--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: ৬ লাখ কোটি আহৰণৰ বাবে সম্পদ বিক্ৰী কৰাত লাগিছে বিজেপি চৰকাৰে। বিজেপি-আৰএছএছেয়ে দেউলীয়া কৰিছে দেশ। ৯০খন যাত্ৰী, ১৫খন ৰে’ল ষ্টেডিয়াম, ৭৪১ ৰে’ল পৰিসৰ বিক্ৰীৰ চেষ্টা কৰিছে চৰকাৰে। বিজেপি চৰকাৰৰ দিনত দেশ অৰ্থনৈতিকভাৱে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে৷ এই বিস্ফোৰক মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ আজি মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি ৰাইজৰ দলৰ মুৰব্বীগৰাকীয়ে কয়, বিজেপিৰ ৩টা মহা অভিশাপ-- বিমুদ্ৰাকৰণ, জি এছ টি আৰু অপৰিকল্পিত লকডাউন।

এনে অপৰিকল্পিত পদক্ষেপৰ বাবেই হোটেল ব্যৱসায়ীৰ পৰা পৰ্যটন বিভাগলৈ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে। দেশ দেউলীয়া হোৱাৰ কাৰণে সম্পূৰ্ণৰূপে নৰেন্দ্ৰ মোদী জগৰীয়া বুলিও তেওঁ প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ২৪ শতাংশলৈ হ্ৰাস পাইছে বুলিও মন্তব্য কৰে তেওঁ৷ লগতে, বিজেপিৰ হাতত দেশ কোনো কাৰণতে সুৰক্ষিত নহয় দেশ বুলিও মন্তব্য কৰে তেওঁ।

সাম্প্ৰদায়িক আৰু বিভেদকামী ৰাজনীতিৰ পৰা মুক্তি লাগে বুলিও ৰাইজক গোহাৰি জনায় বিধায়কগৰাকীয়ে। মোদীৰ আমোলত সংবাদ মাধ্যম চৰকাৰী প্ৰচাৰযন্ত্ৰৰ নিচিনা হৈছে বুলিও তেওঁ অভিযোগ কৰে। মোদী চৰকাৰে সংবাদ মাধ্যমক দূৰদৰ্শনৰ দৰে কৰি পেলোৱা বুলিও তেওঁ অভিযোগ কৰে। নৰেন্দ্ৰ মোদীৰ শাসনত দেশত আটাইতকৈ বেয়া দিন আহিল বুলিও অভিযোগ কৰে অখিলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ