--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুগৰাকী বান্ধৱীৰ মাজত আৰম্ভ হল প্ৰেম। প্ৰেম ইমানেই গভীৰ হল যে দুয়ো বিয়া পতাৰ সিদ্ধান্ত ললে। ইয়াৰ বাবে এগৰাকীয়ে নিজকে পুৰুষ কৰিবলৈও প্ৰস্তুত হল। লিংগ পৰিৱৰ্তন কৰি এগৰাকী যুৱতী হল যুৱক, তাৰপাছত পাতিলে বিয়া।
कन्नौज में दो लड़कियों ने आपस में रचाई शादी
উত্তৰ প্ৰদেশৰ কনৌজত ঘটিছে এই ঘটনা। দুয়োৰে প্ৰেম ইমানেই বাঢ়ি আহিল যে তেওঁলোকে ইজনে সিজনক এৰি থাকিব নোৱাৰা হ’ল। এনে পৰিস্থিতিত এগৰাকীয়ে ৭ লাখ টকা খৰচ কৰি তেওঁৰ লিংগ সলনি কৰি দিলে। ইয়াৰ পিছত তেওঁ নিজৰ নামটোও সলনি কৰিলে।ছোৱালীৰ পৰা ল’ৰালৈ সলনি হৈ তেওঁ বিউটিচিয়ান বান্ধৱীক বিয়া পাতি ল’লে। এই বিবাহ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই নৱ বিবাহিত দম্পতীৰ ছবি। লিংগ পৰিৱৰ্তন কৰা ছোৱালীজনী কনৌজৰ এগৰাকী ব্যৱসায়ীৰ কন্যা আছিল।

জানিব পৰা মতে, ২০২০ চনত দুয়ো চিনাকি হৈছিল। ব্যৱসায়ীৰ কন্যাই লিংগ সলনিৰ বাবে এতিয়ালৈকে তিনিটাকৈ অপাৰেচন কৰা বুলিও চৰ্চা চলিছে। সম্পূৰ্ণ ল’ৰাৰ দৰে দেখাবলৈ তেওঁ চতুৰ্থটো অপাৰেচন কৰিব লাগিব।

ব্যৱসায়ীজনৰ কন্যাই সৰুৰে পৰাই ল’ৰাৰ দৰে জীৱন-যাপনৰ প্ৰতি আকৰ্ষিত আছিল। আৰম্ভণিৰে পৰাই তেওঁ পুৰুষৰ দৰে সাজ-পোছাক পিন্ধি একে ষ্টাইলতে ঘূৰি ফুৰিছিল। অৱশেষত প্ৰেমৰ বাবে অপাৰেচন কৰি লিংগ পৰিৱৰ্তন কৰিলে আৰু যুৱতীৰ পৰা যুৱক হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?