--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী স্বামীৰ এনে এক কু-কৰ্ম পোহৰলৈ আহিছে যি কথা শুনি সকলো স্তম্ভিত হৈ পৰিছে। স্বামীয়ে পাতিলে জীৱিত পত্নীৰ শ্ৰাদ্ধ। জীৱত পত্নীৰ শ্ৰাদ্ধ পাতিয়েই ক্ষান্ত নাথাকিল স্বামী, তেওঁ এই শ্ৰাদ্ধৰ ফটো ছ'চিয়েল মিডিয়াতো শ্বেয়াৰ কৰে। 

উত্তৰ প্ৰদেশৰ কনৌজত ঘটিছে এই ঘটনা। এগৰাকী অন্য যুৱতীক বিয়া পাতিবলৈকে স্বামীয়ে জীয়াই থকা পত্নীৰ শ্ৰাদ্ধ পাতি নাটক ৰচনা কৰে। পত্নীৰ মৃত্যু হোৱা বুলি কৈ স্বামীয়ে গোপনে আন এগৰাকী যুৱতীক বিয়া পাতে। 

ছ’চিয়েল মিডিয়াত নিজৰ মৃত্যুৰ খবৰ আৰু শ্ৰাদ্ধৰ ফটো দেখি পত্নী স্তম্ভিত হৈ পৰে। ইয়াৰ পিছতে লগেলগে পত্নীয়ে কনৌজ আৰক্ষী চকীত স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। 

কানপুৰৰ বাসিন্দা মহিলাগৰাকীয়ে ২০০৯ চনত কনৌজৰ তালাগ্ৰামৰ ভৱনী চৰাই পোষ্ট মাধৱ নগৰৰ বাসিন্দা সোণেলাল কানোজিয়াৰ পুত্ৰ পৱন পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ পিছত সকলো ঠিকেই চলি আছিল, সময়ত মহিলাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। দুবছৰৰ পাছত তেওঁ আন এটা পুত্ৰ সন্তান জন্ম দিলে। কিন্তু হঠাৎ স্বামীৰ স্বভাৱ সলনি হ’বলৈ ধৰিলে। পত্নীয়ে কয় যে ২০২১-২২ চনত মোৰ স্বামী পৱন পেটেলে ক’ৰবাৰ পৰা এগৰাকী ছোৱালীক আনি নিজৰ লগত ৰাখিবলৈ আৰম্ভ কৰে। মই এই কথাৰ প্ৰতিবাদ কৰিছিলো কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে। তাৰপাছত সেই ঘৰৰ পৰা ওলাই আহি মোৰ সন্তান দুটাৰ সৈতে কানপুৰৰ মা-দেউতাৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিলোঁ। 

কেইদিনমান আগতে মোৰ মৃত্যুৰ খবৰটো মোৰ স্বামীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰিছিল। মোৰ মৃত্যুৰ পিছত তেওঁ শ্ৰাদ্ধৰ ফটোখন তেওঁৰ সকলো ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছিল। কেৱল এয়াই নহয়, মোৰ স্বামীয়ে মোৰ ফটোখন ঘৰত মালা লগাই আঁৰিও দিছিল। আনকি তেওঁ ছ’চিয়েল মিডিয়াত শ্ৰাদ্ধলৈ মানুহক নিমন্ত্ৰণো কৰিছিল। ইয়াৰ পাছতে মোৰ স্বামীয়ে গোপনে সেই ছোৱালীজনীক বিয়া কৰাইছিল।

এই গোচৰত কনৌজ আৰক্ষী বিষয়া অমিত কুমাৰ আনন্দই সংশ্লিষ্ট আৰক্ষী থানাক তৎকালীনভাৱে বিষয়টোৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম