--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘বুল্লী বাঈ’ গোচৰৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ৷ এই এপৰ দ্বাৰা টাৰ্গেত কৰি লোৱা মুছলমান মহিলাসকলক অনলাইনৰ জৰিয়তে 'নিলাম'ৰ বাবে ৰখা হৈছিল৷ মহিলাসকলক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা এনে ভয়ংকৰ কাৰ্যত জড়িত থকা মূল অভিযুক্তক আজি অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ আইএফএছঅ' দলে অসম যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰে নীৰজ বিষ্ণোই নামৰ এজন অভিযুক্তক৷ গিটহাবৰ 'বুল্লী বাঈ'ৰ মুখ্য ষড়যন্ত্ৰকাৰী, ডেভলপাৰ আৰু এপটোৰ মুখ্য টুইটাৰ একাউণ্ট ব্যৱহাৰকাৰী আছিল নীৰজ৷

চোৰাংচোৱা ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচনছ (আইএফএছঅ') গোটৰ আৰক্ষী উপায়ুক্ত কে পি এছ মালহোত্ৰাই সংবাদ মাধ্যমক গ্ৰেপ্তাৰ হোৱাৰ কথা জানিবলৈ দিয়ে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ২১ বছৰীয়া বিষ্ণোই ভূপালস্থিত প্ৰতিষ্ঠানৰ দ্বিতীয় বৰ্ষৰ অভিযান্ত্ৰিক শিক্ষাৰ্থী। তেওঁৰ গৃহ চহৰ অসমৰ যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হয়৷ এই অভিযোগৰ ভিত্তিতে আজি তেওঁক আবেলি দিল্লীলৈ অনা হ'ব বুলি সূত্ৰটোৱে জনায়।

এইটো এপটো সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা নীৰজ হৈছে চতুৰ্থজন লোক৷ যিয়ে ইছলাম ধৰ্মাৱলম্বী প্ৰতিষ্ঠিত মহিলা বিশেষকৈ মহিলা সাংবাদিক, উকীল আৰু সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ জনপ্ৰিয় তথা প্ৰভাৱশালী মহিলাসকলক 'নিলাম'ত জড়িত কৰাৰ বাবে লক্ষ্য কৰি লৈছিল৷ 'নিলাম'ৰ অংশ হিচাপে এক বিশেষ বয়সৰ গোট তৈয়াৰ কৰি আলোকচিত্ৰবোৰ ছ'চিয়েল মিডিয়া নেটৱৰ্কত লগাইছিল। ‘বুল্লী বাঈ’ এপ পৰিচালনাৰ অভিযোগত তিনিজন লোকক মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে গ্ৰেপ্তাৰ কৰিছিল। আটাইকেইজন যুৱক ১৯-২১বছৰীয়া আছিল৷ ২১ বছৰীয়া ছাত্ৰ মায়াংক ৰাৱাল, ১৯ বছৰীয়া শ্বেতা সিং আৰু অভিযান্ত্ৰিক বিদ্যাৰ্থী বিশাল কুমাৰ ঝাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা মতে শ্বেতা সিঙো আছিল গোচৰটোৰ অন্যতম মূল অভিযুক্ত।

উল্লেখ্য যে, নৱবৰ্ষৰ প্ৰথমটো দিনতে পোহৰলৈ আহিছিল এই নিকৃষ্ট কাণ্ড৷ কেইবাগৰাকী মুছলমান মহিলাই নিজকে 'নিলাম'ৰ বাবে তালিকাভুক্ত কৰাটো দৃষ্টিগোচৰ হোৱাৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীকে ধৰি কেইবাজনো বিৰোধী নেতাই চৰকাৰক এই প্লেটফৰ্মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক