--°C
Loading...
Listen to Article
2 min read
80%

ভূৱনেশ্বৰ : দেশৰ কোনো প্ৰান্ততে সুৰক্ষিত নহয় নাৰী। সুৰক্ষিত নহয় ফুলকুমলীয়া শিশু এটিও। শেহতীয়াকৈ ওড়িশাত সংঘটিত এক ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ আৰু তাৰ পাছত হত্যাৰ চেষ্টা চলোৱাৰ জঘন্য ঘটনা সংঘটিত হৈছে ওড়িশাত। ওড়িশাৰ গঞ্জাম জিলাত এই ঘটনা সংঘটিত হয়। ঘটা সম্পৰ্কত কালি আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। এটি ৭বছৰীয়া শিশুক দলবদ্ধভাৱে ধৰ্ষণ কৰাই নহয়, ধৰ্ষণত বাধা দিয়াৰ বাবে দুৰ্বৃত্তই ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰিছিল।

আৰু পঢ়িব পাৰিব : পুনৰ সামৰিক অভ্যুত্থান, ম্যানমাৰত গণতন্ত্ৰৰ অপমৃত্যু!

সুৰামত্ত অৱস্থাত থকা অভিযুক্ত লোক দুজনে শিশুটিক ইটাৰেও আঘাত কৰিছিল। ইয়াৰে এজন অভিযুক্তক গাঁওবাসীয়ে ঘটনা সংঘটিত হোৱাৰ পাছতে বেয়াকৈ প্ৰহাৰ কৰে বুলি প্ৰকাশ কৰিছে গঞ্জামৰ আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনাৰ সবিশেষ প্ৰকাশ কৰি জনাইছে যে, যোৱা বৃহস্পতিবাৰেই এই জঘন্য ঘটনা সংঘটিত হৈছিল।

গোলান্থাৰা আৰক্ষী থানাৰ অন্তৰ্গত গাঁওখনত শিশুটিয়ে তেওঁৰ ভাতৃৰ সৈতে ঘৰৰ কাষতে খেলি আছিল আৰু তাৰ মাজতে প্ৰস্ৰাৱ কৰাৰ বাবে অলপ আঁতৰৰ কালভাৰ্ট এটাৰ কাষলৈ যায় সেই সময়তে অভিযুক্ত ৰুতু বেহেৰা আৰু হেমন্ত বেহেৰাই শিশুটিক কালভাৰ্টটোৰ ভিতৰলৈ টানি নি বলাৎকাৰৰ চেষ্টা চলায়।

আৰু পঢ়িব পাৰিব : প্ৰতিষেধক বিকাশৰ বাবে বাজেটত ধাৰ্য ৩৫,০০০ কোটি টকা

শিশুটিয়ে চিঞৰ-বাখৰ কৰাত সুৰামত্ত লোক দুজনে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলায়। কেৱল এয়াই নহয়, ইটাৰে একাধিকবাৰ আঘাত কৰাৰ ফলত শিশুটিয়ে মূৰ, মুখ আৰু কাণত গুৰুতৰ আঘাত পোৱা বুলিও প্ৰকাশ কৰিছে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই। শিশুটিক হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে আৰু তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ