--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ এম ২০২২)ৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিত হৈছে কিংবদন্তি কপিল দেৱ।  ঐতিহ্যবাহী এই চলচ্চিত্ৰ মহোৎসৱত আমন্ত্ৰণ লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে বিবেচিত হৈছে ৮৩-ৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকী।

উল্লেখ্য যে, বিশ্বৰ অন্যতম বৃহৎ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব জনপ্ৰিয় ছবি ‘৮৩’। মুঠ ২৩ টা ভাষাৰ ১০০ খনতকৈও অধিক ছবিৰ ভিতৰত এই ছবিখন নিৰ্বাচিত হৈছে। কপিলৰ অধিনায়কত্বত ভাৰতীয় দলৰ বিশ্বকাপ জয়ৰ কাহিনীক ছবিৰ ৰূপ দিছে কবীৰ খানে। তেওঁৰ নিৰ্দেশনাত নিৰ্মাণ কৰি উলিওৱা ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছিল বিশেষ সঁহাৰি। ক্ৰীড়া আৰু চিনেমা অনুৰাগীৰ মনত এক বিশেষ স্থান দখল কৰিছে ছবিখনে। কপিলৰ চৰিত্ৰত ৰণবীৰ সিঙৰ অভিনয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল।

মেলবৰ্ণ চলচ্চিত্ৰ মহোৎসৱত বিশেষ অতিথি হিচাপে আমন্ত্ৰণ পাই ৰোমাঞ্চিত কপিল দেৱ। তেওঁ কয়, ‘আই এফ এফ এমৰ অংশ হ'বলৈ মই আগ্ৰহী। এই চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় চিনেমাক উদযাপন কৰাৰ এক মহান মঞ্চ। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে চিনেমা আৰু ক্ৰীড়া দুটা প্ৰধান সাংস্কৃতিক অভিজ্ঞতা যিয়ে কেৱল ভাৰতীয়কে নহয়, বিভিন্ন সম্প্ৰদায় আৰু দেশক একত্ৰিত কৰি আহিছে।’ 

মন কৰিবলগীয়া যে, কৰ’না মহামাৰীৰ বাবে বিগত দুবছৰ ভাৰ্চুৱেলী অনুষ্ঠিত হৈ আহিছিল ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ। এইবাৰ কৰ’নাৰ প্ৰাদুৰ্ভাৱ অলপ কমা বাবে IFFM পুনৰ আনুষ্ঠানিকভাৱে অনুষ্ঠিত হ’বলৈ হৈ আছে। ১২ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত হ’ব এই মহোৎসৱ। শেষৰ দিনটোত আছে বঁটা বিতৰণী সভা। এই অনুষ্ঠানত চলচ্চিত্ৰজগতৰ বহু ৰথী-মহাৰথী উপস্থিত থাকিব। ২০১৯ চনত শ্বাহৰূখ খান, কৰণ জোহৰ, অৰ্জুন কাপুৰৰ দৰে তাৰকাক এই চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালনা কৰা দেখা গৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু