--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলাৰ আৰম্ভণিতে জয়ৰ মুখ দেখিছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে। জছ বাটলাৰৰ দলটোক ৫০ ৰানত পৰাস্ত কৰি শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতীয় দলটোৱে। আজি বাৰ্মিংহামৰ এডগবাষ্টনত অনুষ্ঠিত হ’ব ভাৰত-ইংলেণ্ডৰ দ্বিতীয়খন টি-২০। এই মেচখনত জয়ী হ’লেই ভাৰতে দখল কৰিব ছিৰিজ।

ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী, ঋষভ পন্থ, ৰবীন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহক এজবাষ্টনত দেখিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এজবাষ্টন টেষ্টৰ পিছতে জিৰণি লৈছিল জ্যেষ্ঠ ক্ৰিকেটাৰসকলে। এই মেচখনত যদি বিৰাটে খেলে তেন্তে অধিনায়ক ৰোহিতৰ সৈতে তেওঁৰ বাবে অপেক্ষা কৰি থাকিব টি-২০ৰ এক অনন্য মাইলৰ খুঁটি।

ৰোহিত-বিৰাটক মাত্ৰ দুটা বাউণ্ডেৰীৰ প্ৰয়োজন। তেতিয়াহে ভাৰতৰ দুজন বেটিং মহান খেলুৱৈয়ে ক্ৰিকেটৰ আটাইতকৈ সৰু ফৰ্মেটত দেশৰ জাৰ্ছীত ৩০০ টা বাউণ্ডেৰীৰ ইভিলেখ গঢ়িবলৈ সক্ষম হ’ব। এই অভিলেখ কেৱল আয়াৰলেণ্ডৰ পল ষ্টাৰলিংৰ হাততহে আছে। বিৰাট আৰু ৰোহিতে যদি দুটাকৈ বাউণ্ডেৰী মাৰিব পাৰে তেন্তে ষ্টাৰলিঙৰ তালিকাত স্থান পাব এই দুই ভাৰতীয় ক্ৰিকেটাৰে।

উল্লেখ্য যে, শেষৰখন মেচত খেলপথাৰলৈ উভতি আহিয়ে ৰোহিতে ৰেকৰ্ড বুকত নিজৰ নাম লিখিবলৈ সক্ষম হৈছে। ক’ভিড সংক্ৰমণৰ বাবে ভাৰতৰ নিয়মীয়া অধিনায়কগৰাকীয়ে এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত খেলিব পৰা নাছিল। কৰ’নাক জয় কৰি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ টি-২০ শৃংখলাত পুনৰ খেলপথাৰলৈ ঘূৰি আহিছে হিটমেন ৰোহিত। এতিয়া আজি ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখন দুই ক্ৰিকেটাৰৰ বাবে হৈ পৰিছে অধিক গুৰুত্বপূৰ্ণ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ