--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দীপাৱলীলৈ মাজত মাত্ৰ কেইটামানদিন বাকী। দীপাৱলীৰ প্ৰস্তুতিত এতিয়া দেশজুৰি বাঢ়িছে ব্যস্ততা। হিন্দুধৰ্মত দীপাৱলীৰ বিশেষ তাৎপৰ্য আছে। জনবিশ্বাস অনুসৰি এই দিনটোতে মালক্ষ্মী, গণেশ আৰু কুবেৰৰ পূজা কৰা হয়। চলিত বৰ্ষতো অৰ্থাৎ অহা ১২ নৱেম্বৰলৈ পালন কৰা হ’ব দীপাৱলী। কিন্তু দেশজুৰি বৃদ্ধি পোৱা প্ৰদূষণৰ সময়তে এইবেলি ফটকা-ধোঁৱাবিহীন দীপাৱলী পালনৰ কেইটামান টিপছ জানো আহক।

* সেউজীয়া ফটকা:-বেছিভাগ লোকেই দীপাৱলীত ফটকা জ্বলাই ভালপায়, কিন্তু ফটকায়ে বিষাক্ত ধোঁৱা নিৰ্গত কৰে, যাৰ ফলত বতাহত মিলি বায়ু বহু পৰিমাণে প্ৰদূষিত কৰে। সেয়েহে আমি সেউজীয়া বা পৰিৱেশ অনুকূল আতচবাজী ক্ৰয় কৰা উচিত। কাৰণ সেউজীয়া ফটকা তৈয়াৰ কৰাত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয়। এইবোৰৰ পৰা ধোঁৱা কম ওলায় আৰু শব্দও কম হয়। সেউজীয়া ফটকা কিনি আমি পৰিৱেশ সুস্থ কৰি ৰখাৰ সমানে দীপাৱলীও উদযাপন কৰিব পাৰো। 

* শব্দ প্ৰদূষণ এৰাই চলক:-দীপাৱলীৰ সময়ত বেছিভাগ ফটকাৰ শব্দ ১০০ ডেচিবেলতকৈও অধিক হয়, যিটো যিকোনো ব্যক্তিৰ কাণৰ বাবে ক্ষতিকাৰক। গতিকে শব্দ প্ৰদূষণ পৰিহাৰ কৰি আমি কম শব্দৰ ফটকা ক্ৰয় আৰু অতি সীমিত সময়ৰ বাবেহে জ্বলোৱা উচিত। ইয়াৰ দ্বাৰা আমি দীপাৱলী উপভোগ কৰাৰ সমান্তৰালকৈ প্ৰদূষণৰ মাত্ৰাও হ্ৰাস কৰিব পাৰো।

* গভীৰ নিশালৈকে ফটকা জ্বলোৱাৰ পৰা বিৰত থাকক:-আনন্দৰে দীপাৱলী উদযাপন কৰক কিন্তু আতচবাজীৰে নহয়, সেউজীয়া ফটকা জ্বলাবলৈও এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক। গভীৰ নিশালৈ ফটকা জ্বলোৱাৰ পৰা বিৰত থকাৰ বিপৰীতে কেৱল সন্ধিয়াৰ পৰা নিশা ৯ বজালৈকে ফটকা জ্বলোৱা উচিত। কাৰণ ইয়াৰ পাছত ল’ৰা-ছোৱালী আৰু বয়োজ্যেষ্ঠসকল শুবলৈ যায়, ফটকাৰ শব্দই যাতে তেওঁলোকক আমনি নকৰে তাৰ প্ৰতি মনোযাগ দিয়া উচিত। ইয়াৰ উপৰি শব্দ তথা বায়ু প্ৰদূষণ যথাসম্ভৱ হ্ৰাস কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ