--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ড° ভূপেন হাজৰিকা সেতু হৈছে সমগ্ৰ অসম আৰু অসমীয়াৰে গৌৰৱ। কিন্তু এতিয়াৰে পৰা দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ দলঙৰ গৌৰৱেৰে গৌৰৱান্বিত হ'ব বিহাৰ।

ডিজিটেল ডেস্ক: অসমৰ তিনিচুকীয়াৰ ধলা-শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেতু দেশৰ সৰ্বাধিক দৈর্ঘ্যৰ দলং হিচাপে পৰিচিত হৈ আহিছিল। কিন্তু শনিবাৰে বিহাৰত নীতিশ সেতু মুকলি হোৱাৰ লগে লগে ড° ভূপেন হাজৰিকা সেতুৱে সেই পৰিচয় হেৰুৱাই পেলালে। ধলা-শদিয়া সংযোগী এই দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনত মুকলি কৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ কথা ঘোষণা কৰিছিল। ৯.১৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ ২,০৫৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই দলংখনে অসমৰ সৈতে পোনপটীয়াকৈ অৰুণাচল প্রদেশক সংযোগ কৰি আহিছে। 


ড° ভূপেন হাজৰিকা সেতু হৈছে সমগ্ৰ অসম আৰু অসমীয়াৰে গৌৰৱ। কিন্তু এতিয়াৰে পৰা দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ দলঙৰ গৌৰৱেৰে গৌৰৱান্বিত হ'ব বিহাৰ। কাৰণ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত গংগা নদীৰ ওপৰত নিৰ্মিত নীতিশ সেতু বা কচ্চী দৰগাহ-বিদুপুৰ দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছতে সেই দলংখন হৈ পৰিল ভাৰতবৰ্ষৰ সৰ্বাধিক দৈৰ্ঘ্যৰ নদী দলং। ড° ভূপেন হাজৰিকা সেতুতকৈ এইখন দলঙৰ দৈৰ্ঘ্য ৬১ মিটাৰ বেছি। ৯.৭৬ কিল 'মিটাৰ দৈৰ্ঘ্যৰ নীতিশ সেতুৰ নিৰ্মাণত ব্যয় হয় ৫৫৭২ কোটি টকা। 


ইয়াৰে ৩,৪৭২ কোটি টকা বিহাৰ চৰকাৰে এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা ঋণ হিচাপে লোৱাৰ বিপৰীতে ২,১০০ কোটি টকা ৰাজ্য চৰকাৰখনে নিজাকৈ ব্যয় কৰিছে। অৱশ্যে, ড° ভূপেন হাজৰিকা সেতুৱে সৰ্বাধিক দৈৰ্ঘ্যৰ নদী দলঙৰ পৰিচয় সাময়িকভাৱে হেৰুৱালেও অদূৰ ভৱিষ্যতে সৰ্বাধিক দৈৰ্ঘ্যৰ নদী দলংখন অসমতেই হ'ব। খুব সোনকালেই মুকলি হ'ব ৰাজ্যৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা ১৯.২৮২ কিল'মিটাৰ দৈৰ্ঘ্যৰ ধুবুৰী-ফুলবাৰী দলংখন আৰু ধুবুৰী-ফুলবাৰী দলংখন মুকলি হোৱাৰ লগে লগে সেইখনেই হ'ব দেশৰ সৰ্বাধিক দৈৰ্ঘৰ নদী দলং।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰৰ নীতিশ সেতু দেশৰ দীৰ্ঘতম দলং; পৰিচয় হেৰুৱালে অসমৰ ধলা-শদিয়া দলঙে
ব্ৰেজা গাড়ীৰ দাবীত নহয়, কইনা পক্ষই পণবন্দী কৰাৰ বাবেহে ভাঙিছিল বিয়া; আৰক্ষী কনিষ্টবল দৰাই জনালে নিজৰ পক্ষ
যৌতুকৰ লোভ! ব্ৰেজা গাড়ী নাপাই বিয়া ভাঙি উভতি গ’ল আৰক্ষীৰ কনিষ্টবল দৰা
১০ বছৰে ঘৰৰ সদস্য হৈ থকা পোহনীয়া ভাটৌ উৰি গুচি গ’ল; সন্ধান দিওঁতাক ১১ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা
৬ জানুৱাৰীৰ পৰা ৰাজ্যত দুটা পর্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ
হানীমুনত বাৰ্বিকিউৰ জুইত দগ্ধ নৱবিবাহিতা; দুমাহ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ