--°C
Loading...
Listen to Article
2 min read
80%

ভূৱনেশ্বৰ : দেশৰ কোনো প্ৰান্ততে সুৰক্ষিত নহয় নাৰী। সুৰক্ষিত নহয় ফুলকুমলীয়া শিশু এটিও। শেহতীয়াকৈ ওড়িশাত সংঘটিত এক ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ আৰু তাৰ পাছত হত্যাৰ চেষ্টা চলোৱাৰ জঘন্য ঘটনা সংঘটিত হৈছে ওড়িশাত। ওড়িশাৰ গঞ্জাম জিলাত এই ঘটনা সংঘটিত হয়। ঘটা সম্পৰ্কত কালি আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। এটি ৭বছৰীয়া শিশুক দলবদ্ধভাৱে ধৰ্ষণ কৰাই নহয়, ধৰ্ষণত বাধা দিয়াৰ বাবে দুৰ্বৃত্তই ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰিছিল।

আৰু পঢ়িব পাৰিব : পুনৰ সামৰিক অভ্যুত্থান, ম্যানমাৰত গণতন্ত্ৰৰ অপমৃত্যু!

সুৰামত্ত অৱস্থাত থকা অভিযুক্ত লোক দুজনে শিশুটিক ইটাৰেও আঘাত কৰিছিল। ইয়াৰে এজন অভিযুক্তক গাঁওবাসীয়ে ঘটনা সংঘটিত হোৱাৰ পাছতে বেয়াকৈ প্ৰহাৰ কৰে বুলি প্ৰকাশ কৰিছে গঞ্জামৰ আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনাৰ সবিশেষ প্ৰকাশ কৰি জনাইছে যে, যোৱা বৃহস্পতিবাৰেই এই জঘন্য ঘটনা সংঘটিত হৈছিল।

গোলান্থাৰা আৰক্ষী থানাৰ অন্তৰ্গত গাঁওখনত শিশুটিয়ে তেওঁৰ ভাতৃৰ সৈতে ঘৰৰ কাষতে খেলি আছিল আৰু তাৰ মাজতে প্ৰস্ৰাৱ কৰাৰ বাবে অলপ আঁতৰৰ কালভাৰ্ট এটাৰ কাষলৈ যায় সেই সময়তে অভিযুক্ত ৰুতু বেহেৰা আৰু হেমন্ত বেহেৰাই শিশুটিক কালভাৰ্টটোৰ ভিতৰলৈ টানি নি বলাৎকাৰৰ চেষ্টা চলায়।

আৰু পঢ়িব পাৰিব : প্ৰতিষেধক বিকাশৰ বাবে বাজেটত ধাৰ্য ৩৫,০০০ কোটি টকা

শিশুটিয়ে চিঞৰ-বাখৰ কৰাত সুৰামত্ত লোক দুজনে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলায়। কেৱল এয়াই নহয়, ইটাৰে একাধিকবাৰ আঘাত কৰাৰ ফলত শিশুটিয়ে মূৰ, মুখ আৰু কাণত গুৰুতৰ আঘাত পোৱা বুলিও প্ৰকাশ কৰিছে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই। শিশুটিক হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে আৰু তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু