰ বিভিন্ন আঞ্চলিকৰ ২০০গৰাকী সদস্যই বীৰ লাচিত সেনা ত্যাগ কৰিছে। সংবাদমেলতে ডাম্পাৰ কেলেংকাৰীৰ তথ্য প্ৰমাণসহকাৰে প্ৰদৰ্শন কৰিছে লাচিত সেনাৰ নেতাগৰাকীয়ে। ডাম্পাৰ কেলেংকাৰীত ৰণ্টু পানীফুকন জড়িত থকাৰ বহু কেইটা বিস্ফোৰক অডিঅ’ ক্লীপো প্ৰদান কৰে চিতু বৰুৱাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ