--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলাৰ আৰম্ভণিতে জয়ৰ মুখ দেখিছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে। জছ বাটলাৰৰ দলটোক ৫০ ৰানত পৰাস্ত কৰি শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতীয় দলটোৱে। আজি বাৰ্মিংহামৰ এডগবাষ্টনত অনুষ্ঠিত হ’ব ভাৰত-ইংলেণ্ডৰ দ্বিতীয়খন টি-২০। এই মেচখনত জয়ী হ’লেই ভাৰতে দখল কৰিব ছিৰিজ।

ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী, ঋষভ পন্থ, ৰবীন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহক এজবাষ্টনত দেখিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এজবাষ্টন টেষ্টৰ পিছতে জিৰণি লৈছিল জ্যেষ্ঠ ক্ৰিকেটাৰসকলে। এই মেচখনত যদি বিৰাটে খেলে তেন্তে অধিনায়ক ৰোহিতৰ সৈতে তেওঁৰ বাবে অপেক্ষা কৰি থাকিব টি-২০ৰ এক অনন্য মাইলৰ খুঁটি।

ৰোহিত-বিৰাটক মাত্ৰ দুটা বাউণ্ডেৰীৰ প্ৰয়োজন। তেতিয়াহে ভাৰতৰ দুজন বেটিং মহান খেলুৱৈয়ে ক্ৰিকেটৰ আটাইতকৈ সৰু ফৰ্মেটত দেশৰ জাৰ্ছীত ৩০০ টা বাউণ্ডেৰীৰ ইভিলেখ গঢ়িবলৈ সক্ষম হ’ব। এই অভিলেখ কেৱল আয়াৰলেণ্ডৰ পল ষ্টাৰলিংৰ হাততহে আছে। বিৰাট আৰু ৰোহিতে যদি দুটাকৈ বাউণ্ডেৰী মাৰিব পাৰে তেন্তে ষ্টাৰলিঙৰ তালিকাত স্থান পাব এই দুই ভাৰতীয় ক্ৰিকেটাৰে।

উল্লেখ্য যে, শেষৰখন মেচত খেলপথাৰলৈ উভতি আহিয়ে ৰোহিতে ৰেকৰ্ড বুকত নিজৰ নাম লিখিবলৈ সক্ষম হৈছে। ক’ভিড সংক্ৰমণৰ বাবে ভাৰতৰ নিয়মীয়া অধিনায়কগৰাকীয়ে এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত খেলিব পৰা নাছিল। কৰ’নাক জয় কৰি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ টি-২০ শৃংখলাত পুনৰ খেলপথাৰলৈ ঘূৰি আহিছে হিটমেন ৰোহিত। এতিয়া আজি ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখন দুই ক্ৰিকেটাৰৰ বাবে হৈ পৰিছে অধিক গুৰুত্বপূৰ্ণ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু