--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ এম ২০২২)ৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিত হৈছে কিংবদন্তি কপিল দেৱ।  ঐতিহ্যবাহী এই চলচ্চিত্ৰ মহোৎসৱত আমন্ত্ৰণ লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে বিবেচিত হৈছে ৮৩-ৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকী।

উল্লেখ্য যে, বিশ্বৰ অন্যতম বৃহৎ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব জনপ্ৰিয় ছবি ‘৮৩’। মুঠ ২৩ টা ভাষাৰ ১০০ খনতকৈও অধিক ছবিৰ ভিতৰত এই ছবিখন নিৰ্বাচিত হৈছে। কপিলৰ অধিনায়কত্বত ভাৰতীয় দলৰ বিশ্বকাপ জয়ৰ কাহিনীক ছবিৰ ৰূপ দিছে কবীৰ খানে। তেওঁৰ নিৰ্দেশনাত নিৰ্মাণ কৰি উলিওৱা ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছিল বিশেষ সঁহাৰি। ক্ৰীড়া আৰু চিনেমা অনুৰাগীৰ মনত এক বিশেষ স্থান দখল কৰিছে ছবিখনে। কপিলৰ চৰিত্ৰত ৰণবীৰ সিঙৰ অভিনয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল।

মেলবৰ্ণ চলচ্চিত্ৰ মহোৎসৱত বিশেষ অতিথি হিচাপে আমন্ত্ৰণ পাই ৰোমাঞ্চিত কপিল দেৱ। তেওঁ কয়, ‘আই এফ এফ এমৰ অংশ হ'বলৈ মই আগ্ৰহী। এই চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় চিনেমাক উদযাপন কৰাৰ এক মহান মঞ্চ। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে চিনেমা আৰু ক্ৰীড়া দুটা প্ৰধান সাংস্কৃতিক অভিজ্ঞতা যিয়ে কেৱল ভাৰতীয়কে নহয়, বিভিন্ন সম্প্ৰদায় আৰু দেশক একত্ৰিত কৰি আহিছে।’ 

মন কৰিবলগীয়া যে, কৰ’না মহামাৰীৰ বাবে বিগত দুবছৰ ভাৰ্চুৱেলী অনুষ্ঠিত হৈ আহিছিল ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ। এইবাৰ কৰ’নাৰ প্ৰাদুৰ্ভাৱ অলপ কমা বাবে IFFM পুনৰ আনুষ্ঠানিকভাৱে অনুষ্ঠিত হ’বলৈ হৈ আছে। ১২ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত হ’ব এই মহোৎসৱ। শেষৰ দিনটোত আছে বঁটা বিতৰণী সভা। এই অনুষ্ঠানত চলচ্চিত্ৰজগতৰ বহু ৰথী-মহাৰথী উপস্থিত থাকিব। ২০১৯ চনত শ্বাহৰূখ খান, কৰণ জোহৰ, অৰ্জুন কাপুৰৰ দৰে তাৰকাক এই চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালনা কৰা দেখা গৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি স্পেইনৰ বিশ্বজয়
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement