--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৮ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া জিম্বাবোৱেৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে শনিবাৰে ভাৰতীয় দল ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। শিখৰ ধাৱানৰ নেতৃত্বত জিম্বাবোৱে ভ্ৰমণ কৰিবলগীয়া এই ১৫ জনীয়া দলটোত পূৰ্বে চৰ্চা হোৱাৰ দৰেই কেইবাগৰাকীও জেষ্ঠ আৰু নিয়মীয়া খেলুৱৈক বিশ্ৰাম দিয়া হৈছে। দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ লগতে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী, বুমৰাহ, পাণ্ডিয়া, পণ্ট, জাদেজা, চাহাল, আয়াৰ আৰু সূৰ্যকুমাৰ যাদৱক শৃংখলাটোত বিশ্ৰাম দিয়া হৈছে।

ইয়াৰ বিপৰীতে অধিকাংশ যুৱ ক্ৰিকেটাৰেৰে সীমিত অভাৰৰ শৃংখলাটোৰ বাবে বিচিচিআই- এ দলটো গঠন কৰিছে। আঘাতৰ বাবে দীৰ্ঘদিনৰ পৰা দলৰ বাহিৰত থকা অলৰাউণ্ডাৰ দীপক চাহাৰেও দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে। আগন্তুক টি-২০ বিশ্বকাপৰ পূৰ্বে চাহাৰ আঘাতৰ পৰা মুক্ত হৈ উঠাতো ভাৰতীয় দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

ইতিমধ্যে নিজৰ চুইং দক্ষতাৰ লগতে নিয়ন্ত্ৰিত বলিঙৰ জৰিয়তে চাহাৰে সীমিত অভাৰৰ ক্ৰিকেটত নিজকে এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ হিচাপে প্ৰমাণ কৰিছে। তদুপৰি নিম্নক্ৰমত ইতিমধ্যে নিজৰ বেটিং পাৰদৰ্শিতাৰো পৰিচয় দিছে চাহাৰে। এনে অৱস্থাত টি-২০ বিশ্বকাপৰ পূৰ্বে চাহাৰে নিজকে ফিট প্ৰমাণ কৰাৰ সুৱৰ্ণ সুযোগ লাভ কৰিছে।

চাহাৰৰ লগতে দীৰ্ঘদিনৰ মূৰত পুনৰ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছে আন এগৰাকী স্পিন বলিং অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ। আঘাতৰ বাবে সুন্দৰো বিগত সময়চোৱাত দলৰ পৰা বাহিৰত আছিল। জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাত সুন্দৰেও নিজৰ যোগ্যতা প্ৰমাণৰ এক সুন্দৰ সুযোগ লাভ কৰিব।

আনহাতে যুৱ তাৰকা ৰাহুল ত্ৰিপাঠী আৰু ৰুতুৰাজ গায়কোৱাডকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। মিডল অৰ্ডাৰত কেইবাগৰাকীও নিয়মীয়া খেলুৱৈৰ অনুপস্থিতিত দুয়োগৰাকী খেলুৱৈয়ে এদিনীয়াত আত্মপ্ৰকাশৰ সুযোগ লাভৰ সম্ভাৱনা আছে।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হোৱা শুভমন গিলে জিম্বাবোৱেতো ধাৱানৰ সৈতে ইনিংছ মুকলি কৰাটো প্ৰায় নিশ্চিত। সেইদৰে ইতিমধ্যে সুযোগ লাভ কৰা মেচসমূহত উন্নত প্ৰদৰ্শন দাঙি ধৰা দীপক হুডাই মিডল অৰ্ডাৰত নিয়মীয়া খেলুৱৈ কেইবাগৰাকীৰ অভাৱ পূৰণ কৰিব লাগিব।

দলত উইকেটৰক্ষক হিচাপে স্থান দিয়া হৈছে সঞ্জু চেমছন আৰু ঈষান কিষণক। সেইদৰে দলৰ বলিং আক্ৰমণৰ নেতৃত্ব চম্ভালিব মহম্মদ চিৰাজে। চিৰাজক পেচ বিভাগত চাহাৰৰ লগতে শাৰ্দুল ঠাকুৰ, প্ৰসিধ কৃষ্ণ, আভেশ খানে সহযোগিতা আগবঢ়াব।

আনহাতে স্পিনাৰ হিচাপে দলত থাকিব অভিজ্ঞ কুলদীপ যাদৱ, অক্সৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰ। শৃংখলাটোৰ বাবে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ নাম দলত অন্তৰ্ভুক্ত কৰা হ’ব বুলি চৰ্চা চলিছিল যদিও বিচিচিআই- এ কোহলীক পুনৰ বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লয়।

ঘোষিত ভাৰতীয় দলঃ শিখৰ ধাৱান (অধিনায়ক), ৰুতুৰাজ গায়কোৱাড, শুভমান গিল, দীপক হুডা, ৰাহুল ত্ৰিপাঠী, ঈশান কিষণ (উইকেট-ৰক্ষক), সঞ্জু চেমছন (উইকেট-ৰক্ষক), ৱাশ্বিংটন সুন্দৰ, শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, অক্সৰ পেটেল, আভেশ খান, প্ৰসিধ কৃষ্ণ, মহম্মদ চিৰাজ, দীপক চাহাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ