--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰত   ভাৰতীয় সেনাৰ কনভয়ত সোমবাৰে সন্ত্ৰাসবাদীয়ে চলোৱা ভয়ংকৰ আক্ৰমণত নিহত সেনা জোৱানৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে। একেদৰে আহত জোৱানৰ সংখ্যা ৬ জন হৈছে। । জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ  মাচেদি অঞ্চলত সোমবাৰে বিয়লি সন্ত্ৰাসবাদীয়ে সেনাৰ  কনভয়ত এক ভয়ংকৰ  আক্ৰমণ চলায়।  এই আক্ৰমণত  কালিয়েই চাৰিজন সেনা জোৱান নিহত হোৱাৰ লগতে  ছজন জোৱান আহত হৈছিল। মঙলবাৰে পুনৰ আন এজন জোৱানৰ মৃত্যু ঘটে। মাচেদি-কিন্দলী-মালহাৰ পথত সংঘটিত হৈছিল এই ঘটনা। ।আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ  চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। সন্ত্ৰাসবাদীয়ে সেনাৰ কনভয়টোৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে ধাৰাসাৰ  গুলীচালনা কৰে ।

 সেনাই লগে লগে প্ৰত্যুত্তৰ দিয়ে যদিও আক্ৰমণটো ইমানেই ভয়াৱহ আছিল যে সেনাই কি হ’ল সেয়া প্ৰথমে তলকিবই নোৱাৰিলে। এই আক্ৰমণৰ পিছতে সমগ্ৰ এলেকাটো সেনাৰ বিশাল বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী আৰম্ভ কৰিছে। উল্লেখ্য বিগত  ৪৮ ঘণ্টাত জম্মু অঞ্চলত ভাৰতীয় সেনাৰ ওপৰত এয়া  দ্বিতীয়টো আক্ৰমণ। দেওবাৰে ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে  আক্ৰমণ চলাইছিল। একেদৰে দেওবাৰে  কুলগাম জিলাত দুটা পৃথক এনকাউণ্টাৰত  ছজন সন্ত্ৰাসবাদী নিহত  হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি