--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জম্মু-কাশ্মীৰ আৰক্ষীয়ে যোৱা প্ৰায় ১০ মাহ ধৰি উজাইদৰ সন্ধান চলাই আছিল আৰু তেওঁ জম্মু-কাশ্মীৰত মস্ত ৱাণ্টেড আছিল।

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ আৰক্ষীয়ে মেৰুটৰ পৰা উজাইদ কুৰেশ্বী নামৰ এজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। উজাইদ পাকিস্তানী গেংষ্টাৰ তথা সন্ত্ৰাসবাদী হেণ্ডলাৰ শ্বাহজাদ ভাট্টীৰ সংস্পৰ্শত আছিল। তদন্তকাৰী সংস্থাসমূহৰ তথ্য অনুসৰি, তেওঁ যোৱা প্ৰায় ছমাহ ধৰি জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ হোৱা আন এজন সন্দেহযুক্ত সন্ত্ৰাসবাদী মহম্মদ ছাজিদৰো সংস্পৰ্শত আছিল। দুয়োৰে মাজত অনলাইনযোগে কথা-বতৰা হৈছিল। জম্মু-কাশ্মীৰ আৰক্ষীয়ে যোৱা প্ৰায় ১০ মাহ ধৰি উজাইদৰ সন্ধান চলাই আছিল আৰু তেওঁ জম্মু-কাশ্মীৰত মস্ত ৱাণ্টেড আছিল।


উজাইদ পাকিস্তানৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰা বহু লোকৰ সংস্পৰ্শত আছিল। তেওঁ মেৰুটৰ কোতৱালী থানা এলেকাৰ বানিয়াপাৰাৰ বাসিন্দা। আৰক্ষীয়ে কেইবাদিনো ধৰি উজাইদক বিচাৰি আছিল। আৰক্ষীৰ অভিযানৰ উমান পোৱাৰ পিছতে উজাইদ আৰু তেওঁৰ পৰিয়ালে ঘৰত তলা লগাই পলায়ন কৰিছিল। ইয়াৰ পিছত জম্মু-কাশ্মীৰ আৰক্ষীয়ে তেওঁৰ ঘৰত জাননী আঁৰি বাহু ক'ৰ্ট থানাত উপস্থিত হৈ জবানবন্দী দিবলৈ আৰু তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছিল।


এই গোচৰটোৰ এটা গুৰুত্বপূৰ্ণ সূত্ৰ হৈছে মহম্মদ ছাজিদ, যাক জম্মু-কাশ্মীৰ আৰক্ষীয়ে ২০২৫ চনৰ ২৭ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল। ছাজিদে ভাৰতীয় সেনাৰ ওপৰত আত্মঘাতী আক্ৰমণ চলোৱাৰ প্ৰস্তুতি চলাই আছিল। জানিব পৰা মতে, ছাজিদৰ পিতৃ আছলাম CRPFত কৰ্মৰত। উজাইদে ছাজিদক কৈছিল যে তেৱোঁ ভাৰতীয় সেনাৰ ওপৰত আত্মঘাতী আক্ৰমণ কৰিবলৈ সাজু।


তদন্তৰ সময়ত ছাজিদৰ হোৱাটছএপ গ্ৰুপত উজাইদ কুৰেশ্বীকে ধৰি বহু যুৱক জড়িত থকাৰ তথ্য পোহৰলৈ আহিছিল। আৰক্ষীয়ে জানিব পাৰিছিল যে উজাইদ ছাজিদৰ সংস্পৰ্শত আছিল আৰু তেওঁ মেৰুট সম্পৰ্কীয় কিছু তথ্যও গ্ৰুপটোত শ্বেয়াৰ কৰিছিল। উজাইদ আৰু তেওঁৰ পিতৃয়ে কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁৰ জম্মু-কাশ্মীৰলৈও সঘনাই অহা-যোৱা আছিল।


এটিএছ আৰু চোৰাংচোৱা সংস্থাই উজাইদক জেৰা চলাইছে। মহম্মদ ছাজিদৰ বিৰুদ্ধে যুৱক-যুৱতীসকলক মৌলবাদৰ সৈতে জড়িত কৰোৱা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ আছে। ছাজিদে জম্মুৰ ভাটিন্দী এলেকাত থাকি 'নীট' পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। ছাজিদক জেৰা কৰাৰ সময়তে মেৰুটৰ উজাইদৰ নাম পোহৰলৈ আহিছিল। ইয়াৰ পিছতে নিৰাপত্তা সংস্থাসমূহে তেওঁৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ আৰম্ভ কৰিছিল আৰু অৱশেষত সোমবাৰে মেৰুটৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।


আৰক্ষী অধীক্ষক বিনায়ক গোপাল ভোচলেয়ে জনায় যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে দীৰ্ঘদিন ধৰি উজাইদক বিচাৰি আছিল। বৰ্তমান তেওঁক জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰখা হৈছে।


তেওঁ লগতে জনায় যে এই লোকসকলে এটা চক্ৰ চলাইছিল, য'ত ১৪ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-যুৱকসকলক তেওঁলোকে লক্ষ্য হিচাপে বাছি লৈছিল। জানিব পৰা মতে, ধৃত অভিযুক্তজন এই চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ সৈতে সম্পৰ্ক থকা সন্দেহযুক্ত সন্ত্ৰাসবাদীক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ
প্ৰকৃতিৰ অনুপম সৃষ্টি মৌৰ উপকাৰিতাৰ বিষয়ে জানো আহক
ৰাজ্য চৰকাৰে দাবী মানি নল’লে ২৬ নৱেম্বৰৰ পৰা বন্ধ হ’ব বাণিজ্যিক বাহনৰ চলাচল
বিহাৰৰ নীতিশ সেতু দেশৰ দীৰ্ঘতম দলং; পৰিচয় হেৰুৱালে অসমৰ ধলা-শদিয়া দলঙে
ব্ৰেজা গাড়ীৰ দাবীত নহয়, কইনা পক্ষই পণবন্দী কৰাৰ বাবেহে ভাঙিছিল বিয়া; আৰক্ষী কনিষ্টবল দৰাই জনালে নিজৰ পক্ষ
যৌতুকৰ লোভ! ব্ৰেজা গাড়ী নাপাই বিয়া ভাঙি উভতি গ’ল আৰক্ষীৰ কনিষ্টবল দৰা
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’