--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আৰিয়ানৰ তাৰকা সন্তান নহয়, আৰিয়ানৰ এতিয়া নতুন পৰিচয় কয়দী নম্বৰ এন ৯৫৬।একাধিকবাৰ জামিনৰ বাবে আবেদন কৰা স্বত্বেও কাৰগাৰৰ ৰূদ্ধদ্বাৰ কুঠৰীয়েই এতিয়া বাদশ্বাহ পুত্ৰৰ ঠিকনা হৈ পৰিছে। জেৰা অব্যাহত থকাৰ লগে লগে, চলি আছে কাউন্সিলিঙো। মনোৰোগ বিষেশজ্ঞ সকলৰ সৈতেও বাৰ্তালাপ কৰিছে আৰিয়ানৰ লগতে অভিযুক্ত ৮ সতীৰ্থই। নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’ই সদৰী কৰা অনুসৰি, আৰিয়ানে নিজৰ ভুল স্বীকাৰ কৰিছে।

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বিষয়া সমীৰ ৱানখেদেৰ সৈতে মুকলিকৈ কথাও পাতিছে ২৩ বছৰীয়া আৰিয়ানে। স্মৰ্তব্য যে, এনচিবিৰ বিষয়া সমীৰ ৱানখেডেই ড্ৰাগছ পাৰ্টীৰ খবৰ পাইছিল আৰু ছদ্মবেশত প্ৰমোদতৰীলৈ গৈছিল। বিগত দুটা বছৰত মুম্বাই বিমানবন্দৰৰ পৰা ১৭,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰি অনন্য কৃতিত্ব অৰ্জন কৰিছিল এনচিবিৰ বিষয়া সমীৰে। কেবল সেয়াই নহয় সমীৰৰ বাবেই বিমান বন্দৰত যমৰ-যাতনা ভুগিব লগা হৈছিল খুদ বলীউড বাদশ্বাহে।

এইগৰাকী সাহসী এনচিবি বিষয়া সমীৰেই বৰ্তমান আৰিয়ানক জেৰা কৰি আছে। জানিবলৈ পোৱা মতে, আৰিয়ানে এই ভুলৰ পুনৰাবৃত্তি আৰু কেতিয়াও নকৰে বুলি প্ৰতিশ্ৰুতি দিছে সমীৰক। আৰিয়ানে কয়, ‘মই এদিন এনে কাম কৰিম যিয়ে আপোনাক গৌৰৱান্বিত কৰিব।’ সমাজৰ দুখীয়া ৰাইজৰ বাবে সামাজিক আৰু বিত্তীয় উন্নয়নৰ অংগীকাৰ আৰিয়ানৰ। উল্লেখ্য যে, দুসপ্তাহ ধৰি কাৰাবন্দী হৈ আছে আৰিয়ান। ক’ৰ’নাসৃষ্ট পৰিৱেশৰ বাবে সাক্ষাত্‍ কৰিব পৰা নাই বলীউড দম্পতীয়ে। ভিডিঅ’ কলৰ জৰিয়তে সান্ত্বনা লভিবলগীয়া হৈছে শ্বাহৰূখ-গৌৰীয়ে। কাৰাগাৰৰ বন্ধ কুঠৰীত নিজ সন্তানৰ দুৰ্দশা দেখি উচুপি উঠিছে তাৰকা দম্পতী। হুকহুকাই কান্দিছে আৰিয়ানেও। আন কয়দীৰ দৰেই কাৰগাৰত দিন অতিবাহিত কৰিছে আৰিয়ানে। ইফালে ২০ অক্টোবৰত সত্ৰ আদালতত আৰিয়ানৰ জামিনৰ পৰৱৰ্তী শুনানিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে তাৰকা দম্পতীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক