--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশৰ ৰাজধানী চহৰ দিল্লীত মুষলধাৰ বৰষুণৰ বাবে স্তদ্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। শনিবাৰে ৰাজধানী চহৰখনত হোৱা বৰষুণৰ প্ৰাবল্য ইমানেই বেছি আছিল যে যোৱা ৪৬ বছৰত হোৱা সকলোতকৈ সৰ্বাধিক বৰষুণৰ মাত্ৰা অতিক্ৰম কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে চহৰখনত 'অৰেঞ্জ এলাৰ্ট' জাৰি কৰিছে আৰু প্ৰশাসনে দুৰ্যোগ প্ৰশমন বিভাগক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশনা দিছে। উল্লেখ্য যে বতৰ বিজ্ঞান কেন্দ্ৰই চহৰখনত আৰু অধিক বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ হোৱাৰো আশংকা কৰিছে তদুপৰি বানপানী হোৱা অঞ্চললৈ সাধাৰণ লোকক নাযাবলৈ আহ্বান জনাইছে।

ধাৰাষাৰ বৰষুণৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ বাহিৰ অংশৰ লগতে ভিতৰ ভাগতো ইতিমধ্যে পানীয়ে বুৰাই পেলালে যাৰ ফলত যাত্ৰীসকল এতিয়া বিমোৰত পৰিছে। প্ৰতিকূল বতৰৰ বাবে বিমান বন্দৰ কতৃপক্ষই দিল্লীলৈ আগমন আৰু প্ৰস্থান কৰা সকলো বিমানৰ সময়সূচী সলনি কৰিছে। দিল্লী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ কতৃপক্ষই টুইটাৰত কয় যে, বিমান বন্দৰ কতৃপক্ষই বন্দৰটোত জমা হৈ থকা পানী সোনকালে আতৰাবলৈ চেষ্টা কৰি আছে আৰু যাত্ৰীসকলৰ যাতে ভ্ৰমণত কোনোধৰণৰ সমস্য নহয় তাৰ বাবে চাৰিখন ঘৰুৱা বিমান আৰু এখন আন্ত:ৰাষ্ট্ৰীয় বিমান চুবুৰীয়া আন এটা বন্দৰলৈ স্থানান্তৰ কৰিছে যাতে তাৰ পৰা যাত্ৰীসকলে নিৰ্দিষ্ট গন্তব্য স্থানলৈ যাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক