--°C
Loading...
Listen to Article
2 min read
80%
“মই মোৰ জীৱনৰ পৰা পলায়ন কৰিব বিচাৰিছিলো, আমি বহুত দৰিদ্ৰ আছিলো। আমি দৰিদ্ৰতাৰ সৈতে বৰকৈ যুঁজ দিব লগা হৈছিল। বিদ্যুতৰ অভাৱ আছিল। আমি শুই থাকোঁতে মহে আমাক শুবলৈ শান্তি দিয়া নাছিল কাৰণ আমাৰ এখন আঁঠুৱাও নাছিল। আমাৰ তেনেই সৰু ঘৰটোত বৰষুণ দিলে পানী পৰিছিল। আমাৰ মা-দেউতাই যথাসাধ্য চেষ্টা কৰিছিল ঘৰখন ভালকৈ পৰিচালনা কৰিবলৈ কিন্তু পৰা নাছিল। দেউতা আছিল এজন সাধাৰণ ড্ৰাইভাৰ আৰু মায়ে আনৰ ঘৰত বনকৰা মহিলা হিচাপে কাম কৰিছিল।। মোৰ ঘৰৰ ওচৰত এখন হকী একাডেমী আছিল। তালৈ মই খেলুৱৈসকলৰ অনুশীলন চাবলৈ গৈছিলোঁ আৰু ঘণ্টা ঘণ্টা সময় অতিবাহিত কৰিছিলোঁ। মোৰো হকী খেলাৰ প্ৰবল ইচ্ছা জাগি উঠিছিল। 

দেউতাই দৈনিক ৮০ টকা উপাৰ্জন কৰিছিল। দেউতাই মোৰ বাবে এডাল হকী ষ্টিক কিনাটো তেওঁৰ সাধ্যৰ বাহিৰত আছিল। প্ৰতিদিনে হকী একাডেমীখনলৈ গৈছিলোঁ আৰু প্ৰশিক্ষকক জোৰ দিছিলোঁ,মোকো হকী শিকাবলৈ। প্ৰশিক্ষকগৰাকীয়ে মোক একাষাৰতে প্ৰত্যাখ্যান কৰিছিল কাৰণ মোৰ শৰীৰ পুষ্টিহীনতাত ভুগাৰ সকলো লক্ষণ ফুটি উঠিছিল। তেওঁ মোক কৈছিল-''তুমি হকীৰ অনুশীলন কৰিব পৰাকৈ শক্তিশালী নহয়, তোমাক দেখাত বহুত দুৰ্বল যেন লাগে। গতিকে তুমি এই আশা বাদ দিয়া।'' মই মানসিকভাবে বৰ আহত হৈছিলো তেওঁৰ কথা শুনি। মই এদিন খেলপথাৰত ঘূৰি ফুৰোতে এডাল ভঙা হকী ষ্টিক পাইছিলো আৰু সেইডালেৰে মই অনুশীলন আৰম্ভ কৰিছিলো।

মোৰ প্ৰশিক্ষণৰ কাপোৰ নাছিল, সেয়েহে মই ছেলোৱাৰ কামিজ পিন্ধি খেলপথাৰত দৌৰিছিলো। কিন্তু মই নিজকে প্ৰমাণ কৰিবলৈ সংকল্পবদ্ধ আছিলোঁ যে মই হকী খেলিব পাৰিম। মই প্ৰশিক্ষকগৰাকীক পুনৰ এটা সুযোগৰ বাবে অনুৰোধ কৰিছিলো আৰু মোৰ নেৰানেপেৰা অনুৰোধ তেওঁ ৰক্ষা ৰাখিছিল। কিন্তু যেতিয়া মই মোৰ পৰিয়ালক মোৰ সপোনটোৰ কথা কৈছিলো, তেতিয়া তেওঁলোকে কৈছিল- ‘‘ছোৱালীয়ে ঘৰৰ কামহে কৰিব লাগে আৰু আমি তোমাক স্কাৰ্ট পিন্ধি খেল খেলিবলৈ দিব নোৱাৰোঁ।’’ মই তেওঁলোকক বহুত বুজাব লগা হৈছিল। মই কৈছিলোঁ, অনুগ্ৰহ কৰি মোক এবাৰ খেলিবলৈ সুযোগ দিয়ক যদি মই ব্যর্থ হও, তেতিয়া আপোনালোকে যি বিচাৰে সেয়াই হ’ব। মোৰ পৰিয়ালে অনিচ্ছা স্বত্বেও মোৰ জেদৰ ওচৰত হাৰ মানিছিল।

হকীৰ প্ৰশিক্ষণ পুৱা সোনকালে আৰম্ভ হয়। আমাৰ ঘৰত ঘড়ীও নাছিল, গতিকে মোৰ মা সাৰ পাই থাকে আৰু মোক জগাই তুলিবৰ সময় হৈছে নেকি জানিবৰ বাবে বাৰে বাৰে বাহিৰলৈ গৈ আকাশ চায়। একাডেমীত প্ৰতিজন খেলুৱৈয়ে ৫০০ মিলিলিটাৰ গাখীৰ অনাটো বাধ্যতামূলক আছিল। মোৰ পৰিয়ালে কেৱল ২০০ মিলিলিটাৰ মূল্যৰ গাখীৰ খৰচ বহন কৰিব পাৰিছিল। কাকো কথাটো নোকোৱাকৈ মই গাখীৰখিনি পানীৰ সৈতে মিহলি কৰি খাইছিলো। মোৰ এটাই সপোন মই হকী ভাল খেলিবই লাগিব। কাৰণ মই খেলিব বিচাৰিছিলো।মোৰ ইচ্ছা দেখি মোৰ প্ৰশিক্ষকে মোক সমৰ্থন দিবলৈ আৰম্ভ কৰিছিল। তেওঁ মোক হকী কিট আৰু জোতা কিনি দিছিল। তেওঁ আনকি মোক তেওঁৰ পৰিয়ালৰ সৈতে থাকিবলৈ লৈ গৈছিল আৰু মোৰ প্ৰয়োজনীয় আহাৰৰ যত্ন লৈছিল। মই হকীৰ কঠোৰ অভ্যাস কৰিছিলোঁ। মোৰ প্ৰথম দৰমহা উপাৰ্জন কৰাৰ কথা এতিয়াও মনত আছে।

মই এটা টুৰ্ণামেণ্ট জিকাৰ পিছত ৫০০ টকা পাইছিলোঁ আৰু সেই টকা দেউতাক দিছিলোঁ। তেওঁ আগতে কেতিয়াও ইমান টকা দেখা নাছিল। মই মোৰ পৰিয়ালক প্ৰতিশ্ৰুতি দিছিলো, ‘এদিন আমাৰ এখন নিজৰ ঘৰ হ’ব’। মই সেই সপোন পূৰণ কৰিবলৈ মোৰ ক্ষমতাৰ ভিতৰত থকা সকলো কৰিছিলো। এবাৰ মই ঘৰত থাকোতে মোৰ দেউতাৰ এজন বন্ধুৱে লগত নাতিনীক লৈ আমাৰ ঘৰলৈ আহিছিল। দেউতাৰ বন্ধুৱে মোক কৈছিল ‘‘মোৰ নাতিনীজনীয়ে তোমাক দেখি অনুপ্ৰাণিত হৈছে। তায়ো তোমাৰ দৰে হকী খেলুৱৈ হ’ব বিচাৰে!’’ মই সেই কথা শুনি বহুত সুখী হৈছিলো আৰু মই আনন্দতে কান্দি দিছিলোঁ। ২০১৭ চনত মই মোৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ আৰু তেওঁলোকক এটা ঘৰ কিনি উপহাৰ দিছিলোঁ। আমি সেইদিনা একেলগে কান্দিছিলো আৰু ইজনে সিজনক জোৰেৰে সাবটি ধৰিছিলোঁ! মোৰ আৰু বহু দূৰ আগুৱাবলৈ বাকী…মোৰ এই যাত্ৰা অব্যাহত ৰাখিম।”

এই সংগ্ৰামী কাহিনী পদ্মশ্ৰী, ধ্যানচাঁদ খেল ৰত্ন সন্মানেৰে সন্মানিত ৰাণী ৰামপালৰ (Rani Rampal)। ১৯৯৪ চনৰ ৪ ডিচেম্বৰত হাৰিয়ানাত জন্মগ্ৰহণ কৰিছিল ৰাণীয়ে। ৰাণী ৰামপালৰ নেতৃত্বত মহিলা হকী খেলুৱৈৰ দলে পাইছে অনন্য পৰিচয়। টকিঅ’ অলিম্পিকতো ভাৰতীয় হকী দলটোৱে ব্ৰঞ্জৰ পদক পোৱাত ৰাণী ৰামপালে অনন্য ভূমিকা পালন কৰিছিল। ৰাণী ৰামপালে কেৰিয়াত এছিয়ান গেমছ,এছিয়া কাপ,এছিয়ান চেম্পিয়নছ ট্ৰফী,জুনিয়ৰ ৱৰ্ল্ড কাপ আদিত বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। ৰাণী ৰামপাল সমাজৰ বাবে সাহস, প্ৰেৰণা আৰু অদমনীয় আকাংক্ষাৰ অন্য এক নাম। এসময়ৰ দৰিদ্ৰ ৰাণী এতিয়া উজলি উঠিছে হকী সাম্ৰাজ্যৰ ৰাণী ৰূপে।

কস্তুৰী বৰঠাকুৰ




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ