--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১৫ আগষ্টত হিমাচল প্ৰদেশৰ ২০,২১৯ ফুট উচ্চতাৰ মাউণ্ট চিনকুন পশ্চিমৰ শিখৰত আৰোহণ কৰি জাতীয় পতাকা উত্তোলন কৰে ছোনিয়াই।

ডিজিটেল ডেস্ক : ভাৰতৰ এগৰাকী সাহসী কন্যা।যাৰ অদম্য সাহস এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।  উত্তৰ প্ৰদেশৰ ঝান্সীৰ কন্যা ছোনিয়া কুশৱাহাই পৰ্বতাৰোহণৰ ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে।


১৫ আগষ্টত হিমাচল প্ৰদেশৰ ২০,২১৯ ফুট উচ্চতাৰ মাউণ্ট চিনকুন পশ্চিমৰ শিখৰত আৰোহণ কৰি জাতীয় পতাকা উত্তোলন কৰে ছোনিয়াই। ঝান্সীৰ ৰেলৱে সংমণ্ডলত অ’ এছ হিচাপে কৰ্মৰত ছোনিয়াই এই সাফল্যৰে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।


মাউণ্ট চিনকুন পশ্চিম বগাবলৈ কৰা যাত্ৰাটো ছোনিয়াৰ বাবে একেবাৰে সহজ নাছিল। তেওঁৰ সৈতে গ’ ক্লাইম্বৰ পাঁচজনীয়া দল এটাও আছিল, য’ত নৰেশ কুমাৰ, ফুৰছিম্বা শ্বেৰপা, সন্তোষ কাপ্ৰবান আৰু মিগমা টেনজিঙো আছিল। শিখৰত ত্ৰিৰংগা উত্তোলন কৰাৰ পিছত তেওঁলোকে উভতি অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ছোনিয়াই কয় যে হঠাতে বৰফ পৰাৰ বাবে তেওঁলোক মাজ বাটত আবদ্ধ হৈ পৰিছিল। অত্যন্ত ঠাণ্ডাৰ বাবে পানীৰ সকলো উৎস জমা হৈ পৰিছিল, যাৰ বাবে তেওঁলোকে পিয়াহ দূৰ কৰিবলৈ বৰফ খাবলগীয়া হৈছিল। ১৪ ঘন্টা পানী নোহোৱাকৈ আছিল দলটো।


ঝান্সীৰ চুজে খান খিদকী বাহাৰৰ বাসিন্দা ছোনিয়া কুশৱাহা। তেওঁৰ পিতৃ হৰিমোহন কুশৱাহা এজন ব্যৱসায়ী। ছোনিয়াই নিজৰ এই কৃতিত্বৰ অংশীদাৰ হিচাপে নিজৰ পৰিয়াল আৰু দলটোৰ কথা ক’লে। ছোনিয়াই কয় যে তেওঁ আগতে হকী খেলুৱৈ আছিল আৰু গোৱালিয়ৰৰ এখন একাডেমীৰ পৰা প্ৰশিক্ষণ লৈছে। ছোনিয়াই ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী মেচ খেলিছে আৰু তেওঁ গ’লৰক্ষক হিচাপে পৰিচিত।


ছোনিয়াৰ সাহস আৰু দৃঢ়তাই সকলোকে গৌৰৱ অনুভৱ কৰাইছে। ছোনিয়াই জনোৱা মতে, বেয়া বতৰৰ বাবে আৱদ্ধ হৈ থকাৰ সময়ত তেওঁলোকে চেটেলাইট ফোনযোগে পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল। তেওঁলোকৰ এই সাহসী যাত্ৰাই প্ৰমাণ কৰিলে যে যদি মনোবল শক্তিশালী হয় তেন্তে কোনো সমস্যাই আগবাঢ়ি যোৱাত বাধা দিব নোৱাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু