--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ স্পা চেণ্টাৰ আৰু মাছাজ পাৰ্লাৰত চিচিটিভি কেমেৰা স্থাপন কৰাটো অবৈধ বুলি আখ্যা দিছে ভাৰতৰ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ব্যক্তিগত অধিকাৰ উলংঘন আৰু শাৰীৰিকভাৱে ব্যক্তিগত স্বাধীনতা লংঘন কৰা বুলি শেহতীয়াকৈ সদৰি কৰিছে।উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠৰ ন্যায়াধীশ জি আৰ স্বামীনাথনে তিৰুচিৰাপল্লী আৰক্ষীক কোনো আপত্তি নথকা প্ৰমাণপত্ৰ জাৰি কৰিবলৈ নিৰ্দেশ দিবলৈ আৰু স্পা চেণ্টাৰৰ মালিকৰ বিৰুদ্ধে জাৰি হোৱা আবেদনৰ নিষ্পত্তি কৰাৰ উদ্দেশ্যৰে এইকথা সদৰি কৰা বুলি জানিবলৈ পোৱা গৈছে।

স্পা চেণ্টাৰবোৰত চিচিটিভি কেমেৰা স্থাপনে ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ উলংঘন কৰা বুলিও ন্যায়াধীশ জি আৰ স্বামীনাথনে দাবী কৰিছে। তেওঁ লগতে কয়, ‘ স্পা চেণ্টাৰৰ দৰে প্ৰতিষ্ঠানত চিচিটিভি স্থাপন কৰাটো নিঃসন্দেহে ব্যক্তিগত স্বাধীনতাৰ উলংঘন।’ উল্লেখ্য যে, এই মাছাজ পাৰ্লাৰ আৰু স্পা চেণ্টাৰসমূহত অনৈতিক কাৰ্যকলাপ চলি অহা বুলি দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছে। প্ৰশাসনেও এন কেতবোৰ অনৈতিক কাৰ্যকলাপ বন্ধ কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। কেইমাহমান আগতে অসমতো গুৱাহাটী পৌৰসভাই পাৰ্লাৰসমূহলৈ এলানি নিৰ্দেশনা জাৰি কৰিছিল। নিৰ্দেশনাৱলীত পুৰুষে মহিলাক আৰু মহিলাই পুৰুষক মাছাজ দিব নোৱাৰে বুলি উল্লেখ কৰা হৈছিল। এনে কেতবোৰ ঘটনা প্ৰৱাহৰ মাজতে শেহতীয়াকৈ মাদ্ৰাজা উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে জাৰি কৰা নিৰ্দেশনাই বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি