--°C
Loading...
Listen to Article
2 min read
80%
“মই মোৰ জীৱনৰ পৰা পলায়ন কৰিব বিচাৰিছিলো, আমি বহুত দৰিদ্ৰ আছিলো। আমি দৰিদ্ৰতাৰ সৈতে বৰকৈ যুঁজ দিব লগা হৈছিল। বিদ্যুতৰ অভাৱ আছিল। আমি শুই থাকোঁতে মহে আমাক শুবলৈ শান্তি দিয়া নাছিল কাৰণ আমাৰ এখন আঁঠুৱাও নাছিল। আমাৰ তেনেই সৰু ঘৰটোত বৰষুণ দিলে পানী পৰিছিল। আমাৰ মা-দেউতাই যথাসাধ্য চেষ্টা কৰিছিল ঘৰখন ভালকৈ পৰিচালনা কৰিবলৈ কিন্তু পৰা নাছিল। দেউতা আছিল এজন সাধাৰণ ড্ৰাইভাৰ আৰু মায়ে আনৰ ঘৰত বনকৰা মহিলা হিচাপে কাম কৰিছিল।। মোৰ ঘৰৰ ওচৰত এখন হকী একাডেমী আছিল। তালৈ মই খেলুৱৈসকলৰ অনুশীলন চাবলৈ গৈছিলোঁ আৰু ঘণ্টা ঘণ্টা সময় অতিবাহিত কৰিছিলোঁ। মোৰো হকী খেলাৰ প্ৰবল ইচ্ছা জাগি উঠিছিল। 

দেউতাই দৈনিক ৮০ টকা উপাৰ্জন কৰিছিল। দেউতাই মোৰ বাবে এডাল হকী ষ্টিক কিনাটো তেওঁৰ সাধ্যৰ বাহিৰত আছিল। প্ৰতিদিনে হকী একাডেমীখনলৈ গৈছিলোঁ আৰু প্ৰশিক্ষকক জোৰ দিছিলোঁ,মোকো হকী শিকাবলৈ। প্ৰশিক্ষকগৰাকীয়ে মোক একাষাৰতে প্ৰত্যাখ্যান কৰিছিল কাৰণ মোৰ শৰীৰ পুষ্টিহীনতাত ভুগাৰ সকলো লক্ষণ ফুটি উঠিছিল। তেওঁ মোক কৈছিল-''তুমি হকীৰ অনুশীলন কৰিব পৰাকৈ শক্তিশালী নহয়, তোমাক দেখাত বহুত দুৰ্বল যেন লাগে। গতিকে তুমি এই আশা বাদ দিয়া।'' মই মানসিকভাবে বৰ আহত হৈছিলো তেওঁৰ কথা শুনি। মই এদিন খেলপথাৰত ঘূৰি ফুৰোতে এডাল ভঙা হকী ষ্টিক পাইছিলো আৰু সেইডালেৰে মই অনুশীলন আৰম্ভ কৰিছিলো।

মোৰ প্ৰশিক্ষণৰ কাপোৰ নাছিল, সেয়েহে মই ছেলোৱাৰ কামিজ পিন্ধি খেলপথাৰত দৌৰিছিলো। কিন্তু মই নিজকে প্ৰমাণ কৰিবলৈ সংকল্পবদ্ধ আছিলোঁ যে মই হকী খেলিব পাৰিম। মই প্ৰশিক্ষকগৰাকীক পুনৰ এটা সুযোগৰ বাবে অনুৰোধ কৰিছিলো আৰু মোৰ নেৰানেপেৰা অনুৰোধ তেওঁ ৰক্ষা ৰাখিছিল। কিন্তু যেতিয়া মই মোৰ পৰিয়ালক মোৰ সপোনটোৰ কথা কৈছিলো, তেতিয়া তেওঁলোকে কৈছিল- ‘‘ছোৱালীয়ে ঘৰৰ কামহে কৰিব লাগে আৰু আমি তোমাক স্কাৰ্ট পিন্ধি খেল খেলিবলৈ দিব নোৱাৰোঁ।’’ মই তেওঁলোকক বহুত বুজাব লগা হৈছিল। মই কৈছিলোঁ, অনুগ্ৰহ কৰি মোক এবাৰ খেলিবলৈ সুযোগ দিয়ক যদি মই ব্যর্থ হও, তেতিয়া আপোনালোকে যি বিচাৰে সেয়াই হ’ব। মোৰ পৰিয়ালে অনিচ্ছা স্বত্বেও মোৰ জেদৰ ওচৰত হাৰ মানিছিল।

হকীৰ প্ৰশিক্ষণ পুৱা সোনকালে আৰম্ভ হয়। আমাৰ ঘৰত ঘড়ীও নাছিল, গতিকে মোৰ মা সাৰ পাই থাকে আৰু মোক জগাই তুলিবৰ সময় হৈছে নেকি জানিবৰ বাবে বাৰে বাৰে বাহিৰলৈ গৈ আকাশ চায়। একাডেমীত প্ৰতিজন খেলুৱৈয়ে ৫০০ মিলিলিটাৰ গাখীৰ অনাটো বাধ্যতামূলক আছিল। মোৰ পৰিয়ালে কেৱল ২০০ মিলিলিটাৰ মূল্যৰ গাখীৰ খৰচ বহন কৰিব পাৰিছিল। কাকো কথাটো নোকোৱাকৈ মই গাখীৰখিনি পানীৰ সৈতে মিহলি কৰি খাইছিলো। মোৰ এটাই সপোন মই হকী ভাল খেলিবই লাগিব। কাৰণ মই খেলিব বিচাৰিছিলো।মোৰ ইচ্ছা দেখি মোৰ প্ৰশিক্ষকে মোক সমৰ্থন দিবলৈ আৰম্ভ কৰিছিল। তেওঁ মোক হকী কিট আৰু জোতা কিনি দিছিল। তেওঁ আনকি মোক তেওঁৰ পৰিয়ালৰ সৈতে থাকিবলৈ লৈ গৈছিল আৰু মোৰ প্ৰয়োজনীয় আহাৰৰ যত্ন লৈছিল। মই হকীৰ কঠোৰ অভ্যাস কৰিছিলোঁ। মোৰ প্ৰথম দৰমহা উপাৰ্জন কৰাৰ কথা এতিয়াও মনত আছে।

মই এটা টুৰ্ণামেণ্ট জিকাৰ পিছত ৫০০ টকা পাইছিলোঁ আৰু সেই টকা দেউতাক দিছিলোঁ। তেওঁ আগতে কেতিয়াও ইমান টকা দেখা নাছিল। মই মোৰ পৰিয়ালক প্ৰতিশ্ৰুতি দিছিলো, ‘এদিন আমাৰ এখন নিজৰ ঘৰ হ’ব’। মই সেই সপোন পূৰণ কৰিবলৈ মোৰ ক্ষমতাৰ ভিতৰত থকা সকলো কৰিছিলো। এবাৰ মই ঘৰত থাকোতে মোৰ দেউতাৰ এজন বন্ধুৱে লগত নাতিনীক লৈ আমাৰ ঘৰলৈ আহিছিল। দেউতাৰ বন্ধুৱে মোক কৈছিল ‘‘মোৰ নাতিনীজনীয়ে তোমাক দেখি অনুপ্ৰাণিত হৈছে। তায়ো তোমাৰ দৰে হকী খেলুৱৈ হ’ব বিচাৰে!’’ মই সেই কথা শুনি বহুত সুখী হৈছিলো আৰু মই আনন্দতে কান্দি দিছিলোঁ। ২০১৭ চনত মই মোৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ আৰু তেওঁলোকক এটা ঘৰ কিনি উপহাৰ দিছিলোঁ। আমি সেইদিনা একেলগে কান্দিছিলো আৰু ইজনে সিজনক জোৰেৰে সাবটি ধৰিছিলোঁ! মোৰ আৰু বহু দূৰ আগুৱাবলৈ বাকী…মোৰ এই যাত্ৰা অব্যাহত ৰাখিম।”

এই সংগ্ৰামী কাহিনী পদ্মশ্ৰী, ধ্যানচাঁদ খেল ৰত্ন সন্মানেৰে সন্মানিত ৰাণী ৰামপালৰ (Rani Rampal)। ১৯৯৪ চনৰ ৪ ডিচেম্বৰত হাৰিয়ানাত জন্মগ্ৰহণ কৰিছিল ৰাণীয়ে। ৰাণী ৰামপালৰ নেতৃত্বত মহিলা হকী খেলুৱৈৰ দলে পাইছে অনন্য পৰিচয়। টকিঅ’ অলিম্পিকতো ভাৰতীয় হকী দলটোৱে ব্ৰঞ্জৰ পদক পোৱাত ৰাণী ৰামপালে অনন্য ভূমিকা পালন কৰিছিল। ৰাণী ৰামপালে কেৰিয়াত এছিয়ান গেমছ,এছিয়া কাপ,এছিয়ান চেম্পিয়নছ ট্ৰফী,জুনিয়ৰ ৱৰ্ল্ড কাপ আদিত বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। ৰাণী ৰামপাল সমাজৰ বাবে সাহস, প্ৰেৰণা আৰু অদমনীয় আকাংক্ষাৰ অন্য এক নাম। এসময়ৰ দৰিদ্ৰ ৰাণী এতিয়া উজলি উঠিছে হকী সাম্ৰাজ্যৰ ৰাণী ৰূপে।

কস্তুৰী বৰঠাকুৰ




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু