--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নয়ডাৰ এটা আৱাসিক কমপ্লেক্সত পোহনীয়া কুকুৰক খোজ কঢ়াবলৈ লৈ গৈ থকা অৱস্থাত বৃদ্ধ দম্পতীৰ সৈতে তীব্ৰ কাজিয়াত লিপ্ত হয় দুগৰাকী মহিলা। তৰ্ক ইমানেই তীব্ৰতৰ হৈ পৰিল যে এগৰাকী মহিলাই আক্ৰমণ কৰে বৃদ্ধ দম্পতীক। ইয়াৰ পিছত নয়ডা আৰক্ষীয়ে মহিলাকেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ আইনী প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে।

বৃদ্ধ দম্পতীহালে মহিলাসকলক তেওঁলোকৰ কুকুৰটো বান্ধিবলৈ কোৱাৰ পৰাই তৰ্ক আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। এজন সহবাসীয়ে ৰেকৰ্ড কৰা এটা ভিডিঅ’ত দুগৰাকী মহিলাই দম্পতীহালৰ সৈতে কাজিয়া কৰা দেখা গৈছে। এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত এগৰাকী মহিলাই কয়, "মই বহুত কিবা-কিবি কৰিব পাৰো। মই এনেকুৱা এটা চৰ মাৰিম...," এইষাৰ কথা কৈয়ে মহিলাগৰাকীক বৃদ্ধাগৰাকীক চৰ মাৰি দিয়ে।

ইনষ্টাগ্ৰামত পোষ্ট কৰা ভাইৰেল ভিডিঅ’ত দুগৰাকী মহিলাই এহাল দম্পতীৰ সৈতে কাজিয়া কৰা দেখা গৈছে ৷ তেওঁলোকৰ গোচৰত আন বাসিন্দাসকলে হস্তক্ষেপ কৰি জ্যেষ্ঠ নাগৰিকক আক্ৰমণ কৰাত বাধা দিয়ে। নয়ডাৰ ৭৮ নং ছেক্টৰৰ হাইড পাৰ্ক ছ’চাইটিত সংঘটিত হৈছে এই ঘটনা। 

এক প্রতিবেদন অনুসৰি এজন বৃদ্ধ লোকৰ পৰা এজাহাৰ পোৱাৰ পাছতে ছেক্টৰ ১১৩ থানাত আক্রমণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ অৱশ্যে শুকুৰবাৰে পুৱা মহিলাগৰাকীয়ে ক্ষমা বিচৰাৰ পিছতে বিষয়টো সমাধান হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম