--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ আমেৰিকাত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত প্ৰতি ঘণ্টাত ১০ জন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে অবৈধভাৱে দেশখনত প্ৰৱেশ কৰা লোকৰ তথ্য প্ৰকাশ কৰিছে আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষা বিভাগে।

এই পৰিসংখ্যা অনুসৰি যোৱা বছৰ অবৈধভাৱে সীমান্ত পাৰ হোৱাৰ অপৰাধত ২৯ লাখ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে ৯০,৪১৫ জন ভাৰতীয়। ইয়াৰে ৪৩,৭৬৪জনক আমেৰিকা-কানাডা সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় সংস্থাসমূহৰ মতে সীমান্ত পাৰ হোৱা ভাৰতীয়ৰ ৫০ শতাংশতকৈ অধিক গুজৰাটৰ।

অৱশ্যে যোৱা বছৰৰ তুলনাত এই সংখ্যা হ্ৰাস পাইছে। ২০২২-২৩ বৰ্ষত অবৈধ সীমান্ত পাৰ হোৱাৰ অপৰাধত ৯৬,৯১৭ জন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছিল। কানাডাৰ ফালৰ পৰা সীমান্ত পাৰ হোৱাৰ পৰিসংখ্যাই দেখুৱাইছে যে ভাৰতীয়সকলে এতিয়া মেক্সিকোৰ ডিংকি পথৰ পৰিৱৰ্তে কানাডাক প্ৰথম সুৰংগ হিচাপে ব্যৱহাৰ কৰিছে। আচলতে আমেৰিকাই মেক্সিকো সীমান্তত সতৰ্কতা বৃদ্ধি কৰিছে।

একেদৰে মেক্সিকোতকৈ কানাডাৰ ফালৰ পৰা সীমান্ত পাৰ হোৱাটো সহজ। কানাডালৈ ভিছা (Visa) লৈ যোৱা ভাৰতীয়সকলে তাৰ পৰা টেক্সিৰে সীমান্ত পাৰ হৈ আমেৰিকা পায়গৈ। কিন্তু শেহতীয়া বছৰবোৰত আমেৰিকাই ইয়াতো চেক পোষ্ট কঠোৰ কৰি তুলিছে। কিন্তু তথ্য অনুসৰি কানাডাৰ সীমান্তৰ পৰা গ্ৰেপ্তাৰ হোৱা ভাৰতীয়ৰ সংখ্যা সীমান্ত অতিক্ৰম কৰা ভাৰতীয়তকৈ বহু কম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম