--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আৰিয়ানৰ তাৰকা সন্তান নহয়, আৰিয়ানৰ এতিয়া নতুন পৰিচয় কয়দী নম্বৰ এন ৯৫৬।একাধিকবাৰ জামিনৰ বাবে আবেদন কৰা স্বত্বেও কাৰগাৰৰ ৰূদ্ধদ্বাৰ কুঠৰীয়েই এতিয়া বাদশ্বাহ পুত্ৰৰ ঠিকনা হৈ পৰিছে। জেৰা অব্যাহত থকাৰ লগে লগে, চলি আছে কাউন্সিলিঙো। মনোৰোগ বিষেশজ্ঞ সকলৰ সৈতেও বাৰ্তালাপ কৰিছে আৰিয়ানৰ লগতে অভিযুক্ত ৮ সতীৰ্থই। নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’ই সদৰী কৰা অনুসৰি, আৰিয়ানে নিজৰ ভুল স্বীকাৰ কৰিছে।

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বিষয়া সমীৰ ৱানখেদেৰ সৈতে মুকলিকৈ কথাও পাতিছে ২৩ বছৰীয়া আৰিয়ানে। স্মৰ্তব্য যে, এনচিবিৰ বিষয়া সমীৰ ৱানখেডেই ড্ৰাগছ পাৰ্টীৰ খবৰ পাইছিল আৰু ছদ্মবেশত প্ৰমোদতৰীলৈ গৈছিল। বিগত দুটা বছৰত মুম্বাই বিমানবন্দৰৰ পৰা ১৭,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰি অনন্য কৃতিত্ব অৰ্জন কৰিছিল এনচিবিৰ বিষয়া সমীৰে। কেবল সেয়াই নহয় সমীৰৰ বাবেই বিমান বন্দৰত যমৰ-যাতনা ভুগিব লগা হৈছিল খুদ বলীউড বাদশ্বাহে।

এইগৰাকী সাহসী এনচিবি বিষয়া সমীৰেই বৰ্তমান আৰিয়ানক জেৰা কৰি আছে। জানিবলৈ পোৱা মতে, আৰিয়ানে এই ভুলৰ পুনৰাবৃত্তি আৰু কেতিয়াও নকৰে বুলি প্ৰতিশ্ৰুতি দিছে সমীৰক। আৰিয়ানে কয়, ‘মই এদিন এনে কাম কৰিম যিয়ে আপোনাক গৌৰৱান্বিত কৰিব।’ সমাজৰ দুখীয়া ৰাইজৰ বাবে সামাজিক আৰু বিত্তীয় উন্নয়নৰ অংগীকাৰ আৰিয়ানৰ। উল্লেখ্য যে, দুসপ্তাহ ধৰি কাৰাবন্দী হৈ আছে আৰিয়ান। ক’ৰ’নাসৃষ্ট পৰিৱেশৰ বাবে সাক্ষাত্‍ কৰিব পৰা নাই বলীউড দম্পতীয়ে। ভিডিঅ’ কলৰ জৰিয়তে সান্ত্বনা লভিবলগীয়া হৈছে শ্বাহৰূখ-গৌৰীয়ে। কাৰাগাৰৰ বন্ধ কুঠৰীত নিজ সন্তানৰ দুৰ্দশা দেখি উচুপি উঠিছে তাৰকা দম্পতী। হুকহুকাই কান্দিছে আৰিয়ানেও। আন কয়দীৰ দৰেই কাৰগাৰত দিন অতিবাহিত কৰিছে আৰিয়ানে। ইফালে ২০ অক্টোবৰত সত্ৰ আদালতত আৰিয়ানৰ জামিনৰ পৰৱৰ্তী শুনানিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে তাৰকা দম্পতীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন