--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে লাভ কৰিলে  দুগৰাকী নতুন ন্যায়াধীশ। লক্ষ্যণীয় কথাটো হ’ল প্ৰথমবাৰৰ বাবে মণিপুৰে লাভ কৰিলে উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ।  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ এন কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱানৰ নিযুক্তিতঅনুমোদন জনায়। আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ন্যায়াধীশগৰাকীৰ নিযুক্তিৰ কথা। ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ত  খালী হৈ থকা ন্যায়াধীশৰ পদসমূহ পূৰণ হৈ পৰিল। 


উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পূৰ্বে এই দুগৰাকী ন্যায়াধীশক পদোন্নতিৰ পৰামৰ্শ দিছিল। দুগৰাকীকৈ নতুন ন্যায়াধীশ নিযুক্তিৰ লগে লগে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদকে ধৰি উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ৩৪জনলৈ বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ত নিযুক্তি লাভ কৰা  মণিপুৰৰ প্ৰথমজন ন্যায়াধীশ হিচাবে পৰিগণিত হৈছে  এন কোটিশ্বৰ সিং । বৰ্তমান তেওঁ জম্মু-কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে। এন ইবোটোম্বি সিং মণিপুৰৰ প্ৰথম এডভোকেট জেনেৰেল বা চৰকাৰী অধিবক্তা হৈছিল। ইবোটোম্বি  সিঙৰেই পুত্ৰ ন্যায়াধীশ এন কোটিশ্বৰ সিং।

দিল্লী বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰ এন কোটিশ্বৰ সিঙে ১৯৮৬ চনত অধিবক্তা  হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ মণিপুৰ উচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়তো কাম কৰিছিল। ন্যায়াধীশ হোৱাৰ পূৰ্বে তেওঁ  মণিপুৰ উচ্চ ন্যায়ালয়ত মহাধিবক্তা হিচাপেও কাম কৰিছিল। আনহাতে,  ন্যায়াধীশ মহাদেৱনে বৰ্তমান মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। মাদ্ৰাজ আইন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহাদেৱনে  অধিবক্তা হিচাপে ৯০০০ গোচৰৰ শুনানিত অংশগ্ৰহণ কৰিছে। তেওঁ লগতে তামিলনাডুত চৰকাৰী মহাধিবক্তা  হিচাপেও কাম কৰিছিল। তেওঁ ২০১৩ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাবে  নিযুক্তি লাভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন