ডিজিটেল ডেস্ক: ২৬ নৱেম্বৰৰ পৰা অনির্দিষ্ট কালৰ বাবে ৰাজ্যত সকলো বাণিজ্যিক বাহন বন্ধ হৈ যাব। এখন সংবাদমেলযোগে এই কথা ঘোষণা কৰি অসম মটৰ পৰিবহণ সন্থাৰ বিষয়ববীয়াসকলে কয় যে তেওঁলোকৰ কেইটামান প্রধান দাবী যদি ৰাজ্য চৰকাৰে ২৫ নৱেম্বৰৰ ভিতৰত মানি নলয় তেনেহ'লে ২৬ নৱেম্বৰৰ পৰা স্তব্ধ হৈ পৰিব সকলো বাণিজ্যিক বাহনৰ চলাচল।
তেওঁলোকৰ প্ৰধান দাবীসমূহ হ'ল বিজ্ঞানসন্মতভাৱে গাড়ীৰ স্পীড পৰীক্ষা কৰা আৰু কোনো আন্তঃগাঁথনি নোহোৱাকৈ স্পীড পৰীক্ষা বন্ধ কৰা, এছ এম টি আৰু ভি এল ডি টিৰ সকলোৰে বাবে নিজ নিজ জিলাত লগোৱাৰ সুবিধা কৰি দিয়া, অসমৰ প্ৰতিখন জিলাতে ফিটনেছ চার্টিফিকেট দিয়াৰ ব্যৱস্থা কৰা আৰু ন্যায়ালয়ৰ দ্বাৰা ই চালানসমূহ অনতিপলমে নিষ্পত্তি কৰা।
সংবাদমেলখনত সন্থাৰ বিষয়ববীয়াসকলে কয় যে এই দাবীসমূহ পৰিবহণ সন্থাই দীর্ঘদিনৰ পৰা উত্থাপন কৰি অহাৰ পাছতো তেওঁলোকৰ দাবীসমূহৰ প্রতি পৰিবহণ বিভাগে কোনো গুৰুত্ব নিদিয়াত অসম মটৰ পৰিবহণ সন্থাই এই কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হয়।
উৎস: দৈনিক জনমভূমি