--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ স্পা চেণ্টাৰ আৰু মাছাজ পাৰ্লাৰত চিচিটিভি কেমেৰা স্থাপন কৰাটো অবৈধ বুলি আখ্যা দিছে ভাৰতৰ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ব্যক্তিগত অধিকাৰ উলংঘন আৰু শাৰীৰিকভাৱে ব্যক্তিগত স্বাধীনতা লংঘন কৰা বুলি শেহতীয়াকৈ সদৰি কৰিছে।উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠৰ ন্যায়াধীশ জি আৰ স্বামীনাথনে তিৰুচিৰাপল্লী আৰক্ষীক কোনো আপত্তি নথকা প্ৰমাণপত্ৰ জাৰি কৰিবলৈ নিৰ্দেশ দিবলৈ আৰু স্পা চেণ্টাৰৰ মালিকৰ বিৰুদ্ধে জাৰি হোৱা আবেদনৰ নিষ্পত্তি কৰাৰ উদ্দেশ্যৰে এইকথা সদৰি কৰা বুলি জানিবলৈ পোৱা গৈছে।

স্পা চেণ্টাৰবোৰত চিচিটিভি কেমেৰা স্থাপনে ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ উলংঘন কৰা বুলিও ন্যায়াধীশ জি আৰ স্বামীনাথনে দাবী কৰিছে। তেওঁ লগতে কয়, ‘ স্পা চেণ্টাৰৰ দৰে প্ৰতিষ্ঠানত চিচিটিভি স্থাপন কৰাটো নিঃসন্দেহে ব্যক্তিগত স্বাধীনতাৰ উলংঘন।’ উল্লেখ্য যে, এই মাছাজ পাৰ্লাৰ আৰু স্পা চেণ্টাৰসমূহত অনৈতিক কাৰ্যকলাপ চলি অহা বুলি দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছে। প্ৰশাসনেও এন কেতবোৰ অনৈতিক কাৰ্যকলাপ বন্ধ কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। কেইমাহমান আগতে অসমতো গুৱাহাটী পৌৰসভাই পাৰ্লাৰসমূহলৈ এলানি নিৰ্দেশনা জাৰি কৰিছিল। নিৰ্দেশনাৱলীত পুৰুষে মহিলাক আৰু মহিলাই পুৰুষক মাছাজ দিব নোৱাৰে বুলি উল্লেখ কৰা হৈছিল। এনে কেতবোৰ ঘটনা প্ৰৱাহৰ মাজতে শেহতীয়াকৈ মাদ্ৰাজা উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে জাৰি কৰা নিৰ্দেশনাই বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক