--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰঃ শিৱসাগৰত তুংগত বীৰ লাচিত সেনাৰ সাংগঠনিক যুঁজ! সংবাদমেলত বিস্ফোৰণ ঘটাইছে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাসহ সংগঠনটোৰ শতাধিক সদস্যই। বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাই জাতীয়তাবাদৰ নামত দালালি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰছে। বীৰ লাচিত সেনাক ৰণ্টু-শৃংখলে বিজেপি-আৰ এছ এছৰ বি-টীমলৈ পৰ্যবসিত কৰিছে।

অসমীয়াৰ প্ৰভূত্ববাদৰ কথা কৈ অসমীয়া যুৱককে ৰামঠগন ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাৰ। চাৰিলেনযুক্ত পথনিৰ্মাণত ব্যৱহৃত কোটিটকীয়া ডাম্পাৰ কেলেংকাৰীৰ সৈতে ৰণ্টু পানীফুকন আৰু শৃংখল চলিহা জড়িত বুলি অভিযোগ উত্থাপন হৈছে। বিহাৰৰ তৌফিক আলমৰ সৈতে মিলি ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাই অসমৰ খিলঞ্জীয়া লোকৰ পৰা কোটি কোটি টকা ডাম্পাৰৰ নামত সংগ্ৰহ কৰি আত্মসাৎ কৰিছে বুলি সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়াইছে।

শিৱসাগৰৰ হোটেল ডিঅ’ভলেণ্টত অনুষ্ঠিত সংবাদমেলত এই বিস্ফোৰণ ঘটাইছে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই। সংবাদমেলত বীৰ লাচিত সেনাৰ বিভিন্ন আঞ্চলিকৰ ২০০গৰাকী সদস্যই বীৰ লাচিত সেনা ত্যাগ কৰিছে। সংবাদমেলতে ডাম্পাৰ কেলেংকাৰীৰ তথ্য প্ৰমাণসহকাৰে প্ৰদৰ্শন কৰিছে লাচিত সেনাৰ নেতাগৰাকীয়ে। ডাম্পাৰ কেলেংকাৰীত ৰণ্টু পানীফুকন জড়িত থকাৰ বহু কেইটা বিস্ফোৰক অডিঅ’ ক্লীপো প্ৰদান কৰে চিতু বৰুৱাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু