--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনতেৰাছ হৈছে হিন্দু ধৰ্মৰ এটা উৎসৱ, যি পাঁচদিনীয়া দীপাৱলী উৎসৱৰ আৰম্ভণি। কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশ চন্দ্ৰ দিৱসত উদযাপন কৰা হয়। এইটো বিশ্বাস কৰা হয় যে ধনতেৰাছত ধনন্তৰীক উপাসনা কৰি, সাধকসকলে অপৰিসীম সম্পদ লাভ কৰিব পাৰে লগতে ঘৰৰ পৰা দৰিদ্ৰতা আঁতৰ হয়।

ধনতেৰাছ কিয় উদযাপন পৰা হয়? 

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰাছ উৎসৱ উদযাপন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌-মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে পূজা-অৰ্চনা কৰা হয় আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল৷ ধনন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয়। যাৰ বাবে এই বিশেষ দিনটোক ধনতেৰাছ বুলি জনা যায়।‌ এই উৎসৱ মূলত: উত্তৰ ভাৰতীয় আৰু হিন্দুসকলৰ উৎসৱ। এই উৎসৱত সোণ-ৰূপ বা তেনে কোনো মূল্যৱান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে।

ধনতেৰাছ কাতি মাহৰ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ। কাতি মাহটো সনাতন ধৰ্মত অতি শুভ বুলি গণ্য কৰা হয়। এই মাহত গংগাত গা ধোৱাৰ বিশেষ গুৰুত্ব আছে। লগতে, কাতি মাহত ধনতেৰাছ, দেৱালী, গোবৰ্ধন পূজা, ভাই দোজ, ছট পূজাৰ দৰে মুখ্য উৎসৱ পালন কৰা হয়। বিশ্বাস কৰা হয় যে ধনতেৰাছ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশ চন্দ্ৰ দিৱসত ভগৱান ধনন্তৰীক উপাসনা কৰি, সাধক জনে অপৰিসীম সম্পদ লাভ কৰে। ধনতেৰাছত মানুহে তেওঁলোকৰ ঘৰ বোৰ পৰিষ্কাৰ কৰে আৰু সজায় তোলে, লগতে নিজৰ ঘৰৰ চাৰিওফালে তেলৰ চাকি আৰু মমবাতি জ্বলাই আৰু লক্ষ্মী দেৱীক উপাসনা কৰে।

ধনতেৰাছক কিয় এটা শুভ দিন বুলি গণ্য কৰা হয়?

১. প্ৰথম কাৰণ হৈছে ধনতেৰাছৰ দিনটোতে ভগৱান ধন্বন্তৰী অমৃতৰ পাত্ৰ ধৰি সমুদ্ৰ মন্থনৰ সময়ত সাগৰৰ পৰা ওলাই আহিছিল।

২. দ্বিতীয় কাৰণ হৈছে ধনতেৰাছৰ দিনাই দেৱী লক্ষ্মী প্ৰথমবাৰৰ বাবে পৃথিৱীত উপস্থিত হৈছিল বুলি বিশ্বাস কৰা হয়।

৩. তৃতীয়তে এই দিনটোতে পাঁচদিনীয়া দেৱালী উৎসৱৰ আৰম্ভণি হয়, যি হৈছে উদযাপন, নতুন আৰম্ভণি আৰু সমৃদ্ধিৰ সময়।

৪. আৰু চতুৰ্থতে, ধনতেৰাছৰ দিনা সন্ধিয়া চাকি জ্বলোৱা হয়, ইয়াক যম দীপক বুলিও কোৱা হয়। লোকবিশ্বাস অনুসৰি, এনে কৰিলে পৰিয়ালত অকাল মৃত্যু হাৰ কম হয়৷

ধনতেৰাছ সমগ্ৰ বিশ্বৰ হিন্দু সকলৰ বাবে এক বিশেষ দিন। জীৱনৰ ভাল বস্তুবোৰ উদযাপন কৰিবলৈ আৰু এক উজ্জ্বল আৰু সমৃদ্ধ ভৱিষ্যতৰ বাবে প্ৰাৰ্থনা কৰাৰ বাবে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে একত্ৰিত হোৱাৰ সময়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনত বিনিয়োগকাৰীৰ ৯ লাখ কোটি টকা লোকচান, অস্থিৰতাৰ কবলত ভাৰতীয় শ্বেয়াৰ বজাৰ
অগণন ভক্তৰ সমাগমত উখল-মাখল নীলাচল; মন্ত্রী কৌশিক ৰায়ৰ নিৰ্দেশত কর্তব্যত গাফিলতি কৰা ৩ বিষয়াক নিলম্বন
NMCৰ সিদ্ধান্ত; মেডিকেল কলেজত বন্ধ হ’ব পি জি ডিপ্ল’মা
শাৰদপন্থী এন চি পিৰ ৫ সাংসদ শীঘ্রেই বিজেপিলৈ! মহাৰাষ্ট্ৰৰ ৰাজনীতিত বিস্ফোৰণৰ আশংকা
উৎকট গৰমে দহিছে ইউৰোপক; ৪৩ ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমাত্রা হোৱা ফ্ৰান্সত ‘ৰেড এলার্ট’
আজিৰে পৰা বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান
অৰুণাচলৰ বৰষুণৰ বাবে অসমত উচ্চ সতৰ্কতা: নিম্ন সোৱণশিৰিৰ বানপানীয়ে শংকিত কৰিছে কেইবাখনো জিলাক
শোণিতপুৰৰ সীমান্তৱৰ্তী গাঁওসমূহত দুৰ্বিষহ জীৱন: পথ, দলং আৰু ভূমি অধিকাৰৰ বাবে ৪ শতাধিক পৰিয়ালৰ প্ৰতীক্ষা
নগাঁও শিক্ষা বিভাগত SEBA-DISE ক'ড জালিয়াতিৰ অভিযোগ: ৭খন বিদ্যালয় তদন্তৰ আওতাত
চাৰি বছৰত অসমত ১.৮২ কোটি হিতাধিকাৰীলৈ ১৬,৬৪০ কোটি টকাৰ প্ৰত্যক্ষ বিত্তীয় সাহায্য
বঙাইগাঁওৰ আমবাৰী পাৰৰচৰত সম্প্ৰীতিৰ অনন্য নিদৰ্শন: হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়াত মুছলমান গাওঁবাসীৰ সহযোগিতা
ছেমিকণ্ডাক্টৰ উৎপাদনৰ হাব হিচাপে গঢ়ি উঠিব অসম: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজধানী এক্সপ্ৰেছৰ সজাগ চালকৰ তৎপৰতাত হাত সাৰিল বন্যহস্তীৰ জাক
অম্বুবাচী মেলাত ব্যতিক্ৰমী সাধুৰ আগমন, ভক্তৰ মাজত বিশেষ চৰ্চা