--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘বুল্লী বাঈ’ গোচৰৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ৷ এই এপৰ দ্বাৰা টাৰ্গেত কৰি লোৱা মুছলমান মহিলাসকলক অনলাইনৰ জৰিয়তে 'নিলাম'ৰ বাবে ৰখা হৈছিল৷ মহিলাসকলক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা এনে ভয়ংকৰ কাৰ্যত জড়িত থকা মূল অভিযুক্তক আজি অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ আইএফএছঅ' দলে অসম যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰে নীৰজ বিষ্ণোই নামৰ এজন অভিযুক্তক৷ গিটহাবৰ 'বুল্লী বাঈ'ৰ মুখ্য ষড়যন্ত্ৰকাৰী, ডেভলপাৰ আৰু এপটোৰ মুখ্য টুইটাৰ একাউণ্ট ব্যৱহাৰকাৰী আছিল নীৰজ৷

চোৰাংচোৱা ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচনছ (আইএফএছঅ') গোটৰ আৰক্ষী উপায়ুক্ত কে পি এছ মালহোত্ৰাই সংবাদ মাধ্যমক গ্ৰেপ্তাৰ হোৱাৰ কথা জানিবলৈ দিয়ে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ২১ বছৰীয়া বিষ্ণোই ভূপালস্থিত প্ৰতিষ্ঠানৰ দ্বিতীয় বৰ্ষৰ অভিযান্ত্ৰিক শিক্ষাৰ্থী। তেওঁৰ গৃহ চহৰ অসমৰ যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হয়৷ এই অভিযোগৰ ভিত্তিতে আজি তেওঁক আবেলি দিল্লীলৈ অনা হ'ব বুলি সূত্ৰটোৱে জনায়।

এইটো এপটো সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা নীৰজ হৈছে চতুৰ্থজন লোক৷ যিয়ে ইছলাম ধৰ্মাৱলম্বী প্ৰতিষ্ঠিত মহিলা বিশেষকৈ মহিলা সাংবাদিক, উকীল আৰু সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ জনপ্ৰিয় তথা প্ৰভাৱশালী মহিলাসকলক 'নিলাম'ত জড়িত কৰাৰ বাবে লক্ষ্য কৰি লৈছিল৷ 'নিলাম'ৰ অংশ হিচাপে এক বিশেষ বয়সৰ গোট তৈয়াৰ কৰি আলোকচিত্ৰবোৰ ছ'চিয়েল মিডিয়া নেটৱৰ্কত লগাইছিল। ‘বুল্লী বাঈ’ এপ পৰিচালনাৰ অভিযোগত তিনিজন লোকক মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে গ্ৰেপ্তাৰ কৰিছিল। আটাইকেইজন যুৱক ১৯-২১বছৰীয়া আছিল৷ ২১ বছৰীয়া ছাত্ৰ মায়াংক ৰাৱাল, ১৯ বছৰীয়া শ্বেতা সিং আৰু অভিযান্ত্ৰিক বিদ্যাৰ্থী বিশাল কুমাৰ ঝাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা মতে শ্বেতা সিঙো আছিল গোচৰটোৰ অন্যতম মূল অভিযুক্ত।

উল্লেখ্য যে, নৱবৰ্ষৰ প্ৰথমটো দিনতে পোহৰলৈ আহিছিল এই নিকৃষ্ট কাণ্ড৷ কেইবাগৰাকী মুছলমান মহিলাই নিজকে 'নিলাম'ৰ বাবে তালিকাভুক্ত কৰাটো দৃষ্টিগোচৰ হোৱাৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীকে ধৰি কেইবাজনো বিৰোধী নেতাই চৰকাৰক এই প্লেটফৰ্মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি