--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে লাভ কৰিলে  দুগৰাকী নতুন ন্যায়াধীশ। লক্ষ্যণীয় কথাটো হ’ল প্ৰথমবাৰৰ বাবে মণিপুৰে লাভ কৰিলে উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ।  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ এন কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱানৰ নিযুক্তিতঅনুমোদন জনায়। আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ন্যায়াধীশগৰাকীৰ নিযুক্তিৰ কথা। ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ত  খালী হৈ থকা ন্যায়াধীশৰ পদসমূহ পূৰণ হৈ পৰিল। 


উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পূৰ্বে এই দুগৰাকী ন্যায়াধীশক পদোন্নতিৰ পৰামৰ্শ দিছিল। দুগৰাকীকৈ নতুন ন্যায়াধীশ নিযুক্তিৰ লগে লগে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদকে ধৰি উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ৩৪জনলৈ বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ত নিযুক্তি লাভ কৰা  মণিপুৰৰ প্ৰথমজন ন্যায়াধীশ হিচাবে পৰিগণিত হৈছে  এন কোটিশ্বৰ সিং । বৰ্তমান তেওঁ জম্মু-কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে। এন ইবোটোম্বি সিং মণিপুৰৰ প্ৰথম এডভোকেট জেনেৰেল বা চৰকাৰী অধিবক্তা হৈছিল। ইবোটোম্বি  সিঙৰেই পুত্ৰ ন্যায়াধীশ এন কোটিশ্বৰ সিং।

দিল্লী বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰ এন কোটিশ্বৰ সিঙে ১৯৮৬ চনত অধিবক্তা  হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ মণিপুৰ উচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়তো কাম কৰিছিল। ন্যায়াধীশ হোৱাৰ পূৰ্বে তেওঁ  মণিপুৰ উচ্চ ন্যায়ালয়ত মহাধিবক্তা হিচাপেও কাম কৰিছিল। আনহাতে,  ন্যায়াধীশ মহাদেৱনে বৰ্তমান মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। মাদ্ৰাজ আইন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহাদেৱনে  অধিবক্তা হিচাপে ৯০০০ গোচৰৰ শুনানিত অংশগ্ৰহণ কৰিছে। তেওঁ লগতে তামিলনাডুত চৰকাৰী মহাধিবক্তা  হিচাপেও কাম কৰিছিল। তেওঁ ২০১৩ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাবে  নিযুক্তি লাভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল