ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ অহা ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অৰুণাচল প্রদেশলৈ আহিব। ২০২৪ চনৰ জুন মাহত মুখ্যমন্ত্রী পেমা খাণ্ডুৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো ৰাজ্য ভ্ৰমণ। ভ্রমণসূচী অনুসৰি গৃহমন্ত্ৰীগৰাকীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈ ২২ নৱেম্বৰত দিল্লীলৈ উভতি যাব যদিও এই ভ্ৰমণৰ কোনো নির্দিষ্ট এজেণ্ডা নাই, তথাপি চিয়াং প্রকল্পক লৈ চলি থকা প্রতিবাদ আৰু সৰ্বত্রে অব্যাহত থকা বিতৰ্কৰ প্ৰতি লক্ষ্য কৰি এই বিষয়টো বিস্তৃতভাৱে আলোচনা হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে এই প্রকল্পৰ প্ৰাক-সক্ষমতা প্রতিবেদন (পি এফ আৰ) জৰীপক কেন্দ্ৰ কৰি ৰাজ্যখনত তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদ চলি আছে। ইফালে, বিৰোধী দল আৰু প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰ প্ৰতিবাদক আৰু অধিক তীব্ৰ কৰি তুলিছে।
তদুপৰি, টাছিং অঞ্চলত চীনৰ কথিত অনুপ্ৰৱেশৰ বিষয়টোও এই ভ্রমণকালত পর্যালোচনা কৰা হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ আগতে আনজু জিলাত ২০২৩ চনত কিবিথুৰ পৰা ভাইব্রেন্ট ভিলেজ প্ৰগ্ৰেম আৰম্ভ কৰা গৃহমন্ত্ৰীগৰাকীৰ এইবাৰৰ ভ্রমণে সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষা আৰু উন্নয়নমূলক দিশত বিশেষ তাৎপর্য বহন কৰিছে।