--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ শ্বহীদ হ’ল ভাৰতীয় সেনা জোৱান। জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ  মাচেদি অঞ্চলত সোমবাৰে বিয়লি সন্ত্ৰাসবাদীয়ে সেনাৰ  কনভয়ত এক ভয়ংকৰ  আক্ৰমণ চলায়।  এই আক্ৰমণত   চাৰিজন সেনা জোৱান নিহত হোৱাৰ লগতে  ছজন জোৱান আহত হয়।  মাচেদি-কিন্দলী-মালহাৰ পথত সংঘটিত হৈছে এই ঘটনা। ।আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ  চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। সন্ত্ৰাসবাদীয়ে সেনাৰ কনভয়টোৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে ধাৰাসাৰ  গুলীচালনা কৰে ।

 সেনাই লগে লগে প্ৰত্যুত্তৰ দিয়ে যদিও আক্ৰমণটো ইমানেই ভয়াৱহ আছিল যে সেনাই কি হ’ল সেয়া প্ৰথমে তলকিবই নোৱাৰিলে। এই আক্ৰমণৰ পিছতে সমগ্ৰ এলেকাটো সেনাৰ বিশাল বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী আৰম্ভ কৰিছে। উল্লেখ্য বিগত  ৪৮ ঘণ্টাত জম্মু অঞ্চলত ভাৰতীয় সেনাৰ ওপৰত এয়া  দ্বিতীয়টো আক্ৰমণ। দেওবাৰে ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে  আক্ৰমণ চলাইছিল। একেদৰে দেওবাৰে  কুলগাম জিলাত দুটা পৃথক এনকাউণ্টাৰত  ছজন সন্ত্ৰাসবাদী নিহত  হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী