--°C
Loading...
Listen to Article
2 min read
80%

এগৰাকী অসাধাৰণ মহিলা। দেখাত সাধাৰণ, কাপোৰ-কানিৰেও সাধাৰণ কিন্তু তেওঁৰ কৰ্মৰাজিয়ে তেওঁক কৰি তুলিছে অসাধাৰণ। তেওঁ এগৰাকী অনন্য মহিলা। নাম ৰজনী পণ্ডিত। কিছুমান লোকে এই পৃথিৱীত বিশেষ দক্ষতাৰে জন্মগ্ৰহণ কৰে যিয়ে তেওঁলোকক পৃথিৱীৰ অন্য লোকৰ পৰা পৃথক কৰি তুলে। ৰজনী পণ্ডিতো তেনে এগৰাকী মানুহ। ৰজনী পণ্ডিত দেশৰ প্ৰথমগৰাকী মহিলা ডিটেক্টিভ, যাক অসমীয়াত চোৰাংচোৱা বা গুপ্তচৰ বুলি কোৱা হয় আৰু হিন্দীত কোৱা হয় জাচুচ। ৰজনী পণ্ডিতে ডিটেক্টিভ ভূমিকাৰে ১০০, ২০০ নহয় ৮০ হাজাৰ কেছ সমাধা কৰিছে। শুনিলে আচৰিত যেন লাগিলেও এইগৰাকী ভাৰতীয় মহিলাই এই অসম্ভৱ কাম সম্ভৱ কৰি তুলিছে। ১৯৬২ চনত মহাৰাষ্ট্ৰৰ পালঘৰত তেওঁৰ জন্ম হৈছিল। বৰ্তমান তেওঁ মহাৰাষ্ট্ৰৰ থানে জিলাৰ বাসিন্দা।ৰজনীৰ পিতৃ এগৰাকী চিআইডি আছিল, হয়তো এই গুণ ৰজনীয়ে জন্মসূত্ৰেই লাভ কৰিছে। ৰজনীৰ পিতৃয়ে মহাত্মা গান্ধীৰ হত্যাৰ তদন্তৰ ক্ষেত্ৰতো কাম কৰিছিল।

ৰজনী পণ্ডিতক 'ভাৰতৰ মহিলা জেমছ বণ্ড' নামেৰে জনা যায়। ৰজনী পণ্ডিতৰ মগজুত কেনেকৈ সোমাইছিল ডিটেক্টিভ হোৱাৰ লক্ষ্য, তাৰ আছে এক কাহিনী। ৰজনীয়ে যেতিয়া মুম্বাইৰ কলেজত পঢ়ি আছিল তেতিয়া তেওঁ এগৰাকী বান্ধৱীক ভুল সংগত পৰা দেখিছিল। বান্ধৱীগৰাকীয়ে চিগাৰেট সেৱন কৰা, সুৰা পান কৰা আৰু বেয়া ল'ৰাবোৰৰ সৈতে সময় কটাবলৈ আৰম্ভ কৰিছিল। ৰজনীয়ে ভাবিছিল যে কেনেকৈ বান্ধৱীগৰাকীক ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰি। ৰজনীয়ে বান্ধৱীগৰাকীৰ কথা ঘৰৰ মানুহক কৈ দিয়াটো উচিত বুলি ভাবিলে। কিন্তু তেওঁ কেনেকৈ পাব বান্ধৱীগৰাকীৰ ঘৰৰ ঠিকনা! তাৰবাবে তেওঁ এটা বুদ্ধি সাজিলে। ৰজনীয়ে বান্ধৱীগৰাকীক ক'লে যে ''মই তোমাক এটা উপহাৰ দিব বিচাৰিছোঁ, ঘৰৰ ঠিকনা দিবা।''

বান্ধৱীগৰাকীয়ে ৰজনীক দি দিছিল তেওঁৰ ঘৰৰ ঠিকনা। ইয়াৰ পাছতেই ৰজনী পণ্ডিত বান্ধৱীৰ ঘৰত উপস্থিত হৈছিল আৰু কথাবোৰ খুলি কৈছিল। তেওঁৰ কথাবোৰ শুনি পৰিয়ালৰ মানুহে ৰজনীক সুধিছিল-"তুমি জাচুচ নেকি?" এই প্ৰশ্নই তেওঁৰ মগজুত খুব গভীৰভাৱে ৰেখাপাত কৰিলে আৰু তেতিয়াই ৰজনীয়ে সিদ্ধান্ত লৈ পেলাইছিল যে তেওঁ জীৱনত কি কৰা উচিত। ৰজনীৰ বয়স যেতিয়া ২২ বছৰ আছিল তেতিয়া তেওঁ জীৱনৰ প্ৰথমটো ডিটেক্টিভৰ কাম কৰিছিল। কলেজৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছতেই তেওঁ এটা অফিচত কেৰাণী হিচাপে কাম কৰিছিল। ৰজনীৰ এটা বিশেষ গুণ আছিল তেওঁ সদায় বস্তুবোৰ আনতকৈ বেলেগকৈ চাইছিল। তেওঁ বস্তুবোৰ এনে দৃষ্টিকোণৰ পৰা চাইছিল যিবোৰ আন সাধাৰণ মানুহে চাব নাজানিছিল। ৰজনীয়ে পিতৃৰ পৰা চোৰাংচোৱাৰ সৰু সৰু কৌশল শিকিছিল আৰু তেনেকৈয়ে তেওঁ এই গুণৰ অধিকাৰী হৈছিল।

এদিনাখন তেওঁ কাম কৰা অফিচত এগৰাকী সহকৰ্মী মহিলাই ৰজনীক এক সমস্যাৰ কথা কৈছিল। তেওঁ কৈছিল যে তেওঁৰ ঘৰত চুৰি হৈছে কিন্তু চোৰটোক বিচাৰি উলিয়াব পৰা নাই। মহিলাগৰাকীয়ে লগতে কৈছিল যে তেওঁ তেওঁৰ নতুন বোৱাৰীক সন্দেহ কৰিছে। সহকৰ্মী মহিলাগৰাকীয়ে জানিছিল যে ৰজনী এইবোৰৰ প্ৰতি অধিক আগ্ৰহী আৰু সেয়ে তেওঁ চোৰ ধৰাৰ দায়িত্ব ৰজনী পণ্ডিতক অৰ্পণ কৰে। ৰজনীয়ে যেন এনে এক প্ৰস্তাৱৰ বাবেই ৰৈ আছিল। তেওঁ অলপো পলম নকৰাকৈ কামটো কৰিম বুলি কৈছিল। ৰজনীৰ চোৰাংচোৱাগিৰিত ধৰা পৰিছিল যে চুৰিকাৰ্য মহিলাগৰাকীৰ বোৱাৰীয়ে নহয় পুত্ৰইহে কৰিছিল। ৰজনী পণ্ডিতৰ তৎপৰতাত পুত্ৰই চুৰ কৰাৰ কথা স্বীকাৰ কৰে।

ইয়াৰ পাছৰে পৰা তেওঁ ভিন্ন ভেশ ধৰি সমাধা কৰি গ'ল ইটোৰ পাছতো সিটো কেছ। কেতিয়াবা যদি বনকৰা মহিলা, কেতিয়াবা গৰ্ভৱতী মহিলা আকৌ কেতিয়াবা ফেৰীৱালাৰ ভেশ ধৰি ৰজনী পণ্ডিতে কৰি গ'ল ডিটেক্টিভগিৰি। বহু হত্যাকাণ্ডৰ ঘটনাৰ প্ৰকৃত হত্যাকাৰীক বিচাৰি উলিওৱাত সহায় কৰিছে ৰজনীয়ে। ৮০ হাজাৰ কেছ সমাধা কৰি ৰজনী পণ্ডিত এগৰাকী অপ্ৰতিৰোধ্য ডিটেক্টিভ হিচাপে পৰিচিত হৈ উঠিছে।

তেওঁৰ 'ৰজনী পণ্ডিত ডিটেক্টিভ চাৰ্ভিচেছ' নামৰ এটা গুপ্তচৰ প্ৰতিষ্ঠান আছে। তেওঁৰ ডিটেক্টিভ এজেঞ্চীত ২০ জনীয়া এটা দল আছে। তেওঁ 'ফেচিছ বিহাইণ্ড ফেচিছ' আৰু 'মায়াজাল' নামৰ দুখন কিতাপো লিখিছে। বিভিন্ন বঁটাৰে ৰজনী পণ্ডিতক ভিন্ন দল-সংগঠনে কেইবাবাৰো সন্মানিত কৰিছে। নিজৰ জীৱন হাতৰ মুঠিত লৈ কেৱল সমাজৰ ভালৰ হকে নিৰ্ভীকভাৱে কাম কৰি গৈছে ৰজনী পণ্ডিতে। তেওঁ জানে এই বাট সহজ নহয়..কাঁইটেৰে ভৰা কিন্তু তাৰ প্ৰতি তিলমানো চিন্তা নকৰে ৰজনীয়ে। তেওঁ সদায় ডেমকেয়াৰ হৈ জীৱন বাটত আগবাঢ়ি যাব বিচাৰে। আমিও চেল্যুট জনাইছো এইগৰাকী ডেমকেয়াৰ, দুৰ্দান্ত সাহসী ৰজনী পণ্ডিতক।

কস্তুৰী বৰঠাকুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক