--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশৰ ৰাজধানী চহৰ দিল্লীত মুষলধাৰ বৰষুণৰ বাবে স্তদ্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। শনিবাৰে ৰাজধানী চহৰখনত হোৱা বৰষুণৰ প্ৰাবল্য ইমানেই বেছি আছিল যে যোৱা ৪৬ বছৰত হোৱা সকলোতকৈ সৰ্বাধিক বৰষুণৰ মাত্ৰা অতিক্ৰম কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে চহৰখনত 'অৰেঞ্জ এলাৰ্ট' জাৰি কৰিছে আৰু প্ৰশাসনে দুৰ্যোগ প্ৰশমন বিভাগক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশনা দিছে। উল্লেখ্য যে বতৰ বিজ্ঞান কেন্দ্ৰই চহৰখনত আৰু অধিক বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ হোৱাৰো আশংকা কৰিছে তদুপৰি বানপানী হোৱা অঞ্চললৈ সাধাৰণ লোকক নাযাবলৈ আহ্বান জনাইছে।

ধাৰাষাৰ বৰষুণৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ বাহিৰ অংশৰ লগতে ভিতৰ ভাগতো ইতিমধ্যে পানীয়ে বুৰাই পেলালে যাৰ ফলত যাত্ৰীসকল এতিয়া বিমোৰত পৰিছে। প্ৰতিকূল বতৰৰ বাবে বিমান বন্দৰ কতৃপক্ষই দিল্লীলৈ আগমন আৰু প্ৰস্থান কৰা সকলো বিমানৰ সময়সূচী সলনি কৰিছে। দিল্লী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ কতৃপক্ষই টুইটাৰত কয় যে, বিমান বন্দৰ কতৃপক্ষই বন্দৰটোত জমা হৈ থকা পানী সোনকালে আতৰাবলৈ চেষ্টা কৰি আছে আৰু যাত্ৰীসকলৰ যাতে ভ্ৰমণত কোনোধৰণৰ সমস্য নহয় তাৰ বাবে চাৰিখন ঘৰুৱা বিমান আৰু এখন আন্ত:ৰাষ্ট্ৰীয় বিমান চুবুৰীয়া আন এটা বন্দৰলৈ স্থানান্তৰ কৰিছে যাতে তাৰ পৰা যাত্ৰীসকলে নিৰ্দিষ্ট গন্তব্য স্থানলৈ যাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান