--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১৫ আগষ্টত হিমাচল প্ৰদেশৰ ২০,২১৯ ফুট উচ্চতাৰ মাউণ্ট চিনকুন পশ্চিমৰ শিখৰত আৰোহণ কৰি জাতীয় পতাকা উত্তোলন কৰে ছোনিয়াই।

ডিজিটেল ডেস্ক : ভাৰতৰ এগৰাকী সাহসী কন্যা।যাৰ অদম্য সাহস এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।  উত্তৰ প্ৰদেশৰ ঝান্সীৰ কন্যা ছোনিয়া কুশৱাহাই পৰ্বতাৰোহণৰ ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে।


১৫ আগষ্টত হিমাচল প্ৰদেশৰ ২০,২১৯ ফুট উচ্চতাৰ মাউণ্ট চিনকুন পশ্চিমৰ শিখৰত আৰোহণ কৰি জাতীয় পতাকা উত্তোলন কৰে ছোনিয়াই। ঝান্সীৰ ৰেলৱে সংমণ্ডলত অ’ এছ হিচাপে কৰ্মৰত ছোনিয়াই এই সাফল্যৰে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।


মাউণ্ট চিনকুন পশ্চিম বগাবলৈ কৰা যাত্ৰাটো ছোনিয়াৰ বাবে একেবাৰে সহজ নাছিল। তেওঁৰ সৈতে গ’ ক্লাইম্বৰ পাঁচজনীয়া দল এটাও আছিল, য’ত নৰেশ কুমাৰ, ফুৰছিম্বা শ্বেৰপা, সন্তোষ কাপ্ৰবান আৰু মিগমা টেনজিঙো আছিল। শিখৰত ত্ৰিৰংগা উত্তোলন কৰাৰ পিছত তেওঁলোকে উভতি অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ছোনিয়াই কয় যে হঠাতে বৰফ পৰাৰ বাবে তেওঁলোক মাজ বাটত আবদ্ধ হৈ পৰিছিল। অত্যন্ত ঠাণ্ডাৰ বাবে পানীৰ সকলো উৎস জমা হৈ পৰিছিল, যাৰ বাবে তেওঁলোকে পিয়াহ দূৰ কৰিবলৈ বৰফ খাবলগীয়া হৈছিল। ১৪ ঘন্টা পানী নোহোৱাকৈ আছিল দলটো।


ঝান্সীৰ চুজে খান খিদকী বাহাৰৰ বাসিন্দা ছোনিয়া কুশৱাহা। তেওঁৰ পিতৃ হৰিমোহন কুশৱাহা এজন ব্যৱসায়ী। ছোনিয়াই নিজৰ এই কৃতিত্বৰ অংশীদাৰ হিচাপে নিজৰ পৰিয়াল আৰু দলটোৰ কথা ক’লে। ছোনিয়াই কয় যে তেওঁ আগতে হকী খেলুৱৈ আছিল আৰু গোৱালিয়ৰৰ এখন একাডেমীৰ পৰা প্ৰশিক্ষণ লৈছে। ছোনিয়াই ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী মেচ খেলিছে আৰু তেওঁ গ’লৰক্ষক হিচাপে পৰিচিত।


ছোনিয়াৰ সাহস আৰু দৃঢ়তাই সকলোকে গৌৰৱ অনুভৱ কৰাইছে। ছোনিয়াই জনোৱা মতে, বেয়া বতৰৰ বাবে আৱদ্ধ হৈ থকাৰ সময়ত তেওঁলোকে চেটেলাইট ফোনযোগে পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল। তেওঁলোকৰ এই সাহসী যাত্ৰাই প্ৰমাণ কৰিলে যে যদি মনোবল শক্তিশালী হয় তেন্তে কোনো সমস্যাই আগবাঢ়ি যোৱাত বাধা দিব নোৱাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ