--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত যোগী আদিত্যনাথে গ্ৰহণ কৰা কিছুমান সিদ্ধান্তই দেশজোৰা চাঞ্চল্যৰ সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মথুৰা-বৃন্দাবন পৌৰ নিগমৰ অন্তৰ্গত ২২ টি ৱাৰ্ডক “পবিত্ৰ তীৰ্থস্থান” হিচাপে ঘোষণা কৰিছিল।নিশ্চয়কৈ এয়া আদৰণীয়। কিন্তু কালি সেই ঘোষণাৰ অঁত ধৰি জাৰি কৰা এক নিৰ্দেশনামাই হে সৃষ্টি কৰিছে চাঞ্চল্যৰ লগতে সমালোচনৰ সন্মুখীন কৰাইছে মুখ্যমন্ত্ৰীগৰাকীক।কি এই নিৰ্দেশনামা?কি আছে ইয়াত?


আচলতে এই নিৰ্দেশনামাৰ জৰিয়তে এইবাৰ এই ৱাৰ্ডকেইটাত সুৰা আৰু মাংসৰ বিক্ৰীও নিষিদ্ধ কৰা হৈছে। যোগীয়ে ৩০ আগষ্টত অৰ্থাৎ জন্মাষ্টমীৰ দিনাখন মথুৰা-বৃন্দাবন ভ্ৰমণ কৰি কৈছিল যে মথুৰা-বৃন্দাবনৰ পবিত্ৰতা বজাই ৰাখিবলৈ হ’লে ইয়াত মদ আৰু মাংসৰ বিক্ৰী বন্ধ কৰিব লাগিব। তেওঁ কৈছিল যে সাধাৰণ মানুহেও এয়াই বিচাৰে।সিদিনাখনেই মুখ্যমন্ত্ৰীগৰাকীয়ে মদ আৰু মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত অঞ্চলটোৰ লোকসকলৰ বাবে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰাৰ কথা কৈছিল। উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব (গৃহ) অৱনীশ কুমাৰ অৱস্থীয়ে কৈছিল যে মথুৰা-বৃন্দাবনৰ প্ৰায় ১০ বৰ্গ কিলোমিটাৰ বাসাৰ্ধৰ অঞ্চলক পবিত্ৰ তীৰ্থকেন্দ্ৰ হিচাপে ঘোষণা কৰা হৈছে।

সুৰা বিক্ৰীৰ কেইবাটাও প্ৰতিষ্ঠানৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হ’ব পাৰে বুলিও তেওঁ কৈছিল। ইয়াৰ পিছতেই সমালোচনাৰ জোৱাৰ উঠিছিল সৰ্বত্ৰ।কিন্তু সমালোচনাক কেৰেপ নকৰি শুকুৰবাৰে জাৰি কৰা এক বিজ্ঞপ্তিযোগে নিষিদ্ধ কৰা হৈছে মথুৰা-বৃন্দাবনৰ ২২ টা ৱাৰ্ডত মদ আৰু মাংসৰ বিক্ৰী। বিজ্ঞপ্তিটোত কোৱা হৈছে- -“ মথুৰা আৰু বৃন্দাবন হ’ল শ্ৰীকৃষ্ণৰ জন্মস্থান। প্ৰতিবছৰে সেইস্থানলৈ অগনিত তীৰ্থযাত্ৰী আহে। মথুৰা আৰু বৃন্দাবনৰ ঐতিহাসিক তথা পৰ্যটন শিল্পৰ যথেষ্ট গুৰুত্ব আছে।এই সকলোবোৰ কথা বিবেচনা কৰি মদ-মাংস বিক্ৰী নিষিদ্ধ কৰৰ সিদ্ধান্ত লোৱা হৈছে”।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক