ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ কনৌজস্থিত আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত আজি মঙলবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী ট্ৰাকে ৰৈ থকা এখন স্কুল বাছত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত চাৰিজন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ কৰুণ মৃত্যু ঘটাৰ লগতে প্ৰায় ৩৫ জন শিক্ষাৰ্থী আহত হয়। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
আৰক্ষীয়ে জনোৱা মতে, কৌশাম্বীৰ এখন বিদ্যালয়ৰ প্ৰায় ৫০ গৰাকী শিক্ষাৰ্থী আৰু ৬ গৰাকী শিক্ষক-কৰ্মচাৰীয়ে আগ্ৰা আৰু মথুৰাত শিক্ষামূলক ভ্ৰমণ সামৰি বাছখনেৰে ঘৰ অভিমুখে উভতি গৈ আছিল। মঙলবাৰে পুৱা প্ৰায় ৫.৪৫ বজাত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাতঃকৰ্মৰ বাবে চালকজনে বাছখন পথৰ দাঁতিত ৰখায়। ঠিক তেনে সময়তে আগ্ৰাৰ পৰা লক্ষ্ণৌ অভিমুখে তীব্ৰবেগেৰে অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনৰ পিছফালে খুন্দা মাৰে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেৰ ঠঠিয়াৰ সমীপৰ ২০৯ কিলোমিটাৰ পইণ্টত এই দুৰ্ঘটনাটো সংঘটিত হয়।
এই দুৰ্ঘটনাত চাৰিজন শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ৩৫জন ছাত্ৰ-ছাত্ৰী আহত হয়। বিদ্যালয়খনৰ অধ্যক্ষ আৰু আন এটা শিশুৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। উন্নত চিকিৎসাৰ বাবে দুয়োজনকে কানপুৰলৈ প্ৰেৰণ কৰা হৈছে, আনহাতে বাকী আহত শিশুসকলৰ তিৰৱা মেডিকেল কলেজত চিকিৎসা অব্যাহত আছে। ইতিমধ্যে দুৰ্ঘটনাটোৰ বিষয়ে পৰিয়ালৰ লোকসকলক অৱগত কৰা হৈছে আৰু আৰক্ষীয়ে পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
ইফালে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কনৌজত সংঘটিত এই পথ দুৰ্ঘটনাটোৰ সন্দৰ্ভত তাৎক্ষণিকভাৱে খবৰ লৈছে। তেওঁ দুৰ্ঘটনাটোত শিক্ষাৰ্থীসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষীপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে। লগতে, মৃত শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি তেওঁলোকক সকলো ধৰণৰ সম্ভৱপৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়াৰ উপৰি আহত ছাত্ৰ-ছাত্ৰীসকলৰ আশু আৰোগ্য কামনা কৰিছে।