--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত যোগী আদিত্যনাথে গ্ৰহণ কৰা কিছুমান সিদ্ধান্তই দেশজোৰা চাঞ্চল্যৰ সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মথুৰা-বৃন্দাবন পৌৰ নিগমৰ অন্তৰ্গত ২২ টি ৱাৰ্ডক “পবিত্ৰ তীৰ্থস্থান” হিচাপে ঘোষণা কৰিছিল।নিশ্চয়কৈ এয়া আদৰণীয়। কিন্তু কালি সেই ঘোষণাৰ অঁত ধৰি জাৰি কৰা এক নিৰ্দেশনামাই হে সৃষ্টি কৰিছে চাঞ্চল্যৰ লগতে সমালোচনৰ সন্মুখীন কৰাইছে মুখ্যমন্ত্ৰীগৰাকীক।কি এই নিৰ্দেশনামা?কি আছে ইয়াত?


আচলতে এই নিৰ্দেশনামাৰ জৰিয়তে এইবাৰ এই ৱাৰ্ডকেইটাত সুৰা আৰু মাংসৰ বিক্ৰীও নিষিদ্ধ কৰা হৈছে। যোগীয়ে ৩০ আগষ্টত অৰ্থাৎ জন্মাষ্টমীৰ দিনাখন মথুৰা-বৃন্দাবন ভ্ৰমণ কৰি কৈছিল যে মথুৰা-বৃন্দাবনৰ পবিত্ৰতা বজাই ৰাখিবলৈ হ’লে ইয়াত মদ আৰু মাংসৰ বিক্ৰী বন্ধ কৰিব লাগিব। তেওঁ কৈছিল যে সাধাৰণ মানুহেও এয়াই বিচাৰে।সিদিনাখনেই মুখ্যমন্ত্ৰীগৰাকীয়ে মদ আৰু মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত অঞ্চলটোৰ লোকসকলৰ বাবে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰাৰ কথা কৈছিল। উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব (গৃহ) অৱনীশ কুমাৰ অৱস্থীয়ে কৈছিল যে মথুৰা-বৃন্দাবনৰ প্ৰায় ১০ বৰ্গ কিলোমিটাৰ বাসাৰ্ধৰ অঞ্চলক পবিত্ৰ তীৰ্থকেন্দ্ৰ হিচাপে ঘোষণা কৰা হৈছে।

সুৰা বিক্ৰীৰ কেইবাটাও প্ৰতিষ্ঠানৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হ’ব পাৰে বুলিও তেওঁ কৈছিল। ইয়াৰ পিছতেই সমালোচনাৰ জোৱাৰ উঠিছিল সৰ্বত্ৰ।কিন্তু সমালোচনাক কেৰেপ নকৰি শুকুৰবাৰে জাৰি কৰা এক বিজ্ঞপ্তিযোগে নিষিদ্ধ কৰা হৈছে মথুৰা-বৃন্দাবনৰ ২২ টা ৱাৰ্ডত মদ আৰু মাংসৰ বিক্ৰী। বিজ্ঞপ্তিটোত কোৱা হৈছে- -“ মথুৰা আৰু বৃন্দাবন হ’ল শ্ৰীকৃষ্ণৰ জন্মস্থান। প্ৰতিবছৰে সেইস্থানলৈ অগনিত তীৰ্থযাত্ৰী আহে। মথুৰা আৰু বৃন্দাবনৰ ঐতিহাসিক তথা পৰ্যটন শিল্পৰ যথেষ্ট গুৰুত্ব আছে।এই সকলোবোৰ কথা বিবেচনা কৰি মদ-মাংস বিক্ৰী নিষিদ্ধ কৰৰ সিদ্ধান্ত লোৱা হৈছে”।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান