--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কাইলৈ আৰম্ভ অসমত বহু প্ৰতীক্ষিত ভোটগ্ৰহণৰ প্ৰথম পৰ্যায়৷ প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ ৮১ লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ৷ ইতিমধ্যেই সাজু কৰি তোলা হৈছে ১১,৫৩৭টা ভোটকেন্দ্ৰ৷ আজি পুৱাৰে পৰা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে কৰ্মচাৰীসকল৷ প্ৰথম পৰ্যায়ত ২৬৪জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব৷ তেজপুৰ নিৰ্বাচনী জিলাৰ ৫টা বিধান সভা সমষ্টিত কাইলৈ অনুষ্ঠিত হ'ব লগীয়া নিৰ্বাচনৰ ভোট গ্ৰহনৰ বাবে আজি দৰং মহাবিদ্যালয়ৰ পৰা প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তা ৰক্ষীসহ পুলিং বিষয়াৰ দল ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে।

আৰু পঢ়িব পাৰিব : দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

উল্লেখ্যযে, তেজপুৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপাৰা আৰু চতিয়া বিধান সভা সমষ্টিত ১৩২৪টা কেন্দ্ৰত ৩৫১২গৰাকী চাৰ্ভিচ ভোটাৰ সহ ৯,৩৭,৯৩৫গৰাকী ভোটৰে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব। তিতাবৰ সমষ্টিত ১৮১ টা ভোট কেন্দ্ৰত১৫৪৫৪০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৭৭১৭৯ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৭৭৩৬১ গৰাকী মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

তিতাবৰ সমষ্টিটোত এইবাৰ নতুন ভোটাৰৰ সংখ্যা ৩২৬৩ গৰাকীলৈ বৃদ্ধি পাইছে। শদিয়া বিধান সভা সমষ্টিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা১,৮৯,৩৮২ গৰাকী আৰু ইয়াৰে ৯৬,০৫৫ গৰাকী পুৰুষ,৯৩,৩২৪ গৰাকী মহিলা আৰু ০৩গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে৷তদুপৰি সমষ্টিটোত সৰ্বমুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা সৰ্বমুঠ ২৮২ টা,ইয়াৰে ১১৬ টা সমষ্টিটোৰ উত্তৰপাৰে আৰু ১৬৬ টা সমষ্টিটো দক্ষিণপাৰে স্হাপিত হৈছে৷

আৰু পঢ়িব পাৰিব :সাজু নিৰ্বাচন আয়োগঃ স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ হ’ব অৰ্ধসামৰিক বাহিনী

আনহাতে কাইলৈ গহপুৰত ৭৮ নং গহপুৰ বিধানসভা সমষ্টিৰ চাৰি গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব । উল্লেখ্য যে সমষ্টিটোত মুঠ ভোটাৰ হ'ল ২০৪২২৭ টা । ইয়াৰে পুৰুষ ভোটাৰ হ'ল ১০৩৪৩৩ জন,মহিলা ভোটাৰ ১০০৭৪৭ গৰাকী ।মুঠ ভোট কেন্দ্ৰ হ'ল ২৮৮ টা । লখিমপুৰ জিলাৰ ১১১ নং লখমিপুৰ , ১১০ নং নাওবৈচা, ১০৯ নং বিহপুৰীয়া সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ৫,৫৬,৫৬৮জন৷ লখিমপুৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯৩৩৮৭ জন আৰু মহিলা ভোটাৰ ৯২১৫১গৰাকী৷মাজুলীত ১ লাখ ৩০ হাজাৰ ৪ শ ৬৮ জন ভোটাৰে ১৯৫ টা ভোট গ্রহণ কেন্দ্রত কৰিব ভোট প্ৰদান।

বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ বিধান সভা সমষ্টিত ২৩১টা কেন্দ্ৰত ১৬৩০৬২ গৰাকী ভোটৰে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব।ইয়াৰ ভিতৰত ৮২১৪৯গৰাকী পুৰুষ আৰু ৮০৯১২গৰাকী মহিলা ভোটাৰ।আনহাতে বিহালী বিধান সভা সমষ্টিত ১৭৮ কেন্দ্ৰত ১২৩২৭৯ ভোটাৰে ভোটাধীকাৰ সাব্যস্ত কৰিব।ইয়াৰ ভিতৰত ৬২৭৬৯ গৰাকী পুৰুষ আৰু ৬০৪৮৩ গৰাকী মহিলা ভোটাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ