--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ আমেৰিকাত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত প্ৰতি ঘণ্টাত ১০ জন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে অবৈধভাৱে দেশখনত প্ৰৱেশ কৰা লোকৰ তথ্য প্ৰকাশ কৰিছে আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষা বিভাগে।

এই পৰিসংখ্যা অনুসৰি যোৱা বছৰ অবৈধভাৱে সীমান্ত পাৰ হোৱাৰ অপৰাধত ২৯ লাখ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে ৯০,৪১৫ জন ভাৰতীয়। ইয়াৰে ৪৩,৭৬৪জনক আমেৰিকা-কানাডা সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় সংস্থাসমূহৰ মতে সীমান্ত পাৰ হোৱা ভাৰতীয়ৰ ৫০ শতাংশতকৈ অধিক গুজৰাটৰ।

অৱশ্যে যোৱা বছৰৰ তুলনাত এই সংখ্যা হ্ৰাস পাইছে। ২০২২-২৩ বৰ্ষত অবৈধ সীমান্ত পাৰ হোৱাৰ অপৰাধত ৯৬,৯১৭ জন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছিল। কানাডাৰ ফালৰ পৰা সীমান্ত পাৰ হোৱাৰ পৰিসংখ্যাই দেখুৱাইছে যে ভাৰতীয়সকলে এতিয়া মেক্সিকোৰ ডিংকি পথৰ পৰিৱৰ্তে কানাডাক প্ৰথম সুৰংগ হিচাপে ব্যৱহাৰ কৰিছে। আচলতে আমেৰিকাই মেক্সিকো সীমান্তত সতৰ্কতা বৃদ্ধি কৰিছে।

একেদৰে মেক্সিকোতকৈ কানাডাৰ ফালৰ পৰা সীমান্ত পাৰ হোৱাটো সহজ। কানাডালৈ ভিছা (Visa) লৈ যোৱা ভাৰতীয়সকলে তাৰ পৰা টেক্সিৰে সীমান্ত পাৰ হৈ আমেৰিকা পায়গৈ। কিন্তু শেহতীয়া বছৰবোৰত আমেৰিকাই ইয়াতো চেক পোষ্ট কঠোৰ কৰি তুলিছে। কিন্তু তথ্য অনুসৰি কানাডাৰ সীমান্তৰ পৰা গ্ৰেপ্তাৰ হোৱা ভাৰতীয়ৰ সংখ্যা সীমান্ত অতিক্ৰম কৰা ভাৰতীয়তকৈ বহু কম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়