--°C
Loading...
Listen to Article
2 min read
80%

অষ্ট্ৰিয়াঃ ধনৰ লোভে এজন মানুহক কিমান তললৈ নিব পাৰে, কিমান প্ৰতাৰক হ’ব পাৰে এজন পুত্ৰ! সামান্য কেইটামান টকাৰ বাবে এজন পুত্ৰই কিদৰে প্ৰতাৰণা কৰিব পাৰে নিজ মাতৃক? শেহতীয়াকৈ তেনে এক চাঞ্চল্যকৰ ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। পেঞ্চনৰ ধন উপভোগ কৰিবলৈ মাতৃৰ মৃত্যুৰ খবৰ লুকুৱাই ৰাখিছিল এজন কুলাংগাৰ পুত্ৰই। পেঞ্চনৰ ধন লোভত মৃত মাতৃৰ শৰীৰটো সংৰক্ষণ কৰি এবছৰৰো অধিক সময় ধৰি পেঞ্চনৰ ধন সংগ্ৰহ কৰি আহিছিল এজন পুত্ৰই। পশ্চিম অষ্ট্ৰিয়াৰ টাইৰোল অঞ্চলত এনে এক হৃদয়বিদাৰক ঘটনাই সংঘটিত হৈছে। ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, ৮৯ বছৰীয়া বৃদ্ধাগৰাকীৰ সম্ভৱতঃ বিগত বৰ্ষৰ জুন মাহত মৃত্যু হৈছিল।

তাৰ পাছত তেওঁৰ ৬৬বছৰীয়া পুত্ৰই মৃত শৰীৰটো বৰফৰ পেকেট আৰু বেণ্ডেজেৰে মেৰিয়াই ঘৰৰ পিছফালে লুকুৱাই ৰাখিছিল। শৰীৰৰ পচন আৰু দুৰ্গন্ধ বন্ধ কৰিবলৈ এই কাৰ্যপন্থা গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে। মহিলাগৰাকীৰ পুত্ৰই তেওঁৰ মাতৃৰ মৃত্যুৰ পাছত প্ৰায় ৫০,০০০ ইউৰো পেঞ্চন সংগ্ৰহ কৰা বুলিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।

অঞ্চলটোত নতুন পিয়ন নিযুক্তি পোৱাৰ পাছতে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহে। উল্লেখ্য যে, পিয়নজনে বৃদ্ধাগৰাকীক লগ কৰিবলৈ বিচাৰিছিল যদিও পুত্ৰই তেওঁক অনুমতি দিয়া নাছিল। ফলত সন্দেহ অধিক ঘণীভূত হৈ পৰে। পিয়নে বৃদ্ধাগৰাকীক দেখা নোপোৱাৰ পাছত ঘটনাতো তদন্তৰ আওতালৈ অনা হয়। ইয়াৰ পাছতে প্ৰতাৰক পুত্ৰৰ বিষয়টো পোহৰলৈ আহে। সম্প্ৰতি আৰক্ষীৰ ওচৰত প্ৰৱঞ্চক পুত্ৰই সকলো ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে। উপাৰ্জনৰ কোনো উপায় নোহোৱা বাবে এনে অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱা বুলি সদৰী কৰে পুত্ৰই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক