--°C
Loading...
Listen to Article
2 min read
80%

এগৰাকী অসাধাৰণ মহিলা। দেখাত সাধাৰণ, কাপোৰ-কানিৰেও সাধাৰণ কিন্তু তেওঁৰ কৰ্মৰাজিয়ে তেওঁক কৰি তুলিছে অসাধাৰণ। তেওঁ এগৰাকী অনন্য মহিলা। নাম ৰজনী পণ্ডিত। কিছুমান লোকে এই পৃথিৱীত বিশেষ দক্ষতাৰে জন্মগ্ৰহণ কৰে যিয়ে তেওঁলোকক পৃথিৱীৰ অন্য লোকৰ পৰা পৃথক কৰি তুলে। ৰজনী পণ্ডিতো তেনে এগৰাকী মানুহ। ৰজনী পণ্ডিত দেশৰ প্ৰথমগৰাকী মহিলা ডিটেক্টিভ, যাক অসমীয়াত চোৰাংচোৱা বা গুপ্তচৰ বুলি কোৱা হয় আৰু হিন্দীত কোৱা হয় জাচুচ। ৰজনী পণ্ডিতে ডিটেক্টিভ ভূমিকাৰে ১০০, ২০০ নহয় ৮০ হাজাৰ কেছ সমাধা কৰিছে। শুনিলে আচৰিত যেন লাগিলেও এইগৰাকী ভাৰতীয় মহিলাই এই অসম্ভৱ কাম সম্ভৱ কৰি তুলিছে। ১৯৬২ চনত মহাৰাষ্ট্ৰৰ পালঘৰত তেওঁৰ জন্ম হৈছিল। বৰ্তমান তেওঁ মহাৰাষ্ট্ৰৰ থানে জিলাৰ বাসিন্দা।ৰজনীৰ পিতৃ এগৰাকী চিআইডি আছিল, হয়তো এই গুণ ৰজনীয়ে জন্মসূত্ৰেই লাভ কৰিছে। ৰজনীৰ পিতৃয়ে মহাত্মা গান্ধীৰ হত্যাৰ তদন্তৰ ক্ষেত্ৰতো কাম কৰিছিল।

ৰজনী পণ্ডিতক 'ভাৰতৰ মহিলা জেমছ বণ্ড' নামেৰে জনা যায়। ৰজনী পণ্ডিতৰ মগজুত কেনেকৈ সোমাইছিল ডিটেক্টিভ হোৱাৰ লক্ষ্য, তাৰ আছে এক কাহিনী। ৰজনীয়ে যেতিয়া মুম্বাইৰ কলেজত পঢ়ি আছিল তেতিয়া তেওঁ এগৰাকী বান্ধৱীক ভুল সংগত পৰা দেখিছিল। বান্ধৱীগৰাকীয়ে চিগাৰেট সেৱন কৰা, সুৰা পান কৰা আৰু বেয়া ল'ৰাবোৰৰ সৈতে সময় কটাবলৈ আৰম্ভ কৰিছিল। ৰজনীয়ে ভাবিছিল যে কেনেকৈ বান্ধৱীগৰাকীক ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰি। ৰজনীয়ে বান্ধৱীগৰাকীৰ কথা ঘৰৰ মানুহক কৈ দিয়াটো উচিত বুলি ভাবিলে। কিন্তু তেওঁ কেনেকৈ পাব বান্ধৱীগৰাকীৰ ঘৰৰ ঠিকনা! তাৰবাবে তেওঁ এটা বুদ্ধি সাজিলে। ৰজনীয়ে বান্ধৱীগৰাকীক ক'লে যে ''মই তোমাক এটা উপহাৰ দিব বিচাৰিছোঁ, ঘৰৰ ঠিকনা দিবা।''

বান্ধৱীগৰাকীয়ে ৰজনীক দি দিছিল তেওঁৰ ঘৰৰ ঠিকনা। ইয়াৰ পাছতেই ৰজনী পণ্ডিত বান্ধৱীৰ ঘৰত উপস্থিত হৈছিল আৰু কথাবোৰ খুলি কৈছিল। তেওঁৰ কথাবোৰ শুনি পৰিয়ালৰ মানুহে ৰজনীক সুধিছিল-"তুমি জাচুচ নেকি?" এই প্ৰশ্নই তেওঁৰ মগজুত খুব গভীৰভাৱে ৰেখাপাত কৰিলে আৰু তেতিয়াই ৰজনীয়ে সিদ্ধান্ত লৈ পেলাইছিল যে তেওঁ জীৱনত কি কৰা উচিত। ৰজনীৰ বয়স যেতিয়া ২২ বছৰ আছিল তেতিয়া তেওঁ জীৱনৰ প্ৰথমটো ডিটেক্টিভৰ কাম কৰিছিল। কলেজৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছতেই তেওঁ এটা অফিচত কেৰাণী হিচাপে কাম কৰিছিল। ৰজনীৰ এটা বিশেষ গুণ আছিল তেওঁ সদায় বস্তুবোৰ আনতকৈ বেলেগকৈ চাইছিল। তেওঁ বস্তুবোৰ এনে দৃষ্টিকোণৰ পৰা চাইছিল যিবোৰ আন সাধাৰণ মানুহে চাব নাজানিছিল। ৰজনীয়ে পিতৃৰ পৰা চোৰাংচোৱাৰ সৰু সৰু কৌশল শিকিছিল আৰু তেনেকৈয়ে তেওঁ এই গুণৰ অধিকাৰী হৈছিল।

এদিনাখন তেওঁ কাম কৰা অফিচত এগৰাকী সহকৰ্মী মহিলাই ৰজনীক এক সমস্যাৰ কথা কৈছিল। তেওঁ কৈছিল যে তেওঁৰ ঘৰত চুৰি হৈছে কিন্তু চোৰটোক বিচাৰি উলিয়াব পৰা নাই। মহিলাগৰাকীয়ে লগতে কৈছিল যে তেওঁ তেওঁৰ নতুন বোৱাৰীক সন্দেহ কৰিছে। সহকৰ্মী মহিলাগৰাকীয়ে জানিছিল যে ৰজনী এইবোৰৰ প্ৰতি অধিক আগ্ৰহী আৰু সেয়ে তেওঁ চোৰ ধৰাৰ দায়িত্ব ৰজনী পণ্ডিতক অৰ্পণ কৰে। ৰজনীয়ে যেন এনে এক প্ৰস্তাৱৰ বাবেই ৰৈ আছিল। তেওঁ অলপো পলম নকৰাকৈ কামটো কৰিম বুলি কৈছিল। ৰজনীৰ চোৰাংচোৱাগিৰিত ধৰা পৰিছিল যে চুৰিকাৰ্য মহিলাগৰাকীৰ বোৱাৰীয়ে নহয় পুত্ৰইহে কৰিছিল। ৰজনী পণ্ডিতৰ তৎপৰতাত পুত্ৰই চুৰ কৰাৰ কথা স্বীকাৰ কৰে।

ইয়াৰ পাছৰে পৰা তেওঁ ভিন্ন ভেশ ধৰি সমাধা কৰি গ'ল ইটোৰ পাছতো সিটো কেছ। কেতিয়াবা যদি বনকৰা মহিলা, কেতিয়াবা গৰ্ভৱতী মহিলা আকৌ কেতিয়াবা ফেৰীৱালাৰ ভেশ ধৰি ৰজনী পণ্ডিতে কৰি গ'ল ডিটেক্টিভগিৰি। বহু হত্যাকাণ্ডৰ ঘটনাৰ প্ৰকৃত হত্যাকাৰীক বিচাৰি উলিওৱাত সহায় কৰিছে ৰজনীয়ে। ৮০ হাজাৰ কেছ সমাধা কৰি ৰজনী পণ্ডিত এগৰাকী অপ্ৰতিৰোধ্য ডিটেক্টিভ হিচাপে পৰিচিত হৈ উঠিছে।

তেওঁৰ 'ৰজনী পণ্ডিত ডিটেক্টিভ চাৰ্ভিচেছ' নামৰ এটা গুপ্তচৰ প্ৰতিষ্ঠান আছে। তেওঁৰ ডিটেক্টিভ এজেঞ্চীত ২০ জনীয়া এটা দল আছে। তেওঁ 'ফেচিছ বিহাইণ্ড ফেচিছ' আৰু 'মায়াজাল' নামৰ দুখন কিতাপো লিখিছে। বিভিন্ন বঁটাৰে ৰজনী পণ্ডিতক ভিন্ন দল-সংগঠনে কেইবাবাৰো সন্মানিত কৰিছে। নিজৰ জীৱন হাতৰ মুঠিত লৈ কেৱল সমাজৰ ভালৰ হকে নিৰ্ভীকভাৱে কাম কৰি গৈছে ৰজনী পণ্ডিতে। তেওঁ জানে এই বাট সহজ নহয়..কাঁইটেৰে ভৰা কিন্তু তাৰ প্ৰতি তিলমানো চিন্তা নকৰে ৰজনীয়ে। তেওঁ সদায় ডেমকেয়াৰ হৈ জীৱন বাটত আগবাঢ়ি যাব বিচাৰে। আমিও চেল্যুট জনাইছো এইগৰাকী ডেমকেয়াৰ, দুৰ্দান্ত সাহসী ৰজনী পণ্ডিতক।

কস্তুৰী বৰঠাকুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি