--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী স্বামীৰ এনে এক কু-কৰ্ম পোহৰলৈ আহিছে যি কথা শুনি সকলো স্তম্ভিত হৈ পৰিছে। স্বামীয়ে পাতিলে জীৱিত পত্নীৰ শ্ৰাদ্ধ। জীৱত পত্নীৰ শ্ৰাদ্ধ পাতিয়েই ক্ষান্ত নাথাকিল স্বামী, তেওঁ এই শ্ৰাদ্ধৰ ফটো ছ'চিয়েল মিডিয়াতো শ্বেয়াৰ কৰে। 

উত্তৰ প্ৰদেশৰ কনৌজত ঘটিছে এই ঘটনা। এগৰাকী অন্য যুৱতীক বিয়া পাতিবলৈকে স্বামীয়ে জীয়াই থকা পত্নীৰ শ্ৰাদ্ধ পাতি নাটক ৰচনা কৰে। পত্নীৰ মৃত্যু হোৱা বুলি কৈ স্বামীয়ে গোপনে আন এগৰাকী যুৱতীক বিয়া পাতে। 

ছ’চিয়েল মিডিয়াত নিজৰ মৃত্যুৰ খবৰ আৰু শ্ৰাদ্ধৰ ফটো দেখি পত্নী স্তম্ভিত হৈ পৰে। ইয়াৰ পিছতে লগেলগে পত্নীয়ে কনৌজ আৰক্ষী চকীত স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। 

কানপুৰৰ বাসিন্দা মহিলাগৰাকীয়ে ২০০৯ চনত কনৌজৰ তালাগ্ৰামৰ ভৱনী চৰাই পোষ্ট মাধৱ নগৰৰ বাসিন্দা সোণেলাল কানোজিয়াৰ পুত্ৰ পৱন পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ পিছত সকলো ঠিকেই চলি আছিল, সময়ত মহিলাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। দুবছৰৰ পাছত তেওঁ আন এটা পুত্ৰ সন্তান জন্ম দিলে। কিন্তু হঠাৎ স্বামীৰ স্বভাৱ সলনি হ’বলৈ ধৰিলে। পত্নীয়ে কয় যে ২০২১-২২ চনত মোৰ স্বামী পৱন পেটেলে ক’ৰবাৰ পৰা এগৰাকী ছোৱালীক আনি নিজৰ লগত ৰাখিবলৈ আৰম্ভ কৰে। মই এই কথাৰ প্ৰতিবাদ কৰিছিলো কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে। তাৰপাছত সেই ঘৰৰ পৰা ওলাই আহি মোৰ সন্তান দুটাৰ সৈতে কানপুৰৰ মা-দেউতাৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিলোঁ। 

কেইদিনমান আগতে মোৰ মৃত্যুৰ খবৰটো মোৰ স্বামীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰিছিল। মোৰ মৃত্যুৰ পিছত তেওঁ শ্ৰাদ্ধৰ ফটোখন তেওঁৰ সকলো ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছিল। কেৱল এয়াই নহয়, মোৰ স্বামীয়ে মোৰ ফটোখন ঘৰত মালা লগাই আঁৰিও দিছিল। আনকি তেওঁ ছ’চিয়েল মিডিয়াত শ্ৰাদ্ধলৈ মানুহক নিমন্ত্ৰণো কৰিছিল। ইয়াৰ পাছতে মোৰ স্বামীয়ে গোপনে সেই ছোৱালীজনীক বিয়া কৰাইছিল।

এই গোচৰত কনৌজ আৰক্ষী বিষয়া অমিত কুমাৰ আনন্দই সংশ্লিষ্ট আৰক্ষী থানাক তৎকালীনভাৱে বিষয়টোৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়