--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : কাইলৈ আৰম্ভ অসমত বহু প্ৰতীক্ষিত ভোটগ্ৰহণৰ প্ৰথম পৰ্যায়৷ প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ ৮১ লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ৷ ইতিমধ্যেই সাজু কৰি তোলা হৈছে ১১,৫৩৭টা ভোটকেন্দ্ৰ৷ আজি পুৱাৰে পৰা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে কৰ্মচাৰীসকল৷ প্ৰথম পৰ্যায়ত ২৬৪জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব৷ তেজপুৰ নিৰ্বাচনী জিলাৰ ৫টা বিধান সভা সমষ্টিত কাইলৈ অনুষ্ঠিত হ'ব লগীয়া নিৰ্বাচনৰ ভোট গ্ৰহনৰ বাবে আজি দৰং মহাবিদ্যালয়ৰ পৰা প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তা ৰক্ষীসহ পুলিং বিষয়াৰ দল ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে।

আৰু পঢ়িব পাৰিব : দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

উল্লেখ্যযে, তেজপুৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপাৰা আৰু চতিয়া বিধান সভা সমষ্টিত ১৩২৪টা কেন্দ্ৰত ৩৫১২গৰাকী চাৰ্ভিচ ভোটাৰ সহ ৯,৩৭,৯৩৫গৰাকী ভোটৰে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব। তিতাবৰ সমষ্টিত ১৮১ টা ভোট কেন্দ্ৰত১৫৪৫৪০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৭৭১৭৯ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৭৭৩৬১ গৰাকী মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

তিতাবৰ সমষ্টিটোত এইবাৰ নতুন ভোটাৰৰ সংখ্যা ৩২৬৩ গৰাকীলৈ বৃদ্ধি পাইছে। শদিয়া বিধান সভা সমষ্টিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা১,৮৯,৩৮২ গৰাকী আৰু ইয়াৰে ৯৬,০৫৫ গৰাকী পুৰুষ,৯৩,৩২৪ গৰাকী মহিলা আৰু ০৩গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে৷তদুপৰি সমষ্টিটোত সৰ্বমুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা সৰ্বমুঠ ২৮২ টা,ইয়াৰে ১১৬ টা সমষ্টিটোৰ উত্তৰপাৰে আৰু ১৬৬ টা সমষ্টিটো দক্ষিণপাৰে স্হাপিত হৈছে৷

আৰু পঢ়িব পাৰিব :সাজু নিৰ্বাচন আয়োগঃ স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ হ’ব অৰ্ধসামৰিক বাহিনী

আনহাতে কাইলৈ গহপুৰত ৭৮ নং গহপুৰ বিধানসভা সমষ্টিৰ চাৰি গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব । উল্লেখ্য যে সমষ্টিটোত মুঠ ভোটাৰ হ'ল ২০৪২২৭ টা । ইয়াৰে পুৰুষ ভোটাৰ হ'ল ১০৩৪৩৩ জন,মহিলা ভোটাৰ ১০০৭৪৭ গৰাকী ।মুঠ ভোট কেন্দ্ৰ হ'ল ২৮৮ টা । লখিমপুৰ জিলাৰ ১১১ নং লখমিপুৰ , ১১০ নং নাওবৈচা, ১০৯ নং বিহপুৰীয়া সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ৫,৫৬,৫৬৮জন৷ লখিমপুৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯৩৩৮৭ জন আৰু মহিলা ভোটাৰ ৯২১৫১গৰাকী৷মাজুলীত ১ লাখ ৩০ হাজাৰ ৪ শ ৬৮ জন ভোটাৰে ১৯৫ টা ভোট গ্রহণ কেন্দ্রত কৰিব ভোট প্ৰদান।

বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ বিধান সভা সমষ্টিত ২৩১টা কেন্দ্ৰত ১৬৩০৬২ গৰাকী ভোটৰে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব।ইয়াৰ ভিতৰত ৮২১৪৯গৰাকী পুৰুষ আৰু ৮০৯১২গৰাকী মহিলা ভোটাৰ।আনহাতে বিহালী বিধান সভা সমষ্টিত ১৭৮ কেন্দ্ৰত ১২৩২৭৯ ভোটাৰে ভোটাধীকাৰ সাব্যস্ত কৰিব।ইয়াৰ ভিতৰত ৬২৭৬৯ গৰাকী পুৰুষ আৰু ৬০৪৮৩ গৰাকী মহিলা ভোটাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement